ছাল হ’ব উজ্বল, চুলি হৈ পৰিব ধুনীয়া, এনেকৈ ব্যৱহাৰ কৰক এলোভেৰা…
সকলোৱে বিচাৰি ধুনীয়া আৰু সুন্দৰ ছাল। ইয়াৰ বাবে বিভিন্নজনে বিভিন্ন সামগ্ৰী ব্যৱহাৰ কৰে। কিন্তু আপুনি এলোভেৰাৰ দ্বাৰাও আপোনাৰ ছাল আৰু চুলি ধুনীয়া কৰি তুলিব পাৰে।

এলোভেৰা ছাল আৰু চুলি দুয়োটাৰ বাবে উপকাৰী। ইয়াৰোপৰি ঘৰত বা বজাৰত ই সহজভাৱে উপলব্ধ। এলোভেৰাৰ ৰস সেৱন কৰাৰ পৰা আৰম্ভ কৰি আঘাতপ্ৰাপ্ত স্থানত ব্যৱহাৰ কৰা, ছাল- চুলি আদি সকলোতে এলোভেৰা ব্যৱহাৰ কৰিব পাৰিব। এলোভেৰাত এন্টিঅক্সিডেন্ট থাকে। আয়ুৰ্বেদত এলোভেৰা বহু ঔষধ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। আজিৰ এই লেখাটোত এলোভেৰাৰ কিছুমান উপায়ৰ বিষয়ে উল্লেখ কৰিম যাৰ দ্বাৰা আপুনি ছাল আৰু চুলি ধুনীয়া কৰি তুলিব পাৰিব।
প্ৰাকৃতিক বস্তুৰ ব্যৱহাৰ স্বাস্থ্য, ছাল আৰু চুলিৰ বাবে অধিক উপকাৰী বুলি বিবেচিত হয়। এনে বস্তুৱে লাহে লাহে কাম কৰিলেও ভাল ফলাফল দিয়ে আৰু ক্ষতিৰ সম্ভাৱনাও কমি যায়। যাৰ বাবে আগৰ দিনত মানুহে প্ৰাকৃতিক বস্তু ব্যৱহাৰ কৰি ধুনীয়া হৈ আছিল।
উজ্বল ছাল
সকলোৱে নিজৰ ছাল উজ্বল হোৱা বিচাৰে। ইয়াৰ বাবে ভিটামিন ই কেপচুলৰ সৈতে এলোভেৰা মিহলাই মুখৰ পৰা ডিঙিলৈকে লগাব লাগে আৰু ২০ৰ পৰা ২৫ মিনিটৰ পিছত মুখখন ধুই দিব লাগে। এই পেকটো সপ্তাহত দুবাৰৰ পৰা তিনিবাৰ ব্যৱহাৰ কৰিলে কেইদিনমানৰ ভিতৰতে মুখৰ দাগ আৰু পিম্পল কমিবলৈ আৰম্ভ কৰে। যাৰ বাবে ছালখন স্পষ্ট হৈ পৰে।
কোমল ছাল
কিছুমান মানুহৰ ছাল বেছি শুকান হয়। তেনে লোকসকলৰ বাবে এলোভেৰা এক উৎকৃষ্ট উপাদান। ইয়াৰ বাবে এলোভেৰা জেলত মৌ, গোলাপ জল আৰু দুই-তিনি টোপাল নাৰিকল তেল মিহলি কৰি ছালত লগাব লাগে। ইয়াৰ ফলত ছালখন কোমল হয় আৰু শুকানতা কমি যায়।
চুলি হৈ পৰিব কোমল আৰু ধুনীয়া
এলোভেৰাত হাইড্ৰেটিং গুণ আছে, যিয়ে ছালৰ লগতে চুলিকো আৰ্দ্ৰতা প্ৰদান কৰে। গতিকে আপুনি এলোভেৰাত দৈ আৰু কণী মিহলাই চুলিত লগাব পাৰে। এই হেয়াৰ পেকটো লগোৱাৰ পিছত প্ৰথমবাৰতেই আপুনি ইয়াৰ সুফল দেখিবলৈ পাব।
উফি নোহোৱা কৰে
উফি চুলি সৰা এটা প্ৰধান কাৰণ। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ এলোভেৰাত দৈ আৰু নেমুৰ লগত মিহলি কৰি চুলিত লগাব পাৰে। ইয়াৰ উপৰিও যিকোনো কোমল স্ক্ৰাবৰ লগত কিছু এলোভেৰা জেল মিহলাই মূৰৰ ছালত মালিচ কৰি তাৰ পিছত চুলি ধুই দিব পাৰে। ইয়াৰ ফলত উফি কমি যায়। সপ্তাহত এবাৰ এনে কৰিলে আপুনি উফিৰ পৰা সোনকালে মুক্তি পাব পাৰে।