ক’ভিদৰ পিছত কিয় বৃদ্ধি পাইছে হাৰ্ট এটেকৰ ঘটনা! AIIMS-এ কৰিলে বিশ্লেষণ
ক’ভিদ মহামাৰীৰ গ্ৰাসৰ পৰা মুক্ত হোৱাৰ পিছতে ভাৰতকে ধৰি বিশ্বৰ প্ৰায় স্থানত হাৰ্ট এটেকৰ ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। এই বিষয়ত শেহতীয়া সময়ছোৱাত যথেষ্ট চৰ্চা হৈছে। বিশেষজ্ঞসকলৰ দাবী, ক’ভিদৰ পিছত হাৰ্ট এটেকৰ ঘটনা বৃদ্ধিৰ আঁৰৰ কাৰণ জানিব পৰা গৈছে। এইমছত আয়োজিত আন্তঃৰাষ্ট্ৰীয় ফাৰ্মাক’লজী সন্মিলনত বিশেষজ্ঞসকলে এই দাবী উত্থাপন কৰে।
প্ৰায় ডেৰ বছৰ ধৰি সমগ্ৰ বিশ্বত ক’ভিদ মহামাৰীয়ে আতংকৰ সৃষ্টি কৰিলে। এই ক’ভিদ মহামাৰীৰ গ্ৰাসৰ পৰা মুক্ত হোৱাৰ পিছতে ভাৰতকে ধৰি বিশ্বৰ প্ৰায় স্থানত হাৰ্ট এটেকৰ ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। এই বিষয়ত শেহতীয়া সময়ছোৱাত যথেষ্ট চৰ্চা হৈছে। বিশেষজ্ঞসকলৰ দাবী, ক’ভিদৰ পিছত হাৰ্ট এটেকৰ ঘটনা বৃদ্ধিৰ আঁৰৰ কাৰণ জানিব পৰা গৈছে। এইমছত আয়োজিত আন্তঃৰাষ্ট্ৰীয় ফাৰ্মাক’লজী সন্মিলনত বিশেষজ্ঞসকলে এই দাবী উত্থাপন কৰে।
বিশেষজ্ঞসকলে দাবী কৰিছে যে এনে ঘটনা বৃদ্ধিৰ আঁৰৰ কাৰণ হৈছে মগজুৰ পৰা নিৰ্গত হোৱা কেটেকোলামাইন হৰম’নৰ লগতে অক্সিডেটিভ ষ্ট্ৰেছ। দৰাচলতে শৰীৰত এন প্ৰটিন থাকে। এইবোৰ এচি ২ দ্বাৰা নিয়ন্ত্ৰিত হয়। শৰীৰত যেতিয়া অক্সিডেটিভ ষ্ট্ৰেছ বাঢ়ে তেতিয়া হৃদস্পন্দনৰ গতি বৃদ্ধি পায়। ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ মগজুৰ পৰা কেটেকোলামাইন হৰম’ন নিৰ্গত হয়।
এই কেটেকোলামাইন হৰম’নৰ কাম হৈছে হৃদযন্ত্ৰ নিয়ন্ত্ৰণ কৰা, কিন্তু অত্যধিক পৰিমাণে নিৰ্গত হোৱাৰ বাবে ই হৃদযন্ত্ৰৰ পাম্প বন্ধ কৰি দিয়ে, যাৰ ফলত ৰোগীৰ মৃত্যু হয়। দিল্লী ফাৰ্মাচিউটিকেল ছায়েন্স এণ্ড ৰিচাৰ্চ ইউনিভাৰ্চিটিৰ প্ৰাক্তন উপাচাৰ্য তথা ইণ্টাৰনেশ্যনেল একাডেমী অৱ কাৰ্ডিঅ’ভাস্কুলাৰ ছায়েন্সৰ সভাপতি ডাঃ ৰমেশ গোৱালে এই সন্মিলনত কয় যে Covid-এ এঞ্জিওটেনচিন-কনভাৰটিং এনজাইম ২ (ACE2)ক প্ৰভাৱিত কৰিছে।
ইয়াৰ ফলত চাইট’কাইনৰ সমগ্ৰ গঠন সলনি হয় বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে এনে পৰিস্থিতিত শৰীৰত হঠাৎ চাইট’কাইনেছিছ বা প্ৰদাহজনিত চিহ্নিতকাৰী বাঢ়ি যায়, যাৰ বাবে তেজ ঘন হ’বলৈ আৰম্ভ কৰে। ইয়াৰ ফলত হৃদযন্ত্ৰৰ স্নায়ুত চাপ পৰে আৰু তাৰ পিছত হৃদযন্ত্ৰ বন্ধ হৈ পৰে। ডাক্তৰ গোৱালে লগতে কয় যে ক’ভিদৰ ফলত হোৱা ফাইব্ৰ’ছিছৰ বাবে শৰীৰৰ এই ব্যৱস্থাটো অৱনতি ঘটে।
তেওঁ কয় যে দীঘলীয়া ক’ভিদ, এট্ৰিয়েল ফাইব্ৰিলেচনৰ বাবে হৃদযন্ত্ৰৰ পেশীবোৰে ভালদৰে কাম কৰিব পৰা নাই আৰু সেইবাবেই হঠাৎ কোনো লোকৰ মৃত্যু ঘটিছে। ইয়াৰ বহু কাৰণ থাকিব পাৰে বুলি উল্লেখ কৰি বিশেষজ্ঞ চিকিৎসকগৰাকীয়ে লগতে প্ৰদূষণো ইয়াৰ এটা প্ৰধান কাৰণ বুলি জানিবলৈ দিয়ে। ইফালে এইমছৰ কমিউনিটি মেডিচিনৰ অধ্যাপক ডাঃ আনন্দ কৃষ্ণনে কয় যে ৫৫% ৰোগীয়ে হাৰ্ট এটেকৰ ভয়াৱহতা বুজিব নোৱাৰি মৃত্যুবৰণ কৰে।
সেয়ে হাৰ্ট এটেকৰ লক্ষণ দেখা দিলে লগে লগে চিকিৎসালয়ত উপস্থিত হ’ব লাগে বুলি তেওঁ জানিবলৈ দিয়ে। যদি এনে পদক্ষেপ গ্ৰহণ কৰা হয় তেন্তে ৰোগীৰ প্ৰাণ ৰক্ষা কৰিব পৰাৰ সম্ভাৱনাও বৃদ্ধি পায় বুলি উল্লেখ কৰে ডাঃ আনন্দ কৃষ্ণনে। তেওঁ লগতে বুকুত বিষ হ’লেই তাৎক্ষণিকভাৱে সতৰ্ক হোৱাটো জৰুৰী বুলি জানিবলৈ দিয়ে। লগতে যিসকল পূৰ্বৰে পৰা হৃদৰোগত আক্ৰান্ত, তেওঁলোক অধিক সাৱধান হোৱা উচিত বুলি কৃষ্ণনে কয়।