শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Summer Best Places : আপুনি ফুৰিবলৈ যাব বিচাৰিছে নেকি? গ্ৰীষ্মকালত এই স্থানসমূহত অনুভৱ কৰিব স্বৰ্গ সুখ!

গৰমৰ বন্ধ সমাগত। এই সময়ছোৱাত সকলোৱে বিভিন্ন স্থানত বা প্ৰাকৃতিক পৰিৱেশত সময় কটা। যদিহে আপুনিও পৰিয়াল বা বন্ধু-বৰ্গৰ সৈতে ফুৰিবলৈ যাব বিচাৰে, তেন্তে উত্তৰ-পূব ভাৰতৰ প্ৰকৃতিৰ মনোৰম দৃশ্যই মন্ত্ৰমুগ্ধ কৰিব আপোনাক।

Summer Best Places : আপুনি ফুৰিবলৈ যাব বিচাৰিছে নেকি? গ্ৰীষ্মকালত এই স্থানসমূহত অনুভৱ কৰিব স্বৰ্গ সুখ!
এই স্থানসমূহত অনুভৱ কৰিব স্বৰ্গ সুখ!
barasha-misra
Barasha Misra | Published: 23 Apr 2025 16:06 PM

যদি আপুনি গৰমৰ বন্ধৰ দিনকেইটা বিশেষ আৰু স্মৰণীয় কৰি তুলিব বিচাৰে, তেন্তে উত্তৰ-পূব ভাৰত আপোনাৰ বাবে এক নিখুঁত গন্তব্যস্থান হ’ব পাৰে। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য, শীতল বতাহ, আৰু স্থানীয় সংস্কৃতিৰ আনন্দই আপোনাৰ ভ্ৰমণক অতি বিশেষ কৰি তুলিব। জীৱনৰ ব্যস্ততাৰ গতিৰ পৰা বিৰতি লৈ উত্তৰ-পূব ভাৰতৰ এক আৰামদায়ক ভ্ৰমণ উপভোগ কৰিব পাৰিব।

মাউলিননংঃ মেঘালয়ত গ’লে আপুনি অনুভৱ কৰিব পাৰিব প্ৰকৃতিৰ সৌন্দৰ্য। মেঘালয় ৰাজ্যত অৱস্থিত এখন সৰু গাওঁ মাউলিননং। Mawlynnong পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু। কিন্তু এই গাঁওখন কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে বিখ্যাত। এই গাঁৱখনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে লিভিং ৰুট ব্ৰীজ। এইখন এখন শিপাৰ দলং, যি ৰবৰ গছৰ পৰা নিৰ্মাণ হৈছে । এই গাঁওখন পৰিষ্কাৰ হোৱাৰ বাবে ইয়াত কোনো প্ৰদূষণ নাই। এই গাঁৱৰ মানুহে পৰম্পৰাগত খেতি পদ্ধতি অনুসৰণ কৰে। ইক’ টুৰিজিম উপভোগ কৰিবলৈ এই গাঁওখনলৈ যাব পাৰে। ইয়ালৈ অহা লোকসকলে বাঁহেৰে সজা ঘৰত থাকি গাঁওখনৰ মনোমোহা দৃশ্য চাব পাৰে। গতিকে গৰমৰ দিনত এই ঠাই ভ্ৰমণৰ বাব উপযুক্ত। এই স্থানত যাবলৈ স্থানীয় গাড়ী উপলব্ধ।

হাফলংঃ হাফলং ডিমা হাছাও জিলাত অৱস্থিত অসমৰ একমাত্ৰ পৰ্বতীয়া ষ্টেচন বা আস্থান। ইয়াৰ সাগৰৰ পৰা উচ্চতা প্ৰায় ৬৮০ মিটাৰ৷ অসমৰ পৰ্বতীয়া অঞ্চলসমূহৰ ভিতৰত হাফলং অন্যতম৷ “Haflau” বা “Hangkhlong” শব্দৰ পৰা হাফলং চহৰৰ নাম উদ্ভৱ হোৱা বুলি অনুমান কৰা হয়৷ ডিমাছা ভাষাত ইয়াৰ অৰ্থ হৈছে পৰুৱাৰ পৰ্বত (Ant Hill)৷ অন্যহাতে জেমি নগাসকলৰ মত অনুসৰি এই নামটো হাফলঙৰ ঐতিহাসিকভাৱে মালিকীস্বত্ব থকা Hamlong নামৰ এজন ব্যক্তিৰ নামেৰে সৃষ্টি হয়। হাফলঙৰ প্ৰাকৃতিক পৰিৱেশে সকলোকে আকৰ্ষিত কৰে। পাহাৰীয়া চহৰ হাফলং পাইন গছৰ দ্বাৰা আবৃত আৰু নীলা অৰ্কিডৰে ভৰা। হাফলঙত প্ৰধানকৈ হাফলং হিন্দী, ডিমাছা, মাৰ আৰু বঙালী ভাষা প্ৰচলিত৷ ইয়াৰোপৰি অসমীয়া আৰু নেপালী ভাষাও ইয়াত প্ৰচলিত। এই সময়খিনিত হাফলং আৰু উমৰাংছুত পৰ্যটকৰ সংখ্যা বহু পৰিমাণে বৃদ্ধি পাইছে।

