শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভেলেণ্টাইন ডে’ত সংগীৰ সৈতে ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিছে নেকি, তেন্তে যাওক এইসমূহ স্থানলৈ…

সমাগত ভেলেণ্টাইন ডে। বছৰৰ দ্বিতীয় মাহ ফেব্ৰুৱাৰী মাহৰ ১৪ তাৰিখে ইয়াক পালন কৰা হয়। ইয়াক পৱিত্ৰ প্ৰেমৰ দিন হিচাপে সমগ্ৰ বিশ্বতে পালন কৰা হয়। প্ৰেমিক-প্ৰেমিকা সকলে নিজৰ প্ৰিয়জনক ফুল, মিঠাই বা মৰমৰ বাৰ্তাৰে এই বিশেষ দিনটো আৰু অধিক বিশেষ কৰি তোলে। বিভিন্নজনে এই দিনটোত ফুৰিবলৈ গৈও ভাল পায়।

ভেলেণ্টাইন ডে’ত সংগীৰ সৈতে ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিছে নেকি, তেন্তে যাওক এইসমূহ স্থানলৈ…
ভেলেণ্টাইন ডে'ত সংগীৰ সৈতে ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিছে নেকি?Image Credit source: pexels
barasha-misra
Barasha Misra | Published: 31 Jan 2025 07:57 AM

ভেলেণ্টাইন ডে’ প্ৰেম আৰু ৰোমাঞ্চৰ বিশেষ দিন, যিটো প্ৰতিগৰাকী প্ৰেমিক-প্ৰমিকাই নিজৰ ধৰণেৰে স্মৰণীয় কৰি তুলিব বিচাৰে। এই দিনটোত একাংশই সংগীৰ বাবে বিশেষ উপহাৰ ক্ৰয় কৰে, আনহাতে কিছুমানে ৰোমান্টিক ডিনাৰ গ্ৰহণৰ পৰিকল্পনা কৰে। কিন্তু যদি আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে এই দিনটো আৰু অধিক বিশেষ কৰিব বিচাৰে, তেন্তে এই ভেলেণ্টাইন ডে’ত আপোনাৰ সংগীৰ সৈতে ৰোমান্টিক ভ্ৰমণৰ পৰিকল্পনা কৰক। একেলগে সময় কটোৱাৰ লগতে সুন্দৰ ঠাইৰ অভিজ্ঞতা লাভ কৰিব পাৰিব।

ভাৰতত বা বিদেশত হওক, এনে বহুতো ৰোমান্টিক আৰু ধুনীয়া গন্তব্যস্থান আছে যিবোৰ প্ৰেমিক-প্ৰমিকাৰ বাবে একেবাৰে উপযুক্ত। আজি জানো আহক তেনে বিশেষ গন্তব্য স্থানৰ বিষয়ে…

থাইলেণ্ড

বগা বালি, নীলা পানী আৰু এটা ৰোমান্টিক পৰিৱেশৰ বাবে কাৰাবি পৰিচিত। ইয়াত আপুনি বিখ্যাত ফি ফি দ্বীপপুঞ্জলৈ যাত্ৰা কৰিব পাৰে, নাও চলাচল উপভোগ কৰিব পাৰে আৰু সূৰ্যাস্ত উপভোগ কৰিব পাৰে। থাইলেণ্ডৰ এই সুন্দৰ ঠাইখনে আপোনাৰ ভেলেণ্টাইন ডে’ক আৰু অধিক বিশেষ কৰি তুলিব।

লেহ লাডাখ

দুঃসাহসিক ভ্ৰমণৰ বাবে প্ৰথমে মনলৈ অহা নামটো হ’ল লেহ লাডাখ। যদি আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে অলপ ব্যতিক্ৰম স্থানত যাব বিচাৰে এয়া উত্তম। ইয়াৰ সুন্দৰ ৰাস্তা-ঘাট আৰু বতৰে আপোনাক মুগ্ধ কৰি তুলিব। ইয়াত পৰ্যটকসকলৰ বাবেও বহুত চাব আৰু ভ্ৰমণ কৰিব পাৰি। ইয়াত ৰিভাৰ ৰাফটিং, ট্ৰেকিং, জীপ ছাফাৰী আৰু মাউণ্টেন বাইকিং উপভোগ কৰিব পাৰি।

ভূটান

যদি আপুনি আৰু আপোনাৰ সংগীয়ে শান্তিপূৰ্ণ পৰিৱেশ আৰু প্ৰাকৃতিক সৌন্দৰ্য ভাল পায়, তেন্তে ভূটান এক উত্তম বিকল্প। এই দেশখন সেউজীয়া পৰ্বত আৰু সাংস্কৃতিক ঐতিহ্যৰ বাবে বিখ্যাত। টাইগাৰ নেষ্ট মঠলৈ ট্ৰেকিং কৰি আৰু থিম্পুলৈ গৈ আপুনি আপোনাৰ সংগীৰ সৈতে স্মৰণীয় মুহূৰ্ত কটাব পাৰে।

ৰাছ আল-খৈমাহ

ডুবাইৰ পৰা অলপ দূৰৈত থকা ৰাছ আল-খৈমাহ বিলাসীতা আৰু ৰোমাঞ্চ উপভোগ কৰিব বিচৰা দম্পতীৰ বাবে একেবাৰে উপযুক্ত। বালিৰ টিলা, বিলাসী ৰিজৰ্ট আৰু ইয়াৰ সূৰ্যাস্তৰ মনোমোহা দৃশ্যই আপোনাৰ হৃদয় স্পৰ্শ কৰিব। দুঃসাহসিক অভিযানৰ বাবে ইয়াত পেৰাগ্লাইডিং আৰু মৰুভূমি ছাফাৰীৰ দৰে বিকল্প আছে।

মালদ্বীপ

মালদ্বীপক বিশ্বৰ অন্যতম ৰোমান্টিক গন্তব্যস্থান। ইয়াৰ পানীৰ ভিলা, স্বচ্ছ পানীৰ সৌন্দৰ্য আৰু ব্যক্তিগত পাৰসমূহে আপোনাৰ ভেলেণ্টাইন ডে’ক ৰোমান্টিক কৰি তুলিব। ইয়ালৈ গ’লে সংগীৰ সৈতে স্কুবা ডাইভিং উপভোগ কৰক আৰু সাগৰৰ মাজত ৰাতিৰ আহাৰ গ্ৰহণৰ পৰিকল্পনা কৰক।