Morning Habits to Lose Weight : ওজন হ্ৰাস কৰিবলৈ ৰাতিপুৱা শুই উঠি এই চাৰিটা কাম কৰক…

কিছুমানে ভাবে যে, এসপ্তাহ বা ১৫ দিনৰ ভিতৰত ওজন দ্ৰুতগতিত কমি যাব কিন্তু সেয়া নহয়। যিকোনো ৱৰ্কআউট বা ডায়েটৰ প্ৰভাৱ তিনি সপ্তাহৰ পাছৰ পৰাহে দেখা দিবলৈ আৰম্ভ কৰে। গতিকে আপুনি ওজন কমাবলৈ কোন চাৰিটা কাম কৰিব পাৰে জানক ।

Morning Habits to Lose Weight : ওজন হ্ৰাস কৰিবলৈ ৰাতিপুৱা শুই উঠি এই চাৰিটা কাম কৰক...

ওজন হ্ৰাস কৰাৰ উপায়

Updated On: 

06 Nov 2024 07:13 AM

আজিৰ দিনত প্ৰায় সংখ্যক লোকৰে মেদবহুলতাৰ সমস্যাৰ আছে । ইয়াৰ আঁৰৰ এটা কাৰণ হৈছে বেয়া জীৱনশৈলী আৰু অত্যাধিক মাত্ৰাত জাংক ফুড খোৱা । ওজন বৃদ্ধি নিয়ন্ত্ৰণ নকৰিলে ই বহুতো গুৰুতৰ ৰোগৰ কাৰণ হোৱাৰ সম্ভাৱনা আছে । সুস্থ হৈ থাকিবলৈ ওজন নিয়ন্ত্ৰণ ৰখাটো প্ৰয়োজনীয়। বহুতে ওজন কমাবলৈ চেষ্টা কৰে, কিন্তু ওজন হ্ৰাস কৰাত সফল নহয় । আচলতে ইয়াৰ আঁৰত বহু কাৰণ থাকিব পাৰে যেনে ৰুটিন সঠিকভাৱে পালন নকৰা বা কেইদিনমানৰ পিছত ওজন কমি নাযায় বুলি হাৰ মানি লোৱা।

ওজন যিধৰণে বৃদ্ধি পায়,সেই একেধৰণে ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ কঠিন । কিন্তু অসম্ভৱ নহয়। যদি আপুনি ওজন কমাব বিচাৰে তেন্তে প্ৰথমে ধৈৰ্য্যৰ প্ৰয়োজন। কিছুমানে ভাবে যে, এসপ্তাহ বা ১৫ দিনৰ ভিতৰত ওজন দ্ৰুতগতিত কমি যাব কিন্তু সেয়া নহয়। যিকোনো ৱৰ্কআউট বা ডায়েটৰ প্ৰভাৱ তিনি সপ্তাহৰ পাছৰ পৰাহে দেখা দিবলৈ আৰম্ভ কৰে। গতিকে আপুনি ওজন কমাবলৈ কোন চাৰিটা কাম কৰিব পাৰে জানক ।

ৰাতিপুৱা সোনকালে সাৰ পোৱাৰ অভ্যাস গঢ়ি তোলক

যদি আপুনি ওজন কমাবলৈ আৰু সুস্থ হৈ থাকিব বিচাৰে তেন্তে ৰাতিপুৱা সোনকালে সাৰ পোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে। অৱশ্যে ৰাতি ৭-৮ ঘন্টা টোপনি লোৱাটো জৰুৰী। ইয়াৰ ফলত স্বাস্থ্য আৰু ফিটনেছৰ ওপৰত গুৰুত্ব দিবলৈ সময় পোৱা যায়। ৰাতিপুৱা সাৰ পালে মেজাজ সতেজ হৈ থাকে, আনহাতে দেৰিকৈ সাৰ পালে আৰু দেৰিকৈ শুলে মানসিক চাপ বৃদ্ধি পায় । যাৰ ফলত বিপাকীয় ক্ৰিয়া লেহেমীয়া হয় আৰু ওজন কমাবলৈ অসুবিধাৰ সৃষ্টি হয়।

ৰাতিপুৱা সাৰ পোৱাৰ পিছত পানী খাব লাগে

যদি আপুনি ওজন কমাব বিচাৰে তেন্তে প্ৰতিদিনে ৰাতিপুৱা সাৰ পোৱাৰ পিছত কুহুমীয়া গৰম পানী খাব লাগে । ইয়াৰ বাহিৰেও আপুনি পানীত জিৰা উতলাই খাব পাৰে বা অলপ নেমুৰ ৰস দি পান কৰিব পাৰে। ইয়াৰ ফলত ওজন কমাবলৈ যথেষ্ট সহায়ক হ’ব আৰু শৰীৰৰ পৰা বিষাক্ত পদাৰ্থও আঁতৰি যাব।

দৈনিক খোজ কাঢ়িব

যদি আপুনি ওজন কমাবলৈ কোনো ধৰণৰ ৱৰ্কআউট বা যোগাসন কৰিব নোৱাৰে, তেন্তে দৈনিক খোজ কঢ়াৰ অভ্যাস গঢ়ি তোলক আৰু প্ৰতিদিনৰ বাবে এটা সময় নিৰ্ধাৰণ কৰক । ৰাতিপুৱা আধা ঘণ্টা খোজ কাঢ়িব লাগে আৰু লাহে লাহে সময় বৃদ্ধি কৰিব লাগে । ইয়াৰ লগতে দ্ৰুতভাৱে খোজ কাঢ়িবলৈ চেষ্টা কৰক।

প্ৰটিন সমৃদ্ধ খাদ্য

যদি আপুনি ওজন কমাব বিচাৰে তেন্তে খাদ্যৰ পৰা অস্বাস্থ্যকৰ চৰ্বি হ্ৰাস কৰক আৰু খাদ্যত প্ৰটিন সমৃদ্ধ বস্তু অন্তৰ্ভুক্ত কৰক। ৰাতিপুৱা স্বাস্থ্যসন্মত ব্ৰেকফাষ্ট কৰি ৰাতি অতি লঘু খাদ্য যেনে চূপ আদি খাব লাগে। ব্ৰেকফাষ্টত কণীৰ কুহুম, গজালি মগু, দাইল আদি খাব লাগে। ইয়াৰ উপৰিও দৈনন্দিন খাদ্যত সেউজীয়া শাক-পাচলি অন্তৰ্ভুক্ত কৰক। ব্ৰেকফাষ্ট স্বাস্থ্যকৰ বস্তু খাব লাগে। যেনে ফলমূল আৰু বাদাম আদি।

পুৰণি পাৰ্চটো পেলাই দিয়াৰ পূৰ্বে কৰক এই কাম, অন্যথা আহিব আৰ্থিক সংকট!
আপেলৰ উপকাৰিতাৰ বিষয়ে জানেনে?
দেশৰ এই স্থানত আমিষ খাদ্যৰ ওপৰত আছে নিষেধাজ্ঞা, নিয়ম ভংগ কৰিলে ভুগিব শাস্তি
খেলৰত্ন বঁটা বিজয়ী হিচাপে মনু, গুকেশ, হৰমনপ্ৰীত আৰু প্ৰবীণে কিমান ধন লাভ কৰিব জানেনে?