প্ৰায় তিনিকুৰি বয়সতো কিদৰে তৰুণ হৈ আছে খিলাড়ী কুমাৰ! চাওক আঁৰৰ ৰহস্য

খিলাড়ী বুলি ক’লেই আমাৰ মনত ভাহি উঠে অত্যন্ত পৰিশ্ৰমী, সময়ৰ প্ৰতি সদা সচেতন, ফিটনেছৰ প্ৰতি গুৰুত্ব দিয়া অক্ষয় কুমাৰৰ পৰিচয়। বলীউডৰ তাৰকা-মহাতাৰকাসকলৰ ভিতৰত ফিটনেছৰ প্ৰসঙ্গ আহিলে স্বাভাৱিকতেই প্ৰথমেই উচ্চাৰিত হয় অক্ষয়ৰ নাম। পিছে বয়সৰ জোখাৰে তিনিকুৰি স্পৰ্শ কৰিবলৈ আগবঢ়া অথচ এতিয়াও তৰুণ হৈ থকা অক্ষয় কুমাৰৰ এই ফিটনেছৰ আঁৰৰ ৰহস্য জানেনে?

প্ৰায় তিনিকুৰি বয়সতো কিদৰে তৰুণ হৈ আছে খিলাড়ী কুমাৰ! চাওক আঁৰৰ ৰহস্য

অক্ষয় কুমাৰৰ ফিটনেছৰ আঁৰৰ ৰহস্য

Published: 

30 Jan 2025 22:44 PM

খিলাড়ী বুলি ক’লেই আমাৰ মনত ভাহি উঠে অত্যন্ত পৰিশ্ৰমী, সময়ৰ প্ৰতি সদা সচেতন, ফিটনেছৰ প্ৰতি গুৰুত্ব দিয়া অক্ষয় কুমাৰৰ পৰিচয়। বলীউডৰ তাৰকা-মহাতাৰকাসকলৰ ভিতৰত ফিটনেছৰ প্ৰসঙ্গ আহিলে স্বাভাৱিকতেই প্ৰথমেই উচ্চাৰিত হয় অক্ষয়ৰ নাম। হিন্দী ছবি জগতৰ প্ৰতিগৰাকী ব্যক্তিয়েই স্বীকাৰ কৰে অক্ষয় কুমাৰৰ স্বাস্থ্য সচেতনতাক। পিছে বয়সৰ জোখাৰে তিনিকুৰি স্পৰ্শ কৰিবলৈ আগবঢ়া অথচ এতিয়াও তৰুণ হৈ থকা অক্ষয় কুমাৰৰ এই ফিটনেছৰ আঁৰৰ ৰহস্য জানেনে? নিজকে ফিট কৰি ৰাখিবলৈ তেওঁ যথেষ্ট কষ্ট কৰে।

অক্ষয় কুমাৰে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত তেওঁৰ ফিটনেছ সম্পৰ্কীয় ছবি আৰু ভিডিঅ’ শ্বেয়াৰ কৰি থাকে। তেওঁৰ দৈনিক জীৱনৰ ৰুটিন সন্দৰ্ভতো যথেষ্ট চৰ্চা হোৱা দেখা যায়। শেহতীয়াকৈ তেওঁ ফিটনেছৰ বিষয়ে এক টুইট কৰিছে। মেদবহুলতা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া ভাষণৰ ভিডিঅ’ অক্ষয় কুমাৰে তেওঁৰ ছ’চিয়েল মিডিয়া হেণ্ডেল এক্স (পূৰ্বৰ টুইটাৰ)ত শ্বেয়াৰ কৰিছে।

