5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

নিশা ভালদৰে টোপনি নাহে নেকি? খাওক এইবিধ বস্তু, আহিব গভীৰ টোপনি…

পুষ্টিকৰ খাদ্য আৰু শাৰীৰিক ব্যায়ামৰ সমান্তৰালকৈ সুস্বাস্থ্যৰ বাবে আমাক ভাল টোপনিৰো প্ৰয়োজন। ভাল টোপনিৰ বাবে স্বাস্থ্য বিশেষজ্ঞসকলেও বহু পৰামৰ্শ আগবঢ়ায়। কিন্তু ব্যস্ত জীৱনশৈলীৰ বাবে আপুনি যদি এই পৰামৰ্শবোৰ মানি চলিব পৰা নাই, এক সাধাৰণ বিধানে এইক্ষেত্ৰত আপোনাক যথেষ্ট সহায় কৰিব পাৰে। এই বিষয়ে চাওঁ আহক।

নিশা ভালদৰে টোপনি নাহে নেকি? খাওক এইবিধ বস্তু, আহিব গভীৰ টোপনি…
প্ৰতিনিধিত্বমূলক ছবি
monjit-dutta
Monjit Dutta | Published: 12 Dec 2024 18:44 PM

সুস্বাস্থ্যৰ বাবে পুষ্টিকৰ খাদ্য আৰু শাৰীৰিক ব্যায়ামৰ সমান্তৰালকৈ আমাক ভাল টোপনিৰো প্ৰয়োজন। টোপনি ভাল নহ’লে আমি দৈহিক তথা মানসিকভাৱে ভাগৰুৱা অনুভৱ কৰি থাকোঁ। নিশা ভালদৰে টোপনি নাহিলে আমাৰ দেহত বহু ৰোগেও আক্ৰমণ কৰাৰ সম্ভাৱনা বৃদ্ধি পায়। বৰ্তমানৰ কৰ্মব্যস্ত জীৱনত স্বাভাৱিকতেই সকলোৱে দিনজোৰা ব্যস্ততাৰ অন্তত নিশা ভালদৰে শোৱাৰ ইচ্ছা কৰে। কিন্তু কামৰ হেঁচা, মানসিক চাপ বা মোবাইল, লেপটপৰ ব্যৱহাৰৰ বাবে বহু সময়ত এয়া সম্ভৱপৰ হৈ নুঠে। ভাল টোপনিৰ বাবে স্বাস্থ্য বিশেষজ্ঞসকলেও বহু পৰামৰ্শ আগবঢ়ায়।

শুবলৈ লোৱাৰ এক নিৰ্দিষ্ট সময়ৰ পূৰ্বে আহাৰ গ্ৰহণ কৰা, কিছু সময় খোজ কঢ়া বা ধ্যান কৰা আদি বিভিন্ন পৰামৰ্শ আগবঢ়ায় বিশেষজ্ঞসকলে। স্বাস্থ্য বিশেষজ্ঞসকলৰ এনে পৰামৰ্শ বহু লোকে যথাসম্ভৱ মানি চলে। কিন্তু ব্যস্ততাপূৰ্ণ ৰুটিনৰ পিছত বহু লোকে এই সকলোবোৰ কৰিবলৈ সময় নাপায়। যদি আপুনিও ব্যস্ত জীৱনশৈলীৰ বাবে এই নিয়মবোৰ মানি চলিব পৰা নাই, এক সাধাৰণ বিধানে এইক্ষেত্ৰত আপোনাক যথেষ্ট সহায় কৰিব পাৰে।

আমাৰ সকলোৰে ঘৰত সাধাৰণতে উপলব্ধ এবিধ সাধাৰণ খাদ্য সামগ্ৰী এইক্ষেত্ৰত আপোনাৰ বাবে মহৌষধি হিচাপে বিবেচিত হ’ব পাৰে। এই খাদ্য সামগ্ৰীবিধ খোৱাৰ পিছত আপুনি গভীৰ টোপনিৰ প্ৰশান্তি লাভ কৰিব। বহু লোকে নিশাৰ আহাৰ খোৱাৰ পিছত কোনো মিঠাই খাবলৈ ইচ্ছা কৰে। বহু লোকে আকৌ গাখীৰ বা বাদাম খায়। এই খাদ্যসমূহৰ উপৰিও আহাৰ খোৱাৰ পিছত চফ খোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে।

বিশেষজ্ঞসকলৰ মতে নিশা আহাৰ খোৱাৰ পিছত চফ খালে শান্তিপূৰ্ণ আৰু গভীৰ টোপনিৰ প্ৰশান্তি লাভ কৰিব পাৰে। চফ খালে বহু উপকাৰ পোৱা যায়। এনে উপকাৰিতাৰ বিষয়ে জানো আহক-

টোপনি ভাল হয়ঃ চফ খালে গেছ আৰু এচিডিটিৰ সমস্যাত সকাহ পোৱা যায়। কিছুমান লোকে ৰাতিৰ আহাৰ খোৱাৰ পিছতো গেছ আৰু এচিডিটিৰ বাবে অশান্তিত ভুগি থকা দেখিবলৈ পোৱা যায়। এনে পৰিস্থিতিত যদি তেওঁলোকে চফ খায়, এনে সমস্যাৰ পৰা সকাহ লাভ কৰে। চফে গেষ্ট্ৰিক এনজাইম উৎপাদনত সহায় কৰে, যিয়ে পাচনতন্ত্ৰ শক্তিশালী কৰে। ইয়াৰ উপৰিও চফত থকা বেটনিনে টোপনিৰ সহায়ক হৰম’ন উৎপাদনতো সহায় কৰে। যাৰ বাবে আপুনি ভাল টোপনি মাৰিব পাৰে।

মানসিক চাপৰ মাত্ৰা হ্ৰাস পায়ঃ বহু লোকে নিশা মানসিক চাপৰ বাবে অসুবিধাৰ সন্মুখীন হৈ থাকে। এনে পৰিস্থিতিত চফ আপোনাৰ বাবে উপকাৰী হ’ব পাৰে। চফত এন্টিঅক্সিডেন্ট আৰু প্ৰাকৃতিক ফাইটোকেমিকেল পোৱা যায়, যিয়ে মানসিক চাপ কমোৱাত সহায় কৰে। এনে পৰিস্থিতিত আপুনি শিথিলতা অনুভৱ কৰে আৰু ৰাতি আৰামত শুব পাৰে।

বিষমুক্তকৰণঃ ৰাতি চফ খালেও শৰীৰৰ বিষমুক্ত হয় অৰ্থাৎ শৰীৰৰ পৰা অপকাৰী দ্ৰব্যবোৰ নিষ্কাষিত হয়। শৰীৰৰ বিষমুক্তকৰণে স্বাস্থ্য ভাল কৰি ৰাখে আৰু ছালখনো সুস্থ কৰি ৰাখে। লগতে নিশা ভালদৰে টোপনি যোৱাতো সহায়ক হয়।

Latest News