বহু চেষ্টাৰ পিছতো ওজন বৃদ্ধি হোৱা নাই নেকি? মানি চলক এনে ডায়েট, পাব সুফল…
ওজন হ্ৰাস কৰাৰ দৰেই ওজন বৃদ্ধি কৰাটোও সহজ কাম নহয়। বহু সময়ত কম ওজনৰ বা বেছি ক্ষীণ হোৱাৰ বাবেই ঠাট্টা তথা বিদ্ৰুপৰ সন্মুখীন হোৱাৰ বাবে এনে ক্ষীণ লোকসকলৰ আত্মবিশ্বাসো কমি যায়। এনে পৰিস্থিতিত ক্ষীণ লোকে ওজন বৃদ্ধি কৰিবলৈ চেষ্টা কৰে যদিও বহু সময়ত সঠিক ফলাফল নাপায়। এইক্ষেত্ৰত বিশেষ ডায়েট প্লেনে উপকৃত কৰিব আপোনাক।
বৰ্তমান সময়ত ওজন বৃদ্ধি বা মেদবহুলতাৰ সমস্যা বহু লোকৰ বাবে চিন্তনীয় কাৰণ হৈ পৰিছে। ওযন নিয়ন্ত্ৰণৰ কাৰণে তেওঁলোকে যথাসাধ্য সকলো প্ৰচেষ্টা চলোৱা দেখা যায়। ইয়াৰ বিপৰীতে আকৌ আন কিছুমান লোকে নিজৰ দেহৰ কম ওজনৰ বাবে হতাশাত ভুগাহে পৰিলক্ষিত হয় আৰু দেহৰ ওজন বৃদ্ধিৰ বাবে পূৰ্ণ চেষ্টা চলায়। কিন্তু ওজন হ্ৰাস কৰাৰ দৰেই ওজন বৃদ্ধি কৰাটোও সহজ কাম নহয়। বহু সময়ত কম ওজনৰ বা বেছি ক্ষীণ হোৱাৰ বাবেই কিছুমান মানুহ ঠাট্টা তথা বিদ্ৰুপৰ সন্মুখীন হোৱা দেখা যায়।
প্ৰায়েই এইদৰে ঠাট্টা বিদ্ৰুপ সন্মুখীন হোৱাৰ বাবে এনে ক্ষীণ লোকসকলৰ আত্মবিশ্বাসো কমি যায়। এনে পৰিস্থিতিত ক্ষীণ লোকে ওজন বৃদ্ধি কৰিবলৈ চেষ্টা কৰে যদিও বহু সময়ত সঠিক ফলাফল নাপায়। বিশেষকৈ যিসকলৰ বিপাকীয় ক্ৰিয়া অতি দ্ৰুত হয় তেওঁলোকৰ ওজন বৃদ্ধিত প্ৰায়ে অসুবিধা হয়। বহু লোকে উপযুক্ত খাদ্যাভ্যাস আৰু ব্যায়াম কৰাৰ পিছতো শৰীৰৰ ওজন বৃদ্ধি কৰিবলৈ সক্ষম নহয়।
যদি আপুনিও এইদৰে ওজন বৃদ্ধিৰ বাবে পূৰ্ণ চেষ্টা কৰিও বিফল হৈ পৰিছে অৰ্থাৎ আপোনাৰ চেষ্টাই কোনো ধৰণৰ ফল দিয়া নাই, তেতিয়াহ’লে চিন্তা নকৰিব। মাত্ৰ আপোনাৰ খাদ্য আৰু জীৱনশৈলীত কিছু পৰিৱৰ্তন কৰিলেই আপুনি প্ৰত্যাশিত সাফল্য লাভ কৰিব। ওজন বৃদ্ধিৰ বাবে খাদ্যত কেলৰিৰ মাত্ৰা বৃদ্ধি কৰাটো গুৰুত্বপূৰ্ণ। সেয়ে এনে ধৰণৰ ডায়েট প্লেনে আপোনাক উপকৃত কৰিব-
ব্ৰেকফাষ্টঃ প্ৰথমে ৰাতিপুৱা ২টা পকা কল আৰু এগিলাচ সম্পূৰ্ণ ক্ৰীমযুক্ত গাখীৰ খাওক। কিয়নো কল আৰু গাখীৰত কেলৰি আৰু পুষ্টি দুয়োটা থাকে। ইয়াৰ পিছত ৩টা সিজোৱা কণী বা অমলেট খাব। তাৰ পিছত কিছু সময়ৰ পাছত পুনৰ ২ খন ৰুটিত পিনাট বাটাৰ লগাই খাব।
পুৱা আৰু দুপৰীয়াৰ মধ্যাংশ সময়ৰ আহাৰঃ এই সময়ত গাখীৰ, কল আৰু পিনাট বাটাৰ শ্বেক বনাই খাব লাগে। লগতে অমিতা, আপেল বা ডালিমৰ দৰে ফল খাওক। ইয়াৰ দ্বাৰা দেহে প্ৰটিনো লাভ কৰিব আৰু আপোনাৰ পেটো বেছি গধুৰ যেন অনুভৱ নহ’ব।
দুপৰীয়াৰ আহাৰঃ দুপৰীয়াৰ আহাৰত ভাতৰ সৈতে দাইল খাব। লগতে ঘিঁউত সিজোৱা সেউজীয়া শাক-পাচলি খাব। ইয়াৰ লগতে ১০০ গ্ৰাম পনীৰ আৰু ২-৩ টা ৰুটি খাব লাগে।
সন্ধিয়াৰ জলপানঃ সন্ধিয়া ৫-৬ টা আলমণ্ড আৰু আখৰোট খাব পাৰে। এইবোৰে ওজন বৃদ্ধিত সহায় কৰে। লগতে চাহ বা কফি খাওক। ইয়াৰ সৈতে আপুনি মাল্টিগ্ৰেইন বিস্কুট খাব পাৰে।
ৰাতিৰ আহাৰঃ ৰাতিৰ আহাৰত ১০০-১৫০ গ্ৰাম গ্ৰীল কৰা কুকুৰাৰ মঙহ বা মাছ খাব লাগে। ইয়াৰ লগত ১-২ টা ৰুটি আৰু আধা কাপ ভাত খাব। ইয়াৰ লগত স্বাস্থ্যকৰ চালাড আৰু এক বাটি দৈ খাওক। শুবলৈ লোৱাৰ পূৰ্বে হালধি বা মৌ মিহলি গাখীৰ এগিলাচ খাব লাগে।
যদি আপুনি এই খাদ্য প্ৰণালী নিয়মীয়াকৈ গ্ৰহণ কৰে তেন্তে কেইসপ্তাহমানৰ ভিতৰতে আপোনাৰ ওজনৰ পাৰ্থক্য অনুভৱ কৰিবলৈ আৰম্ভ কৰিব। কিন্তু যদি সমস্যা ইয়াৰ পিছতো উপশম নহয় বা আন কোনো সমস্যাত ভুগা যেন অনুভৱ হয়, তেতিয়া নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত হ’ব।