সন্তান জন্মৰ বাবে প্ৰয়োজন নহ’ব শুক্ৰাণু-ডিম্বাণু; লাভ কৰিব পাৰিব মনে বিচৰা ধৰণৰ সন্তান!
আইভিএফ পদ্ধতি উদ্ধাৱনৰ পাছত এইবাৰ আৰু এঢাপ আগুৱাই গৈছে বিজ্ঞান । কৃত্ৰিম প্ৰজননৰ ক্ষেত্ৰত এক যুগান্তকাৰী গৱেষণাৰ কথা সম্প্ৰতি পোহৰলৈ আহিছে । এই কৃত্ৰিম পদ্ধতিটো হ'ল ইন-ভিট্ৰো গেমটোজেনেছিছ বা আইভিজি ।

প্ৰতীকী ছবি
আইভিএফ, মানৱ সমাজলৈ বিজ্ঞানৰ এনে এক অৱদান যিয়ে হাঁহি বিৰিঙাইছে বহু নিঃসন্তান দম্পতীৰ মুখত । বয়স্ক মহিলা, কোনো বিশেষ সমস্যাত আক্ৰান্ত হোৱা বা আন কোনো কাৰণত যিসকলে সন্তান জন্ম দিয়াৰ ক্ষমতা হেৰুৱায়, তেওঁলোকৰ বাবে আইভিএফ হৈছে এক বিকল্প পদ্ধতি । যাৰ দ্বাৰা এনে দম্পতীয়ে সন্তান সুখ প্ৰাপ্তি কৰিব পাৰে ।
আইভিএফ হৈছে এক কৃত্ৰিম প্ৰজনন পদ্ধতি । যাৰ দ্বাৰা নাৰীৰ দেহৰ পৰা ডিম্বাণু আৰু পুৰুষৰ দেহৰ পৰা শুক্ৰাণু সংগ্ৰহ কৰি পৰীক্ষাগাৰত ইয়াক কৃত্ৰিমভাৱে মিলন ঘটোৱা হয় । পাছত সেই নিষিক্ত ডিম্বাণু পুনৰ মাতৃগৰ্ভত স্থাপন কৰা হয় । নিঃসন্তান দম্পতীৰ মুখত হাঁহি বিৰিঙাবলৈ বৰ্তমান আইভিএফ এক জনপ্ৰিয় পদ্ধতি হৈ পৰিছে ।
কিন্তু আইভিএফ পদ্ধতি উদ্ধাৱনৰ পাছত এইবাৰ আৰু এঢাপ আগুৱাই গৈছে বিজ্ঞান । কৃত্ৰিম প্ৰজননৰ ক্ষেত্ৰত এক যুগান্তকাৰী গৱেষণাৰ কথা সম্প্ৰতি পোহৰলৈ আহিছে । এই কৃত্ৰিম পদ্ধতিটো হ’ল ইন-ভিট্ৰো গেমটোজেনেছিছ বা আইভিজি । ইয়াৰ দ্বাৰা পৰীক্ষাগাৰত শুক্ৰাণু আৰু ডিম্বাণুৰ উৎপাদন সম্ভৱ হৈছে । যিয়ে বন্ধ্যাত্বৰ বাবে সন্তান প্ৰাপ্তিৰ সুখৰ পৰা বঞ্চিত দম্পতীক নতুনকৈ সপোন দেখুৱাইছে ।
যদিও আইভিএফৰ ক্ষেত্ৰত ডিম্বাণু আৰু শুক্ৰাণু অপৰিহাৰ্য, কিন্তু এই নতুন পদ্ধতিত ইয়াৰ কোনো প্ৰয়োজন নাই । তেন্তে এই প্ৰক্ৰিয়া কেনেকৈ সম্পন্ন হয়? সঁচাকৈয়ে এয়া সম্ভৱ নে বাস্তৱত? আইভিজি সফল প্ৰমাণিত হ’লে কি কি প্ৰভাৱ পৰিব পাৰে? মানৱ সমাজত ইয়াৰ ফলত কি কি পৰিৱৰ্তন আহিব পাৰে? এই বিষয়ে জানিবলৈ টিভি ৯ বাংলা ডিজিটেলে যোগাযোগ কৰিছিল প্ৰখ্যাত চিকিৎসক তথা আইভিএফ বিশেষজ্ঞ সুদীপ বসুৰ সৈতে । এই সন্দৰ্ভত কি কয় ডাঃ বসুৱে জানো আহক-
কেনেকৈ সম্পন্ন হয় আইভিজি?
