April Fool’s day: আজি এপ্ৰিল ফুলঃ জানক এই দিৱসৰ ইতিহাস, কেতিয়াৰ পৰা পালন কৰা হয় আদি সকলো…
April Fool's day: আজি সমগ্ৰ বিশ্বই পালন কৰিছে এপ্ৰিল ফুল দিৱস। এই দিনটোত বন্ধু-বান্ধৱী বা আপোনজনক মুৰ্খ বনোৱা হয়। পিছে এই দিনটোৰ আঁৰত আছে বহু কাহিনী।

আজি এপ্ৰিলৰ ১ তাৰিখ অৰ্থাৎ এপ্ৰিল ফুল দিৱস (April fool’s day)। এই দিনটোত বন্ধু-বান্ধৱী বা কোনো আত্মীয়ক মিছা কথা কৈ মুৰ্খ সজোৱা হয়। এপ্ৰিলৰ পহিলা দিন হোৱা বাবে এই ক্ষেত্ৰত কোনোৱে বেয়াও নাপায়। কিয়নো এই দিনটোত সমগ্ৰ বিশ্বই পালন কৰে এপ্ৰিল ফুল বা মুৰ্খ দিৱস। এই দিনটোত পৰিয়াল বা বন্ধু- বান্ধৱীক মিছা কোৱা হয়, আৰু যেতিয়া সেই মিছাটো তেওঁ সঁচা বুলি ভাবি লয় তেতিয়া এপ্ৰিল ফুল বুলি চিঞৰা হয়। বহুতে বহু ধৰণে এই দিৱস পালন কৰে।
পিছে আপুনি কেতিয়াবা ভাবিছেনে কিয় পালন কৰা হয় এপ্ৰিল ফুল দিৱস? অৱশ্যে ইয়াৰ আঁৰত আছে এক বিশেষ ইতিহাস। এই লেখাটোত এপ্ৰিল ফুলৰ ইতিহাস বা ইয়াৰ বিষয়ে কিছুমান গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰা হ’ল।
কেতিয়াৰ পৰা পালন কৰা হয়
এপ্ৰিল ফুল দিৱসৰ আঁৰত বহু কাহিনী প্ৰচলিত হৈ আহিছে। এপ্ৰিল ফুল দিৱস উদযাপনৰ আৰম্ভণি হয় চ’চাৰৰ ‘কেণ্টাৰবেৰী টেলছ’ৰ ‘দ্য ননছ প্ৰিষ্ট’ছ টেল’ নামৰ এটা কাহিনীৰে। দাবী অনুসৰি ইয়াৰ আৰম্ভণী ১৩৮১ চনত হৈছিল।
সেই সময়ছোৱাত ইংলেণ্ডৰ ৰজা দ্বিতীয় ৰিচাৰ্ড আৰু বোহেমিয়াৰ ৰাণী এন্নেৰ বাগ্দান ঘোষণা কৰা হৈছিল। ৰজাই তেওঁৰ প্ৰজাসকলক কয় যে, ৰাণী এনীৰ আঙুঠি পিন্ধোৱাৰ তাৰিখ ৩২ মাৰ্চ। সেই কথা প্ৰজাসকলেও বিশ্বাস কৰি লয়, যাৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি আৰম্ভ কৰে। সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠে আৰু তেতিয়াই প্ৰজাসকলে অনুভৱ কৰে যে কেলেণ্ডাৰত ৩২ তাৰিখ নাই। ইয়াৰ পাছত সকলোৱে গ’ম পাই যে ৰজাই তেওঁলোকক মুৰ্খ সজাইছে। তেতিয়াৰ পৰা এই দিৱস পালন কৰা হয়।
সমগ্ৰ ব্ৰিটেইনত এই এপ্ৰিল ফুলৰ কথা বিয়পি পৰিছিল। স্কটলেণ্ডত এপ্ৰিল ফুল দিৱস দুদিনীয়া হয়। এপ্ৰিল দিৱসক অল ফুলছ দিৱস বুলিও কোৱা হয়। পৰৱৰ্তী সময়ত এই দিৱস সমগ্ৰ বিশ্বত বিয়পি পৰে।
অন্য এক কাহিনী
কিছুমানৰ মতে, ১৫৮২ চনত ফ্ৰান্সে জুলিয়ান কেলেণ্ডাৰ ত্যাগ কৰি গ্ৰেগৰিয়ান কেলেণ্ডাৰ গ্ৰহণ কৰিছিল। সেই সময়ত জুলিয়ান কেলেণ্ডাৰত নতুন বছৰটো ১ এপ্ৰিলৰ পৰা আৰম্ভ হৈছিল যদিও গ্ৰেগৰিয়ান কেলেণ্ডাৰত ই ১ জানুৱাৰীলৈ স্থানান্তৰিত হৈছিল। এই পৰিবৰ্তন বহুতে বুজি পোৱা নাছিল। এনে ক্ষেত্ৰত ১ এপ্ৰিলত নৱবৰ্ষ পালন কৰাসকলক মুৰ্খ বুলি ক’বলৈ আৰম্ভ কৰিলে আৰু এনেকৈ এই দিৱসৰ আৰম্ভণি হয়।
মহত্ব
এই দিনটোত মানুহে আনন্দ কৰে। এই দিনটোৰ মহত্ব কেৱল মিছা কোৱা নহয়, ই বন্ধু বান্ধৱী তথা আপোনজনৰ মাজত সুখ বিয়পায়। এই দিনটোত কৌতুক, হাঁহি-ধেমালি কৰা হয় যিয়ে আনন্দ দিয়ে বিভিন্নজনক। এক কথাত, চাৰিওফালে আনন্দ তথা সুখ বিয়পোৱা এই দিৱসৰ মূল লক্ষ্য।