শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বিশ্ব পৰ্যটনৰ মানচিত্ৰত অসম! ‘দ্য নিউয়ৰ্ক টাইমছ’ৰ তালিকাত লাভ কৰিলে চতুর্থ স্থান…

'নিউয়ৰ্ক টাইমছ'ত প্ৰকাশ পাইছে ২০২৫ বৰ্ষত পৰ্যটকে ভ্ৰমণ কৰিব পৰা ৫২খন ঠাইৰ নাম। য'ত এই ঠাইসমূহৰ মাজত  স্থান লাভ কৰিছে অসমে। আগশাৰীৰ সংবাদ গোষ্ঠীটোৱে নিজাববীয়াকৈ চলাইছিল সমীক্ষা।  সমীক্ষাত অন্যতম পৰ্যটনস্থলী হিচাপে স্থান পাইছে অসমে।

বিশ্ব পৰ্যটনৰ মানচিত্ৰত অসম! ‘দ্য নিউয়ৰ্ক টাইমছ’ৰ তালিকাত লাভ কৰিলে চতুর্থ স্থান…
‘দ্য নিউয়ৰ্ক টাইমছ’ৰ তালিকাত অসমৰ পৰ্যটন ক্ষেত্ৰত নাম!Image Credit source: google
trishna-kalita
Trishna Kalita | Updated On: 09 Jan 2025 14:37 PM

প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ অসম সেউজীয়াৰ বাবে জনাজাত। চৌদিশে আছে নদী, পাহাৰ, জলপ্ৰপাত, মঠ-মন্দিৰৰ। যিবোৰ চাবলৈ বহু দেশী-বিদেশী পৰ্যটকৰ আগমন হয়। নৱবৰ্ষৰ আৰম্ভণিতে অসমৰ পৰ্যটন ক্ষেত্ৰলৈ আহিছে এটা সু-খবৰ।  ‘নিউয়ৰ্ক টাইমছ’ত প্ৰকাশ পাইছে ২০২৫ বৰ্ষত পৰ্যটকে ভ্ৰমণ কৰিব পৰা ৫২খন ঠাইৰ নাম। য’ত এই ঠাইসমূহৰ মাজত  স্থান লাভ কৰিছে অসমে। আগশাৰীৰ সংবাদ গোষ্ঠীটোৱে নিজাববীয়াকৈ চলাইছিল সমীক্ষা।  সমীক্ষাত অন্যতম পৰ্যটনস্থলী হিচাপে স্থান পাইছে অসমে। অসমৰ দুখনকৈ “বিশ্ব ঐতিহ্য ক্ষেত্ৰ” ক্ৰমে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু চৰাইদেউ মৈদামৰ বিষয়েও পৰ্যটসকলৰ সুবিধাৰ্থে সুন্দৰকৈ বৰ্ণনা কৰা হৈছে।

এয়া অসমৰ বাবে মাইলৰ খুঁটি। ২০২৫ চনৰ ভ্ৰমণ কৰিবলগীয়া ৫২ পর্যটন ক্ষেত্রত চতুর্থ শীর্ষ স্থান দখল কৰিছে অসমে। য’ত ইয়াৰ অনন্য সাংস্কৃতিক সমৃদ্ধি, মনোৰম প্ৰাকৃতিক দৃশ্য আৰু উদীয়মান পৰ্যটন আন্তঃগাঁথনিৰ কথা উল্লেখ কৰা হৈছে। ইয়াৰ দূৰৱৰ্তী আকৰ্ষণ আৰু সাংস্কৃতিক স্বকীয়তাৰ বাবে নিউয়ৰ্ক টাইমছে অসমক ম্যানমাৰ আৰু বাংলাদেশৰ মাজত অৱস্থিত এক লুপ্ত ৰত্ন হিচাপে চিত্ৰিত কৰিছে। অসম এখন ঠাইৰ প্ৰামাণিক দিশবোৰত ডুব দিব বিচৰা এজন আন্তৰ্জাতিক পৰ্যটকৰ বাবে সহজ উপলব্ধতাৰ স্থান হৈ পৰিছে।

এই স্বীকৃতিৰ এটা মুখ্য কাৰক হ’ল -চৰাইদেউ মৈদাম। যি অসমৰ তাই-আহোম জনগোষ্ঠীৰ গভীৰ আধ্যাত্মিক বিশ্বাস, চহকী ঐতিহ্য আৰু স্থাপত্য-ভাস্কৰ্যৰ অপূৰ্ব নিদৰ্শন৷ কিছুদিন পূৰ্বে UNESCO বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰিছে এই মৈদামে। আহোম ৰাজ শাসনৰ ৬০০ বছৰীয়া সোণালী ইতিহাস বহন কৰি আছে ঐতিহাসিক চৰাইদেউ মৈদামে ৷ ২০১৪ বৰ্ষতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰাৰম্ভিক তালিকাত অন্তৰ্ভুক্ত কৰিলৈ সক্ষম হৈছিল চৰাইদেউ মৈদাম ক্ষেত্ৰৰ নাম।

অসমৰ পৰ্যটনৰ ক্ষেত্ৰৰ আন এক উল্লেখযোগ্য অৱদান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।  যি হৈছে UNESCOৰ এখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ। যি ইয়াৰ এশিঙীয়া গঁড়ৰ জনসংখ্যাৰ বাবে বিখ্যাত।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰত্যেক বছৰে অভিলেখ সংখ্যক পৰ্যটক আহে । প্ৰত্যেক বছৰে ঘৰুৱা পৰ্যটকৰ লগতে অভিলেখ সংখ্যক বিদেশীৰ পৰ্যটককে ভ্ৰমণ কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । তথ্য অনুসৰি, ২০২৩-২৪ পৰ্যটন বৰ্ষত কাজিৰঙালৈ আহিছিল ৩,২৭,৪৯৩ জন দেশী-বিদেশী পৰ্যটক । ইয়াৰ ভিতৰত বিদেশী পৰ্যটকৰ সংখ্যা হৈছে ১৩,৯১৯ জন ।ইফালে যোৱা পৰ্যটন বৰ্ষত উদ্যান কৰ্তৃপক্ষই ৮,৮১,৮৪,১৬১ টকা ৰাজহ লাভ কৰিছিল ।

তথ্য অনুসৰি, ২০২৩-২৪ চনত, অসমে ৭০ লাখতকৈও অধিক ঘৰুৱা পৰ্যটক আৰু ২৬,০০০ তকৈও অধিক আন্তঃৰাষ্ট্ৰীয় দৰ্শনাৰ্থীক আকৰ্ষিত কৰিছিল। যাৰ ফলত সাংস্কৃতিক আৰু প্ৰাকৃতিক হটস্পট হিচাপে ৰাজ্যখনৰ খ্যাতি অধিক শক্তিশালী হৈ উঠিছিল। ৰাজ্যখনত এনে বহু প্ৰতিষ্ঠিত চাহ বাগিচা আছে, যিয়ে বিশ্বব্যাপী উৎকৃষ্ট চাহ উৎপাদনৰ বাবে বিখ্যাত। ইয়াৰ প্ৰাকৃতিক পৰিৱেশে দৰ্শনাৰ্থীসকলক এক বিশেষ প্ৰশান্তি প্ৰদান কৰে। এই প্ৰাকৃতিক সৌন্দৰ্যক অধিক মনোৰম কৰি তোলে চাহ খেতিয়ে।

 

Latest News