গুণেৰে ভৰপূৰ যুতি ফুলে নিৰাময় কৰে এনে গুৰুতৰ ৰোগ, পতঞ্জলিৰ গৱেষণাত আহিছে পোহৰলৈ
গৱেষণাত পোহৰলৈ অহা তথ্য মতে, যুতি ফুলৰ (জেচমিন) বহুতো গুণ আছে যি অক্সিডেটিভ ষ্ট্ৰেছ কমায়। লগতে ইয়াত যথেষ্ট পৰিমাণৰ এণ্টিঅক্সিডেণ্ট থাকে বুলি জানিব পৰা গৈছে। পতঞ্জলি গৱেষণা প্ৰতিষ্ঠানে যুতি ফুলৰ উপকাৰিতাৰ ওপৰত কৰা গৱেষণাত এই তথ্য পোহৰলৈ আহিছে।

সাম্প্ৰতিক সময়ত বিভিন্ন ৰোগে জুৰুলা কৰিলে ব্যক্তিৰ দেহ। ইয়াৰ মাজত দুই বিশেষ স্বাস্থ্যজনিত সমস্যাই অধিক চিন্তনীয় ৰূপ ধাৰণ কৰিছে। ইয়াৰে এটা হ’ল ঔষধৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আৰু আনটো হ’ল শৰীৰৰ ফ্ৰী ৰেডিকেলৰ ফলত হোৱা অক্সিডেটিভ ষ্ট্ৰেছ। প্ৰথম সমস্যাটোৰ দ্বাৰা বহু বেক্টেৰিয়া আৰু ভেঁকুৰৰ ঔষধৰ বিৰুদ্ধে যুঁজাৰ শক্তি বৃদ্ধি পাইছে, যাৰ ফলত চিকিৎসা কঠিন হৈ পৰিছে। আনহাতে ফ্ৰী ৰেডিকেলে আমাৰ শৰীৰৰ কোষবোৰক ক্ষতিগ্ৰস্ত কৰে, যাৰ ফলত বয়স বৃদ্ধিৰ দৰে গুৰুতৰ সমস্যাৰ লগতে হৃদৰোগ, কেঞ্চাৰ আদি ৰোগেও দেখা দিয়ে।
এই সমস্যাৰ চিকিৎসাৰ বাবে এণ্টিঅক্সিডেণ্ট অতি প্ৰয়োজনীয়। এল’পেথীত ইয়াৰ বাবে বহুতো ঔষধ পোৱা যায়। পিছে এতিয়া প্ৰাকৃতিক উৎসৰ দ্বাৰাও এনে সমস্যা নিৰাময়ৰ উপায় পোৱা গৈছে। গৱেষণাত পোহৰলৈ অহা তথ্য মতে, যুতি ফুলৰ (জেচমিন) বহুতো গুণ আছে যি অক্সিডেটিভ ষ্ট্ৰেছ কমায়। লগতে ইয়াত যথেষ্ট পৰিমাণৰ এণ্টিঅক্সিডেণ্ট থাকে বুলি জানিব পৰা গৈছে। পতঞ্জলি গৱেষণা প্ৰতিষ্ঠানে যুতি ফুলৰ উপকাৰিতাৰ ওপৰত কৰা গৱেষণাত এই তথ্য পোহৰলৈ আহিছে।
গৱেষণাৰ পৰা দেখা গৈছে যে আয়ুৰ্বেদত ব্যৱহৃত যুতি বা জেচমিন উদ্ভিদে এণ্টিবায়টিক প্ৰতিৰোধ ক্ষমতা আৰু অক্সিডেটিভ ষ্ট্ৰেছ দুয়োটাৰে বিৰুদ্ধে যুঁজিব পাৰে। ই এই দুয়োটা সমস্যা নিয়ন্ত্ৰণ কৰিব পাৰে বুলিও গৱেষণাত দেখা গৈছে। জেচমিনৰ বিভিন্ন প্ৰকাৰ আছে, যি বেক্টেৰিয়া, ভেঁকুৰ আৰু ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰাত বহুত সহায় কৰিব পাৰে। গৱেষণাৰ মতে এই ঔষধি উদ্ভিদ ঔষধৰ নিৰাপদ আৰু ফলপ্ৰসূ উৎস হ’ব পাৰে।
এই উদ্ভিদত পোৱা টেনিন, এলকেলয়ড, ফেনলিক আৰু ফ্লেভন’ইড আদি মৌলবোৰে বেক্টেৰিয়া আৰু ভেঁকুৰৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। আমাৰ শৰীৰে নিজেই অক্সিজেনৰ যোগেদি ফ্ৰী ৰেডিকেল সৃষ্টি কৰে। এই ফ্ৰী ৰেডিকেল এক নিৰ্দিষ্ট পৰিমাণে থকাটো শৰীৰৰ বাবে প্ৰয়োজনীয়, কিন্তু অতিৰিক্তভাৱে ফ্ৰী ৰেডিকেল সৃষ্টি হ’লে আমাৰ কোষবোৰৰ ক্ষতি হয়। ফ্ৰী ৰেডিকেলৰ অত্যধিক উৎপাদনে ডি এন এ ভাঙি পেলায়, প্ৰটিনৰ ক্ষতি কৰে আৰু চৰ্বিৰ ওপৰত অক্সিডেটিভ প্ৰভাৱ পেলায়।
