শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

এইসকল লোকে আলু খোৱাৰ পৰা বিৰত থাকিব লাগে, ইয়াৰ অপকাৰিতা কি ? জানক

যদি আপুনি কোনো স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজি আছে, তেন্তে আলু খোৱাৰ আগতে সাৱধান হোৱাটো প্ৰয়োজন। কোনসকল লোকে আলু খোৱাৰ পৰা বিৰত থাকিব লাগে ? জানক...

এইসকল লোকে আলু খোৱাৰ পৰা বিৰত থাকিব লাগে, ইয়াৰ অপকাৰিতা কি ? জানক
আলু
manas-borah
Manas Borah | Published: 19 Jan 2025 06:58 AM

অসমীয়া পাকঘৰত ব্যৱহাৰ হোৱা এবিধ পাচলি হৈছে আলু । প্ৰায় প্ৰতিখন আঞ্জাতে আলু ব্যৱহাৰ কৰা হয় বুলি ক’ব পাৰি । ইয়াৰ উৎকৃষ্ট সোৱাদৰ বাবে ই সকলোৰে প্ৰিয় পাচলিৰ তালিকাত অন্তৰ্ভুক্ত। কিন্তু আপুনি জানেনে যে, আলু স্বাস্থ্যৰ বাবে ইমান উপকাৰী নহয়। বিশেষকৈ কিছুমান স্বাস্থ্যজনিত সমস্যা থাকিলে অত্যাধিক আলু খালে আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে।

আলুত অধিক পৰিমাণে কাৰ্বহাইড্ৰেট আৰু কেলৰি থাকে, যাৰ বাবে ই শক্তিৰ এক উত্তম উৎস। কিন্তু এই অতিৰিক্ত কেলৰি আৰু ষ্টাৰচে কিছুমান মানুহৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। যদি আপুনি কোনো স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজি আছে, তেন্তে আলু খোৱাৰ আগতে সাৱধান হোৱাটো প্ৰয়োজন। কোনসকল লোকে আলু খোৱাৰ পৰা বিৰত থাকিব লাগে ? জানক…

ডায়েবেটিছ ৰোগী : আলুৰ গ্লাইচেমিক ইনডেক্স (GI)ৰ হাৰ অধিক, যাৰ ফলত তেজত চুগাৰৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি পাব পাৰে। এনে পৰিস্থিতিত ডায়েবেটিছ ৰোগীয়ে আলু খোৱাৰ পৰা বিৰত থাকিব লাগে। আনহাতে যদি আপুনি ইয়াক খাব বিচাৰে তেন্তে ইয়াক উতলাই ঠাণ্ডা কৰাৰ পিছত খাওক, যাতে ইয়াৰ গ্লাইচেমিক ইনডেক্স হ্ৰাস পাব পাৰে।

মেদবহুলতা: আলুত কেলৰি আৰু কাৰ্বহাইড্ৰেট বেছি থাকে । গতিকে আলু খালে মেদবহুল লোকৰ ওজন আৰু বৃদ্ধি কৰিব পাৰে। গতিকে মেদবহুলতাত ভোগা লোকসকলে আলুৰ সলনি আঁহযুক্ত শাক-পাচলি খাব লাগে।

হৃদৰোগ থকা লোক: ভজা আলু বা আলুৰ চিপচত অধিক পৰিমাণে ট্ৰেন্স ফেট আৰু নিমখ থাকে । ইয়াৰ ফলত হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। গতিকে হৃদৰোগত আক্ৰান্ত লোকে আলু কমকৈ খাব লাগে, পাৰিলে একেবাৰে নাখাব।

উচ্চ ৰক্তচাপ ৰোগী: আলুত প্ৰাকৃতিকভাৱে বেছি ছডিয়াম নাথাকে যদিও ভজা আলু আৰু পেকেটত ভজা খাদ্যত ছডিয়ামৰ পৰিমাণ বৃদ্ধি পায়। এনে পৰিস্থিতিত উচ্চ ৰক্তচাপ ৰোগীয়ে ভজা আলু পৰিহাৰ কৰিব লাগে।

বৃক্কৰ সমস্যা থকা লোক: আলুত অধিক পৰিমাণে পটাছিয়াম থাকে, যাৰ ফলত বৃক্কৰ সমস্যা বৃদ্ধি পাব পাৰে। এনে পৰিস্থিতিত কিডনী ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ লৈহে আলু খাব লাগে।

Latest News