ডাঃ সুদীপ বসুৱে কয়, আমাৰ সকলোৰে শৰীৰত দুই ধৰণৰ কোষ থাকে । ইয়াৰ ভিতৰত দৈহিক কোষ (Somatic Cell) এনে এক প্ৰকাৰৰ কোষ যি আমাৰ চুলি, ছাল, তেজ সকলোতেই থাকে । ছাল বা তেজৰ পৰাই এই দৈহিক কোষ সংগ্ৰহ কৰি পৰীক্ষাগাৰত ইয়াৰ বিকাশ ঘটাই শুক্ৰাণু আৰু ডিম্বাণু উৎপন্ন কৰা হয় । জাপানৰ এগৰাকী বিজ্ঞানীয়ে এই গৱেষণা কৰিছে সামান্য সফলতা লাভ কৰিছে । দৈহিক কোষক পৰীক্ষাগাৰত প্লুৰি পটেনশ্যিয়েল গেমেট বা বিভিন্ন অংগ প্ৰস্তুতৰ উপযোগী কৰি তোলাই এই গৱেষণাৰ মূল উদ্দেশ্য । এইক্ষেত্ৰত কোনো এজন ব্যক্তিৰ শুক্ৰাণু আৰু ডিম্বাণু আছে নে নাই সেইটো কোনো ডাঙৰ বিষয় নহয় ।
আইভিজিৰ প্ৰয়োজনীয়তা কি?
ডাঃ বসুৱে কয়, “কেন্সাৰ আক্ৰান্ত কাৰোবাৰ কেমোথেৰাপি বা ৰেডিঅ’থেৰাপিৰ বাবে হয়তো ডিম্বাশয়ৰ ক্ষতি হয়, কাৰোবাৰ দেহত শুক্ৰাণুৰ অভাৱ ঘটে অথবা কোনোবাই ৪৫-৪৬ বছৰত সংসাৰ কৰে, যাৰ ফলত সন্তান জন্ম দিয়াৰ ক্ষমতা লোপ পায় । এনেবোৰ ক্ষেত্ৰত সাধাৰণ প্ৰক্ৰিয়াৰে সন্তান জন্ম দিয়াটো সম্ভৱ নহয় । এই সমস্যা সমাধানৰ বাবে বিজ্ঞানীসকলে মানৱ শৰীৰৰ কোনো অংগৰ পৰা দৈহিক কোষ সংগ্ৰহ কৰি তাৰ পৰা ডিম্বাণু বা শুক্ৰাণু প্ৰস্তুতৰ চেষ্টা কৰিছে । আনকি একে লিংগৰ দম্পতীয়েই পিতৃত্ব বা মাতৃত্বৰ সুখ প্ৰাপ্ত কৰিব পাৰে ।”
আই ভি জি সফল হ’লে কি কি প্ৰভাৱ পৰিব পাৰে?