এনেধৰণৰ কাৰকেই কেঞ্চাৰ, হৃদৰোগ আৰু বয়সৰ লগত জড়িত বহু সমস্যাৰ মূল কাৰণ। কেঞ্চাৰৰ এটা প্ৰধান কাৰণ হ’ল ফ্ৰী ৰেডিকেলৰ গঠন বৃদ্ধি। জেচমিন গছৰ পৰা পোৱা এণ্টিঅক্সিডেণ্টে এই অৱস্থা বহু পৰিমাণে নিৰাময় কৰিব পাৰে। উদাহৰণস্বৰূপে, Prunus domestica আৰু Syzygium cumini আদি ফলত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে, যি ফ্ৰী ৰেডিকেল নিষ্ক্ৰিয় কৰিব পাৰে।
জেচমিন উদ্ভিদ অলিচিয়া প্ৰজাতিৰ অংশ আৰু ইয়াৰ প্ৰায় ১৯৭ প্ৰকাৰ সমগ্ৰ বিশ্বতে পোৱা যায়। জেচমিন ফুলৰ সুগন্ধি সকলোৱে ভাল পায় যদিও আয়ুৰ্বেদত ইয়াৰ ঔষধি গুণ সমানেই গুৰুত্বপূৰ্ণ। ছালৰ ৰোগ, ফোঁহা, চকুৰ বিকাৰ আদিৰ বাবে জেচমিন ফুল ব্যৱহাৰ কৰা হয়। একে সময়তে ইয়াৰ পাতৰ ব্যৱহাৰ স্তন কেঞ্চাৰৰ দৰে ৰোগত সহায়ক হয়। আনহাতে ঋতুস্ৰাৱৰ অনিয়মত জেচমিনৰ শিপা উপযোগী বুলি কোৱা হয়।
চাওঁ আহক জেচমিনৰ কিছুমান প্ৰধান প্ৰজাতি আৰু ইয়াৰ ব্যৱহাৰ-
জেচমিনিয়াম অফিচিনেল- বিষ নিৰাময়কাৰী, প্ৰস্ৰাৱৰ ঔষধ, এণ্টিডিপ্ৰেছন
জেচমিনিয়াম গ্ৰেণ্ডফ্ল’ৰাম- কাহ, হিষ্টেৰিয়া, জৰায়ুৰ ৰোগ
জেচমিনিয়াম চেম্বক- কামোদ্দীপক, এণ্টিচেপ্টিক, চৰ্দি আৰু কাহত উপকাৰী
জেচমিন প্ৰধানকৈ গ্রীষ্মমণ্ডলীয় আৰু উপগ্রীষ্মমণ্ডলীয় অঞ্চল যেনে ভাৰত, চীন, প্রশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ আদিত পোৱা যায়। ইয়াৰ উপৰিও ইউৰোপ, আমেৰিকা আৰু কেৰিবিয়ান দেশতো ইয়াৰ খেতি কৰা হৈছে। জেচমিনৰ উপাকাৰিতা সন্দৰ্ভত কৰা গৱেষণাত প্ৰকাশিত ফলাফলসমূহে সাধাৰণ ঔষধ বিফল হোৱা সংক্ৰমণৰ বাবে বিভিন্ন প্ৰজাতিৰ জেচমিন নতুন এন্টিবায়টিক বিকল্প হিচাপে আত্মপ্ৰকাশ কৰিব পাৰে বুলি প্ৰমাণ কৰিছে।
জেচমিন উদ্ভিদে কেৱল সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াই নহয়, অক্সিডেটিভ চাপৰ বিৰুদ্ধেও ঢাল হিচাপে কাম কৰে। জেচমিনিয়াম গ্ৰেণ্ডিফ্লৰাম আৰু জেচমিনিয়াম চেম্বেকৰ দৰে উদ্ভিদে ফ্ৰী ৰেডিকেলৰ বাবে অৱক্ষয় ঘটা বিভিন্ন জৈৱিক পৰিমাপ স্বাভাৱিক কৰি তোলে। গতিকে সুগন্ধিৰ সমানেই এতিয়া মহৌষধি হিচাপে ব্যৱহাৰ হ’ব পাৰে যুতি বা জেচমিন ফুল।