লুংলেই, মিজোৰামঃ লুংলেইৰ অৰ্থ হৈছে ‘শিলৰ দলং’। এইখন মিজোৰামৰ অন্যতম ধুনীয়া ঠাই, য’ত সেউজীয়া অৰণ্য, নিস্তব্ধ পাহাৰ আৰু আচৰিত দৃশ্যই আপোনাক আকৰ্ষণ কৰে। ইয়াৰ প্ৰাকৃতিক ট্ৰেকিং ট্ৰেইল আৰু মিজো সংস্কৃতিৰ আভাসে এই ঠাইখনক বিশেষ কৰি তোলে।

পেলিংগ, ছিকিমঃ ছিকিমৰ পেলিংগ হিমালয়ৰ পাদদেশত অৱস্থিত এখন ধুনীয়া চহৰ। ইয়াৰ পৰাই কাঞ্চনজংগাৰ বৰফেৰে আবৃত শৃংগবোৰৰ দৃশ্য চাবলগীয়া। পেলিঙৰ ৰাবডেন্টচে ধ্বংসাৱশেষ, পেমায়াংচে মঠ আৰু জলপ্ৰপাতৰ দৰে আকৰ্ষণীয় স্থান আছে। দুঃসাহসিক অভিযানৰ প্ৰতি আকৰ্ষিত লোকসকলে ইয়াত ট্ৰেকিং আৰু চৰাই চোৱাৰ আনন্দ ল’ব পাৰে।

জিৰ’, অৰুণাচল প্ৰদেশঃ অৰুণাচল প্ৰদেশৰ জিৰ’ উপত্যকাৰ প্ৰাকৃতিক দৃশ্য, ধাননি পথাৰ আৰু জনজাতিৰ অনন্য সংস্কৃতিৰ বাবে জনাজাত। জানুৱাৰী মাহত ইয়াত থকা ঠাণ্ডা বতৰে উপত্যকাৰ সৌন্দৰ্য আৰু অধিক বৃদ্ধি কৰে। এই ঠাইখন হাইকিং, ফটোগ্ৰাফী আৰু শান্ত পৰিৱেশ উপভোগ কৰাৰ বাবে একেবাৰে উপযুক্ত।

চেৰাপুঞ্জী, মেঘালয়ঃ চেৰাপুঞ্জীত বহু ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ লগতে জলপ্ৰপাত, পাহাৰ আৰু শিপাৰে নিৰ্মিত জীৱন্ত দলঙৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত। ইয়াৰ শীতল জলবায়ু আৰু শান্তিপূৰ্ণ। জানুৱাৰী মাহত আৰু অধিক সুন্দৰ হৈ পৰে। মাউছমাই গুহা, নোহকালিকাই জলপ্ৰপাত, আৰু ডাউকীৰ দৰে আকৰ্ষণে প্ৰকৃতি আৰু দুঃসাহসিক ক্ৰীড়া প্ৰেমীৰ বাবে ভাল লগাই তোলে।

দাৰ্জিলিং, পশ্চিম বংগঃ পূব হিমালয়ৰ কোলাত অৱস্থিত দাৰ্জিলিঙক ‘পাহাৰৰ ৰাণী’ বুলি কোৱা হয়। ইয়াৰ চাহ বাগিচা, টাইগাৰ হিলৰ পৰা সূৰ্য্য উদয়, আৰু দাৰ্জিলিং হিমালয়ান ৰে’লৱেৰ যাত্ৰাই আপোনাৰ ভ্ৰমণ স্মৰণীয় কৰি তুলিব। জানুৱাৰী মাহত ইয়াৰ ঠাণ্ডা বতৰ আৰু বৰফৰ দৃশ্যই আকৰ্ষিত কৰি তুলিব।

উত্তৰ পূৰ্বাঞ্চলত ভ্ৰমণ কৰাটো বেলেগ মজা

শান্তিপূৰ্ণ পৰিৱেশ, সুন্দৰ দৃশ্য, স্থানীয় পৰম্পৰাই আপোনাক এখন নতুন পৃথিৱীলৈ লৈ যায়। ঠাণ্ডাৰ সময়ত এই ঠাইখনৰ সৌন্দৰ্য আৰু অধিক বৃদ্ধি পায়, যাৰ বাবে ইয়াক ভ্ৰমণৰ বাবে একেবাৰে উপযুক্ত কৰি তোলে। আপুনি যদি দুঃসাহসিক কৰ্ম ভাল পায় বা প্ৰকৃতিপ্ৰেমী হয়, নৰ্থ-ইষ্ট আপোনাৰ বাবে উত্তম।