তেওঁ লিখিছে যে মেদবহুলতাৰ বিৰুদ্ধে যুঁজিবলৈ উপযুক্ত টোপনি, শুদ্ধ বতাহ আৰু সূৰ্যৰ পোহৰ, প্ৰচেছড খাদ্য ত্যাগ, কম তেল আৰু দেশী ঘিঁউৰে তৈয়াৰী খাদ্যৰ প্ৰয়োজন। অক্ষয়ে লগতে সঠিকভাৱে যিকোনো ধৰণৰ ৱৰ্কআউট কৰাৰ পৰামৰ্শ দিয়ে। ‘নিয়মীয়া ব্যায়ামে আপোনাৰ জীৱন সলনি কৰিব’ বুলিও অক্ষয় কুমাৰে লগতে উল্লেখ কৰক। অক্ষয় কুমাৰে শ্বেয়াৰ কৰা ভিডিঅ’টোত প্ৰধানমন্ত্ৰী মোদীয়ে মেদবহুলতাৰ ক্ৰমবৰ্ধমান ভাবুকি সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে।

লগতে প্ৰধানমন্ত্ৰী মোদীয়ে ব্যায়াম আৰু স্বাস্থ্যসন্মত খাদ্যাভ্যাসৰ ওপৰত গুৰুত্ব দিবলৈও পৰামৰ্শ দিছে। তেওঁ কয়, ”প্ৰতিদিনে কিছু সময় উলিয়াই ব্যায়াম কৰক। লগতে খাদ্যত থকা অস্বাস্থ্যকৰ চৰ্বি আৰু তেল হ্ৰাস কৰক। সুষম খাদ্য গ্ৰহণ কৰক। সুস্থ শৰীৰেহে সুস্থ মন আৰু সুস্থ জাতিৰ সৃষ্টি কৰিব পাৰে।” উল্লেখ্য যে এক সাক্ষাৎকাৰৰ সময়ত অক্ষয় কুমাৰে নিজকে সুস্থ কৰি ৰাখিবলৈ দৈনিক প্ৰায় আধা ঘণ্টা ধ্যান-ধাৰণা কৰে বুলি উল্লেখ কৰিছিল।

 

নিজকে হাইড্ৰেটেড কৰি ৰাখিবলৈ দিনটোত ৪ৰ পৰা ৫ লিটাৰ পানী খোৱাৰ উপৰিও ফিট হৈ থাকিবলৈ তেওঁ প্ৰটিন শ্বেক খোৱাৰ পৰিৱৰ্তে স্বাস্থ্যসন্মত আৰু সুষম খাদ্য গ্ৰহণ কৰে বুলি জানিবলৈ দিছিল। ইয়াৰ উপৰিও খাদ্য খোৱাৰ সময়টোও অতি গুৰুত্বপূৰ্ণ বুলি আঙুলিয়াই দি অক্ষয় কুমাৰে নিশা শোৱাৰ প্ৰায় ৪ ঘণ্টা পূৰ্বে আহাৰ গ্ৰহণ কৰে বুলি সদৰী কৰিছিল। ইয়াৰ লগতে তেওঁ দৈনিক ব্যায়াম কৰে। জিমত ৱৰ্কআউট কৰাৰ ভিডিঅ’ তেওঁ নিজৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি থাকে।

সুস্থ আৰু ফিট হৈ থাকিবলৈ দৈনিক খোজ কঢ়া, দৌৰা বা যিকোনো ধৰণৰ ৱৰ্কআউট কৰাটো অতি প্ৰয়োজনীয়। ইয়াৰ লগতে সুষম খাদ্য গ্ৰহণ কৰিব লাগে। ইয়াত প্ৰটিন, কাৰ্বহাইড্ৰেট, চৰ্বি, প্ৰয়োজনীয় ভিটামিন, খনিজ পদাৰ্থ আৰু পানী সুষম পৰিমাণে থাকিব লাগে। এনে সুষম খাদ্যৰ দ্বাৰা শৰীৰে সঠিকভাৱে কাম কৰিবলৈ শক্তি লাভ কৰে।

দাঁতৰ সমস্যা দূৰ কৰিব পৰা ঘৰুৱা উপায়সমূহৰ বিষয়ে জানক
কাইলৈৰ পৰা অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশন, ভট্টদেৱ সমন্বয় ক্ষেত্ৰত যুদ্ধকালীন ব্যস্ততা
সৰস্বতী পূজালৈ মাজত মাঁথো ৩টা দিন, মৃন্ময় মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত মৃৎশিল্পীসকল
প্ৰতিদিনে যদি দুটা বগৰী খাই, তেন্তে কি হয় জানেনে?