আইভিজি যদি সঁচাকৈয়ে সফল হয়, তেন্তে সুস্থ-সৱল প্ৰজন্ম গঠনত উল্লেখযোগ্য ভূমিকা দেখা যাব । সুদীপ বসুৱে কয়, “হয়তো সময়ৰ লগে লগে জিনীয় পৰিৱৰ্তন সম্ভৱ হ’ব । আইভিএফৰ ক্ষেত্ৰত ভ্ৰূণ বাচি নথকাৰ বহুতো কাৰণ থাকে । যদি মাক-দেউতাৰ ভিতৰত কোনোবা এজনৰ জিনীয় সমস্যা থাকে, তেন্তে তেওঁলোকৰ ভ্ৰুণ লৈও বায়প্সি কৰি চোৱা হয় যে শিশুৰ ভ্ৰুণতো সেই সমস্যা আছে নেকি । মূলতঃ থেলামেছিয়াৰ ক্ষেত্ৰত এই সমস্যাই দেখা দিয়ে । যদি মাক-দেউতাক দুয়োজনেই থেলামেছিয়াত আক্ৰান্ত হয়, তেন্তে সন্তানৰো সেই সমস্যা হোৱাৰ ২৫ শতাংশ সম্ভাৱনা থাকে । ধৰি লওক আইভিএফ কৰাৰ সময়ত ডিম্বাণু আৰু শুক্ৰাণুৰ পৰা তৈয়াৰী ৬ টা ভ্ৰুণৰ মাজত কোনো এটাই সেই ৰোগ বহন কৰিছে । আগেয়ে যদি পিতৃ-মাতৃয়ে জানিব পাৰে, তেন্তে সেই ভ্ৰূণ ব্যৱহাৰ কৰা নহয় । ফলত এই সমস্যাও নাথাকে । অতিৰিক্ত ভ্ৰূণ প্ৰস্তুত কৰাৰো প্ৰয়োজন নাথাকে । যদি আইভিজি পদ্ধতিৰ সময়ত কোনো ধৰণে ভ্ৰুণৰ মাজত সেই নিৰ্দিষ্ট জিনগত ৰোগ আঁতৰাব পৰা যায় । অৱশ্যে এই গৱেষণা এতিয়াও পৰীক্ষামূলক পৰ্যায়তে আছে ।”
ডাঃ বসুৱে লগতে কয়, “ইয়াত আটাইতকৈ ডাঙৰ বিষয় হ’ল জীয়াই ৰখাটো । এয়া তেতিয়াহে সম্ভৱ হ’ব যেতিয়া শুক্ৰাণু আৰু ডিম্বাণু প্ৰস্তুত কৰাৰ পাছত তাৰ পৰা উৎপন্ন ভ্ৰুণক সুস্থভাৱে জীয়াই ৰাখিব পৰা যাব । সেইটোৱেই আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান ।”
কেৱল জিনীয় সমস্যাৰ পৰা মুক্তিয়েই নহয়, ইয়াৰ লগতে যাতে সুস্থ-সৱল সন্তান জন্ম পায় সেই বিষয়েও চিন্তা কৰিব পাৰি । শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যাতে ভাল হয়, সন্তান যাতে উৰ্বৰ মস্তিষ্কৰ হয় অধিকাৰী হয় তাৰ বাবে কিছু জিনগত পৰিৱৰ্তন সম্ভৱপৰ হ’ব পাৰে ভৱিষ্যতে । অৰ্থাৎ মনে বিচৰা ধৰণে প্ৰস্তু কৰিব পাৰি জিন ।
এই ক্ষেত্ৰত অসুবিধা কি আছে ?
সুদীপ বসুৱে কয় যে বছৰ বছৰ ধৰি গৱেষণা চলি থকা আৰু লাখ লাখ টকা খৰচ কৰা প্ৰক্ৰিয়া এটা সস্তাতে সহজে উপলব্ধ নোহোৱাটো স্বাভাৱিক । অধিক ধন থকাসকলে সদায় উত্তম চিকিৎসা সেৱা লাভ কৰিব । তেওঁৰ মতে ইয়াক এক প্ৰকাৰৰ ক্ল’নিং বুলি ক’ব পাৰি । য’ত কেঁচুৱা কৃত্ৰিমভাৱে জন্ম দিয়া হৈছে । বহু ক্ষেত্ৰত কোনো নিৰ্দিষ্ট ব্যক্তিয়ে কেতিয়াও যৌন সম্পৰ্ক নকৰাকৈয়ে পিতৃ হ’ব পাৰে আৰু তেওঁ সেই কথাও গম নাপাব । যিটো প্ৰকৃতিৰ নিয়মৰ বিৰুদ্ধে । ক্ল’নিং অধিক নিখুঁত আৰু মসৃণ হ’ব ।
