Exercise at Home : প্ৰদূষণৰ বাবে প্ৰাতঃভ্ৰমণলৈ যোৱাৰ পৰিৱৰ্তে এনেদৰে ঘৰতে কৰক শৰীৰ চৰ্চা…
বৰ্ধিত প্ৰদূষণৰ বাবে প্ৰতিদিনে যদি আপুনি ৰাতিপুৱা খোজ কাঢ়িবলৈ ওলাই যায় তেন্তে ই আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে । এনে পৰিস্থিতিত আপুনি নিজকে সুস্থ কৰি ৰাখিবলৈ ঘৰতে বহুতো পদ্ধতি গ্ৰহণ কৰিব পাৰে।
ৰাতিপুৱাৰ প্ৰাতঃভ্ৰমণ আমাৰ শৰীৰৰ বাবে অধিক উপকাৰী বুলি গণ্য কৰা হয় । ই আমাক ফিট আৰু সুস্থ কৰি ৰখাত সহায় কৰে । কিন্তু এই সময়ত প্ৰদূষণ বহু পৰিমাণে বাঢ়িছে । দিপাৱলীৰ অনিয়ন্ত্ৰীতভাৱে ফটকা ফুটোৱাৰ বাবে গুৱাহাটী, নগাঁওকে ধৰি ৰাজ্যৰ কেইবাখনো জিলাৰ বায়ু প্ৰদূষণ সাংঘাতিক ধৰণে হোৱা দেখা যায় । মন কৰিবলগীয়া যে, এনে প্ৰদূষণৰ বাবে হাপানী, হৃদৰোগ, অন্যান্য হাওঁফাওঁৰ ৰোগ, ছালৰ এলাৰ্জী আৰু চকুৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় । বিশেষকৈ যিসকলৰ ইতিমধ্যে স্বাস্থ্যজনিত সমস্যা আছে তেওঁলোকে অধিক সাৱধান হোৱা প্ৰয়োজন।
বৰ্ধিত প্ৰদূষণৰ বাবে প্ৰতিদিনে যদি আপুনি ৰাতিপুৱা খোজ কাঢ়িবলৈ ওলাই যায় তেন্তে ই আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে । এনে পৰিস্থিতিত আপুনি নিজকে সুস্থ কৰি ৰাখিবলৈ ঘৰতে বহুতো পদ্ধতি গ্ৰহণ কৰিব পাৰে।
নিয়মীয়া ব্যায়াম
ঘৰতে নিয়মিতভাৱে ব্যায়াম কৰক । ঘৰতে আপুনি আপোনাৰ সময় অনুসৰি যোগাসন, ষ্ট্ৰেচিং বা এৰোবিক্সৰ দৰে ব্যায়াম কৰিব পাৰে । আপুনি জাম্পিং জেক আৰু জুম্বা ডান্সও কৰিব পাৰিব। ঘৰতে আপুনি কিছু সময় উলিয়াই খোজ কাঢ়িব পাৰে । যদি ঘৰত ঠাই আছে তেন্তে তাতেই খোজ কাঢ়িব পাৰে ।
খাদ্য
উৎসৱৰ বতৰত অতিমাত্ৰা খাদ্য খোৱা আৰু বাহিৰৰ পৰা অস্বাস্থ্যকৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে । ইয়াৰ বাবে ঘৰতে ৰন্ধা খাদ্য খাব লাগে । স্বাস্থ্যকৰ খাদ্যৰ ওপৰত অধিক গুৰুত্ব দিয়ক । প্ৰটিন সমৃদ্ধ খাদ্য তালিকাত ৰাখিক । ঘৰতে ব্যায়াম কৰিবলৈ নাপাহৰিব । পুৱা সোনকালে উঠি ঘৰতে শৰীৰ চৰ্চা কৰক আৰু স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰক । ই আপোনাক সুস্থ কৰি ৰখাত অধিক সহায় কৰিব ।
ঘৰৰ কাম-কাজ
মনত ৰাখিব যে যদি বায়ুৰ গুণাগুণৰ সূচকাংক বেছি হয় তেন্তে ৰাতিপুৱা খোজ কঢ়াৰ পৰা বিৰত থাকিব লাগে । দীপাৱলীৰ বাবে নগাঁও, গুৱাহাটী, নলবাৰীকে ধৰি কেইবাখনো জিলাৰ বায়ুৰ গুণাগুণৰ সূচকাংক বৃদ্ধি পাইছে । প্ৰদূষণৰ পৰা শৰীৰটোক ৰক্ষা কৰিবৰ বাবে বাহিৰলৈ ওলাই যোৱাৰ সময়ত মাস্ক ব্যৱহাৰ কৰিব লাগে । ঘৰৰ কাম -কাজত সময় দিব । ইয়াৰ দ্বাৰা শৰীৰ সক্ৰিয় কৰি ৰখাতো সহায়ক হ’ব ।