আমলখিৰ আছে বহু উপকাৰী গুণ, এই বস্তুসমূহৰ সৈতে মিহলাই চুলিত লগালে দূৰ হ’ব উফিৰ সমস্যা
চুলি সুস্থ কৰি ৰখাত আমলখি উপকাৰী। ইয়াৰ নিয়মীয়া ব্যৱহাৰে চুলি সৰা সমস্যা হ্ৰাস কৰে, চুলিৰ বৃদ্ধি, মজবুত আৰু চুলিৰ জিলিকনি বৃদ্ধি কৰে। আমলখিক বহু ধৰণেৰে চুলিত প্ৰয়োগ কৰিব পাৰি।
আমলখিত থকা পুষ্টিকৰ উপাদানসমূহ স্বাস্থ্যৰ বাবে উপকাৰী। আমলখিত ভিটামিন চি, এন্টিঅক্সিডেন্ট, আৰু অন্যান্য পুষ্টিকৰ উপাদান থাকে। পৰম্পৰাগতভাৱে আৰু আয়ুৰ্বেদিক চিকিৎসাত আমলখিৰ বহুল ব্যৱহাৰ হোৱা দেখা যায়। এই উদ্ভিদৰ প্ৰায় সকলোবোৰ অংশই যেনে ফল, গুটি, পাত, শিপা আৰু বাকলি বিভিন্ন ৰোগত ব্যৱহাৰ হয়। আমলখিয়ে পিত্তদোষ নিৰাময়ত সহায় কৰে। ভিটামিন ‘চি’ৰ অভাৱত হোৱা খহুলা (Scurvy) ৰোগ নিৰাময়ত আমলখি খাবলৈ দিয়া হয়। হাঁওফাঁওৰ যক্ষ্মা ৰোগত ভোগা ৰোগীৰ ওপৰত কৰা পৰীক্ষাৰ পৰা জনা গৈছে যে, সংশ্লেষিত ভিটামিন ‘চি’ৰ উপকাৰিতা অধিক। তুৰষ্কত আমলখি হাঁওফাঁওৰ পোৰণিত ব্যৱহাৰ কৰে। পাৰস্যত পেলুনাশক হিচাপে আমলখিৰ ৰস খুৱায়। আমলখিৰ বীজত ফছফেটাইড পোৱা যায়। কেঁচা আমলখি শীতলকাৰক, শক্তিকাৰক, চৰ্মৰোগনাশক আৰু ৰোধক, মূত্ৰকাৰক, জুলাপ, জ্বৰনাশক, বমনৰোধী, অজীৰ্ণতা, কোষ্ঠকাঠিন্য, কৃমি, পেটৰ বিষ, গ্ৰহণী, ৰক্তক্ষৰণ আদি অনেক ৰোগ আৰু স্বাস্থ্য ৰক্ষাত উপকাৰী। আমলখিয়ে চুলিক প্ৰাকৃতিক জিলিকনি দিয়াত সহায় কৰিব পাৰে আৰু চুলিৰ মানদণ্ড উন্নত কৰে। ই চুলিৰ প্ৰাকৃতিক ৰং বজাই ৰখাতো সহায় কৰে, যাৰ বাবে চুলি ক’লা হৈ থাকে।
কেঁচা বা শুকান আমলখি খোৱাটো স্বাস্থ্যৰ লগতে চুলিৰ বাবেও উপকাৰী। ইয়াক বিভিন্ন ধৰণে চুলিত প্ৰয়োগ কৰিব পাৰি। আহক আজি জানো চুলি মজবুত কৰিবলৈ কেনেকৈ আমলখি লগাম।
আমলখি তেল
আপুনি আমলখিৰ তেল ব্যৱহাৰ কৰিব পাৰে আৰু এই তেল বজাৰত সহজেই পাব আৰু চুলিত ৩০ মিনিট মালিচ কৰিব।
আমলখিৰ গুড়ি আৰু দৈ
আপনি চুলিৰ মাস্ক বনাইও আমলখিৰ গুড়ি ব্যৱহাৰ কৰিব পাৰে। ২ চামুচ দৈ আৰু ১ চামুচ মৌ মিহলাই লওক। এই পেষ্ট ২০ৰ পৰা ৩০ মিনিট লগাৰ পিছত কোমল চেম্পুৰে চুলি ধুই দিব।
আমলখি আৰু মৌৰ মিশ্ৰণ
আমলখিৰ গুড়ি আৰু মৌৰ মিশ্ৰণে চুলিখিনি কোমল আৰু চিকচিকিয়া কৰি তোলাত সহায় কৰিব পাৰে তাৰ পিছত চুলিখিনি চেম্পুৰে ধুব।
আমলখিৰ পানী
আপোনাৰ চুলি স্বাস্থ্যৱান আৰু উজ্জ্বল কৰিবলৈ আপুনি চুলিত আমলখিৰ পানী প্ৰয়োগ কৰিব পাৰে। ইয়াৰ বাবে আমলখি কাটি পানীত উতলাব পাৰে আৰু ইয়াক গোটেই ৰাতি ঢাকি ৰাখিব পাৰে।
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা
- অম্লপিত্ত ৰোগত আমলখিৰ ৰস চেনিৰ সৈতে নিয়মিত খালে ৰোগ উপশম হয়।
- নাকৰপৰা তেজ ওলোৱা বেমাৰত আমলখি ঘিঁউত ভাজি বাহি পানীত বাতি তালুত ভৰণ দিয়া হয়।
- নেমুৰ ৰস আৰু আমলখিৰ ৰস মিহলাই খালে তেজ গ্ৰহণী আৰোগ্য হয়।
- চকু ৰঙাপৰা ৰোগত আমলখিৰ ৰস ১/২ টোপাল চকুত দিয়ে।
- একেৰাহে জ্বৰ উঠি থাকিলে আমলখিৰ ৰস ঘিঁউত মিহলাই খালে উপকাৰ পোৱা যায়।
- আমলখিৰ ৰস ২/৩ চাহ চামোচ,এচামোচ মৌজোলত মিহলাই নিয়মিত পুৱা খালে দৃষ্টিশক্তি অটুট থাকে।
- আমলখিৰ কিম্বন কৰা ৰস পাণ্ডুৰোগ,অজীৰ্ণতা আৰু কাহত ব্যৱহৃত হয়।
- আমলখি ফলৰ তেল ঘঁহিলে চুলি পকা বন্ধ হয়।
- শুকান আমলখি পানীত তিয়াই তাৰ ৰস খালে পিত্তৰোগ আৰু পিত্তশূল উপশম হয়।
- বহুমূত্ৰ ৰোগত ২/৩ টা আমলখি দৈনিক খালে সুফল পোৱা যায়।
- লৌহ ধাতু আৰু আমলখি ৰক্তাল্পতাৰ (পাণ্ডুৰোগৰ) মহৌষধ।
- শ্বাস কষ্টত আমলখিৰ ৰস,মৌজোল আৰু পিপলিৰ সৈতে খালে উপশম পোৱা যায়।
- আমলখিৰ ৰসে বমি আৰু হেঁকটি অহা ৰোধ কৰে।
- আমলখিৰ কুঁহিপাতৰ ৰস খালে অজীৰ্ণতা আৰু বদহজম দূৰ হয়।
- আমলখিৰ ছালৰ ৰস,মৌজোল আৰু হালধিৰ লগত প্ৰমেহ ৰোগত খায়।
- বীজ হাঁপানি আৰু ব্ৰংকাইটিছ ৰোগত আমলখি ব্যৱহাৰ কৰা হয়।