শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কমলা শৰীৰৰ বাবে যথেষ্ঠ উপকাৰী, হ্ৰাস পাব পাৰে মানসিক ৰোগৰ সম্ভাৱনা!

কমলা বিশেষ স্বাস্থ্য উপকাৰীতাৰ বাবে পৰিচিত। সমগ্ৰ বিশ্বতে ই এক জনপ্ৰিয় ফল। কমলা টেঙাত থকা বিভিন্ন উপাদান থাকে । এই উপাদানসমূহে শৰীৰত শক্তি যোগোৱাৰ উপৰিও বিভিন্ন ৰোগৰ পৰাও ৰক্ষা কৰে । বিশেষকৈ এই সময়ত হোৱা চৰ্দি, জ্বৰ আদি প্ৰতিৰোধ কৰাত সহায় কৰে কমলা টেঙাই।

কমলা শৰীৰৰ বাবে যথেষ্ঠ উপকাৰী, হ্ৰাস পাব পাৰে মানসিক ৰোগৰ সম্ভাৱনা!
কমলা শৰীৰৰ বাবে যথেষ্ঠ উপকাৰী
barasha-misra
Barasha Misra | Published: 27 Feb 2025 11:14 AM

প্ৰতিদিনে এটা কমলা খালে আপুনি বহু পৰিমাণে মানসিক চাপমুক্ত হৈ থাকিব। হাৰ্ভাৰ্ড মেডিকেল স্কুল আৰু মেছাচুচেটছ জেনেৰেল হস্পিতালৰ এক অধ্যয়নত এই কথা প্ৰকাশ পাইছে। তেওঁলোকে কয়, প্ৰতিদিনে এটা কমলা খালে এজন ব্যক্তিৰ মানসিক চাপ ২০ শতাংশ হ্ৰাস পাব পাৰে। মাইক্ৰ’বায়’মত প্ৰকাশিত গৱেষণাৰ দাবী যে প্ৰতিদিনে এটা কমলা খালে হতাশাৰ সম্ভাৱনা কমি যায়।

ডাঃ ৰাজ মেহতাৰ নেতৃত্বত চলা এই অধ্যয়নত দেখা গৈছে যে, টেঙা ফলত পোৱা বেক্টেৰিয়াই মগজুৰ দুটা ৰাসায়নিক পদাৰ্থৰ উৎপাদনত প্ৰভাৱ পেলায়, যিবোৰে মেজাজ উন্নত কৰে। টেঙা ফলত চেৰ’টনিন আৰু ড’পামিন পোৱা যায়। যিয়ে হতাশা হ্ৰাস কৰাত সহায় কৰে।

টেঙা ফলত পোৱা উপাদানসমূহ মেজাজৰ বাবে ভাল

গৱেষকসকলে এক লাখৰো অধিক মহিলাৰ ওপৰত অধ্যয়ন কৰিছে। অধ্যয়নত দেখা গৈছে যে কমলাৰ দৰে টেঙা ফল খালে হতাশাৰ সম্ভাৱনা কম হয়। কাৰণ টেঙা ফলবোৰে Faecalibacterium prausnitzii বেক্টেৰিয়া বৃদ্ধি কৰাত সহায় কৰে। যিটো মানুহৰ অন্ত্ৰত পোৱা এক প্ৰকাৰৰ ভাল বেক্টেৰিয়া। যিয়ে নিউৰ’ট্ৰান্সমিটাৰ চেৰ’টনিন আৰু ড’পামিন বৃদ্ধি কৰে আৰু হতাশা হ্ৰাস কৰাত সহায় কৰে আৰু মেজাজ উন্নত কৰাত সহায় কৰে।

মানসিক চাপ কম কৰে

হাৰ্ভাৰ্ড মেডিকেল স্কুল আৰু মেছাচুচেটছ জেনেৰেল হস্পিতালৰ ডাঃ ৰাজ মেহতাই কয় যে, কমলাত পোৱা উপাদানসমূহ অন্ত্ৰৰ বাবে ভাল আৰু ই মেজাজ ভালে ৰাখে। যদি আপুনি আপোনাৰ খাদ্যত টেঙা ফল অন্তৰ্ভুক্ত কৰে তেন্তে আপুনি নিশ্চিতভাৱে হতাশাৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰিব। টেঙা ফলৰ বহুতো গুণ আছে, য’ত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা, সুস্থ হৃদযন্ত্ৰ ৰক্ষা কৰা আৰু পাচনতন্ত্ৰ উন্নত কৰা আদি বহুতো উপকাৰ কৰে। টেঙা ফলত প্ৰচুৰ পৰিমাণে ভিটামিন, খনিজ পদাৰ্থ, আঁহ আৰু এন্টিঅক্সিডেন্ট থাকে।