অকালতে দৃষ্টিশক্তি কমিছে নেকি? খাদ্যত অন্তৰ্ভুক্ত কৰক এইসমূহ বস্তু…
এই ডিজিটেল যুগত ঘণ্টাৰ পিছত ঘণ্টা মোবাইল আৰু লেপটপত সয়ম কটোৱাটোৱে আমাৰ দৃষ্টিশক্তিত গভীৰ প্ৰভাৱ পেলাইছে। যাৰ কম বয়সতে মানুহৰ দৃষ্টিশক্তি ম্লান হৈ পৰিছে। যদি আপোনাৰো দৃষ্টিশক্তিও দুৰ্বল হৈ আহিছে তেন্তে আজিৰ পৰাই আপোনাৰ খাদ্য তালিকাত কিছুমান প্ৰয়োজনীয় বস্তু অন্তৰ্ভুক্ত কৰক।

দৃষ্টিশক্তি
বৰ্তমানৰ ডিজিটেল জগতখনত ঘণ্টাৰ পিছত ঘণ্টা মোবাইল আৰু কম্পিউটাৰৰ পৰ্দালৈ চাই থকা আৰু অস্বাস্থ্যকৰ খাদ্যৰ বাবে আমাৰ চকুৰ স্বাস্থ্যৰ ওপৰত গভীৰ প্ৰভাৱ পৰিছে। আগতে বয়স বৃদ্ধিৰ লগে লগে দৃষ্টিশক্তি ক্ৰমান্বয়ে কমি আহিছিল যদিও এতিয়া কম বয়সতে চশমা পিন্ধাটো সাধাৰণ হৈ পৰিছে। শিশু হওক বা প্ৰাপ্তবয়স্ক, সকলো বয়সৰ মানুহে এতিয়া চকুৰ ভাগৰুৱা, দৃষ্টিশক্তি ম্লান হোৱা, বিৰক্তি বা পানী ওলোৱা আদি সমস্যাৰ সৈতে যুঁজিছে। কিন্তু আপুনি জানেনে যে এই সমস্যাবোৰৰ পৰা হাত সাৰিবলৈ কেৱল ঔষধ বা চশমাৰ ওপৰত নিৰ্ভৰ কৰাটো প্ৰয়োজনীয় নহয়।
আমাৰ খাদ্যাভ্যাস অৰ্থাৎ আমি প্ৰতিদিনে যি খাওঁ, ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ আমাৰ চকুৰ স্বাস্থ্যৰ ওপৰত পৰে। ভিটামিন এ, চি, ই, ওমেগা-৩ ফেটি এচিড, জিংক আদি কিছুমান পুষ্টিকৰ উপাদানে আমাৰ দৃষ্টিশক্তি চোকা কৰি ৰখাত সহায় কৰে। ইচ্ছা কৰিলে সঠিক খাদ্যৰ দ্বাৰা আপুনি চকুৰ দৃষ্টিশক্তি বজাই ৰখাই নহয় ক্ৰমান্বয়ে ইয়াক উন্নত কৰিব পাৰে। এই প্ৰতিবেদনত আমি আপোনালোকক ক’ম যে, কি কি বস্তু খাদ্যত অন্তৰ্ভুক্ত কৰিলে আপোনাৰ চকুৰ স্বাস্থ্য উন্নত কৰিব পাৰি।
১) পালেং আৰু সেউজীয়া পাতৰ শাক-পাচলি
পালেং , মেথি, সৰিয়হৰ পাত আদিৰ দৰে সেউজীয়া শাক-পাচলিত প্ৰচুৰ পৰিমাণে লুটিন (Lutein) আৰু জিক্সান্থিন (Zeaxanthin) পোৱা যায়। এই দুয়োটা এন্টিঅক্সিডেন্টে সূৰ্যৰ UV ৰশ্মি আৰু নীলা পোহৰৰ ফলত হোৱা ক্ষতিৰ পৰা চকুক ৰক্ষা কৰে।
২) চৰ্বিযুক্ত মাছ (যেনে ছালমন, টুনা)
যদি আপুনি নন-ভেজ খায় তেন্তে নিশ্চিতভাৱে মাছ খাব। চৰ্বিযুক্ত মাছত প্ৰচুৰ পৰিমাণে ওমেগা-৩ ফেটি এচিড থাকে, যিয়ে চকুৰ শুকান আৰু ৰেটিনাৰ দুৰ্বলতা দূৰ কৰাত সহায় কৰে। চকুৰ দৃষ্টিশক্তি বৃদ্ধিৰ বাবে মাছ অতি উপকাৰী।
৩) কণী
কণীৰ কুহুম (হালধীয়া অংশ)তো লুটিন, জিএক্সান্থিন আৰু জিংক পোৱা যায়, যিয়ে চকুক সুৰক্ষা প্ৰদান কৰে। যদি আপুনি প্ৰতিদিনে ১টা সিজোৱা কণী খায় তেন্তে আপোনাৰ চকু দুটা দীৰ্ঘদিনলৈ সুস্থ হৈ থাকিব পাৰে।
৫) ফলমূল বিশেষকৈ কমলা, আম আৰু অমিতা
এই ফলবোৰত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু এ থাকে, যিয়ে চকুৰ কোষক সুস্থ কৰি ৰখাত সহায় কৰে। অমিতা আৰু আমত বিটা-কেৰটিন পোৱা যায়, যিটো চকুৰ স্বাস্থ্যৰ বাবে উপকাৰী।
৫) নহৰু আৰু পিয়াঁজ
নহৰু আৰু পিঁয়াজত চালফাৰ (Sulphur) থাকে, যিয়ে চকুৰ বাবে অপৰিহাৰ্য গ্লুটাথিয়ন নামৰ এন্টিঅক্সিডেন্ট উৎপাদনত সহায় কৰে। এইবোৰে চকুৰ বিষমুক্ত কৰাৰ কাম কৰে।