নৈতিক প্ৰশ্ন:
এই ক্ষেত্ৰত বহুতো নৈতিক প্ৰশ্নও উত্থাপন হয় । সুদীপ বসুৱে কয়, “ধৰক আজি কোনোবাই যদি ইলন মাস্কৰ সন্তান বিচাৰে । তেনে ক্ষেত্ৰত ইলন মাস্কৰ শুক্ৰাণুৰ প্ৰয়োজন হয় । কিন্তু ইলন মাস্কে হঠাতে কিয় শুক্ৰাণু দান কৰিব ? আইভিজি প্ৰক্ৰিয়াত শুক্ৰাণুৰ প্ৰয়োজন নহয় । ইলন মাস্কৰ ছাল, চুলি বা আন কোনো অংগৰ পৰা দৈহিক কোষ আহৰণ কৰিব পাৰিলেহে তেওঁৰ সন্তান জন্ম দিয়াতো সম্ভৱ হ’ব । যিটো হয়তো ইলন মাস্কেও গম নাপাব ।”
বহু বিশেষজ্ঞৰ মতে ইয়াৰ দ্বাৰা অভিভাৱকসকলেও ভৱিষ্যতে সন্তানৰ লিংগ নিৰ্ণয় কৰিব পাৰিব । অৱশ্যে ইয়াত নৈতিকতাৰ প্ৰশ্নও উত্থাপন হয় । আশংকা থাকে, হয়তো লিংগ বৈষম্য বৃদ্ধি কৰিব পাৰে । সুদীপ বসুৱে অৱশ্যে কয়, “ইয়াত আৰু এটা কথা মনত ৰাখিব লাগিব । চিকিৎসা বিজ্ঞানত লিংগ নিৰ্ণয় সম্ভৱ হ’লেও নৈতিক কাৰণত বহু দেশত ইয়াক নিষিদ্ধ কৰা হ’ব পাৰে । বহুতো খ্ৰীষ্টান দেশত শুক্ৰাণু দান কৰাটো এতিয়াও অবৈধ বুলি গণ্য কৰা হয় । তেনে ক্ষেত্ৰত কেৱল চিকিৎসাৰ ভিত্তিতকৈও অধিক বাধা আহিব ।”
আইভিএফতকৈ আইভিজি ভাল নেকি ?
সুদীপ বসুৰ মতে, “মই তেনেকৈ নাভাবো । তাৰ আটাইতকৈ ডাঙৰ কাৰণটো হ’ল ই বহুগুণ ব্যয়বহুল হ’ব । আজি ভাৰতৰ ভিতৰতে আই ভি এফ সস্তা । আমেৰিকাত ইয়াৰ খৰচ ৩৫-৪০ লাখ টকা হোৱাৰ বিপৰীতে ব্ৰিটেইনত ইয়াৰ খৰচ ২৫ লাখ টকাতকৈও অধিক । ভাৰতত এই সমগ্ৰ প্ৰক্ৰিয়াৰ খৰচ প্ৰায় ২ লাখ টকা । আইভিজি ইমানেই ব্যয়বহুল হ’ব যে সকলোৱে ইয়াৰ খৰচ বহন কৰিব নোৱাৰিব ।”
এই গৱেষণা ৰাজহুৱা হোৱাৰ লগে লগে বহু বিশেষজ্ঞই কয় যে নিজৰ ইচ্ছা অনুসৰি শিশুক ‘ডিজাইন’ কৰাটো বিপদজনক হ’ব পাৰে । ই লিংগৰ ব্যৱধান বৃদ্ধি কৰিব পাৰে । সামাজিক বৈষম্যই পৰিস্থিতি আৰু বেয়া কৰি তুলিব পাৰে । গৰ্ভধাৰণ কৰা শিশুৰ ওপৰত এই পদ্ধতিৰ প্ৰভাৱৰ বিষয়েও নৈতিক বিষয় আৰু উদ্বেগ আছে ।
যদিও আইভিজিৰ অগ্ৰগতি যথেষ্ট আকৰ্ষণীয় । এই প্ৰযুক্তি এতিয়াও প্ৰাৰম্ভিক পৰ্যায়ত আছে । মানুহৰ ওপৰত ব্যৱহাৰৰ বাবে সাজু হোৱা নাই । বেছিভাগ গৱেষণা জীৱ-জন্তুৰ ওপৰত কৰা হৈছে । বহু দূৰ বাট আছে । সুদীপ বসুৱে কয়, “এয়া এক প্ৰকাৰৰ ভাৰ্চুৱেল ৰিয়েলিটি যিটো বাস্তৱত সম্ভৱ হ’বলৈ গৈ আছে । অৱশ্যে এইটো কেনেকৈ হ’ব, আৰু সৰ্বোপৰি এই সেৱা সকলোকে কেনেকৈ প্ৰদান কৰিব পাৰি সেই বিষয়ে যথেষ্ট সন্দেহ আছে ।”