ৰঙালী বিহুৰ পৰম্পৰা: আজি উৰুকা, কাইলৈ গৰু বিহু, ব’হাগক আদৰিবলৈ সাজু অসমীয়া….
আজি ৰঙালী বিহুৰ উৰুকা। কাইলৈ চহকী অসমীয়াই পালন কৰিব গৰু বিহু। সেইদিনাৰ পৰা আৰম্ভ হ’ব সাত বিহুৰ পৰম্পৰা। গৰু বিহুৰ দিনা গাঁৱৰ কৃষকসকলে তেওঁলোকৰ গোহালিৰ পৰা গৰু, ম’হ উলিয়াই নৈ বা জান-জুৰিৰ ঘাটলৈ নি নোৱাই ধুৱাই এই বিহু উদযাপন কৰে।

ব’হাগ মানেই ৰং, আনন্দ। সেয়ে ব’হাগ বিহুক ৰঙালী বিহু বুলিও কোৱা হয়। বছৰৰ ভিন ভিন সময়ত অসমীয়াই পালন কৰে তিনিটা বিহু । এই তিনিটা হ’ল-ব’হাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু আৰু মাঘ বিহু বা ভোগালী বিহু। কৃষি সংস্কৃতিৰ আৰম্ভনিৰ পৰাই অসমীয়া জনসাধাৰণে কৃষিৰ লগত সংগতি ৰাখি ৰঙালী বিহু উদযাপন কৰি আহিছে। ব’হাগ বিহু বা ৰঙালী বিহু তিনিওটা বিহুৰ ভিতৰত প্রধান।ব’হাগ বিহুৰ লগত ৰং-তামাচা, নৃত্য-গীতৰ লগতে বহুতো ৰীতি-নীতি, লোকাচাৰ আৰু জনবিশ্বাস জড়িত হৈ আছে।চ’তৰ সংক্রান্তিৰ পৰা আৰম্ভ হৈ ব’হাগৰ ছয় দিনলৈ পালন কৰা হয় ব’হাগ বিহু বা ৰঙালী বিহু। ইয়াক সাত বিহু বুলিও জনা যায়।
আজি ৰঙালী বিহুৰ উৰুকা। কাইলৈ চহকী অসমীয়াই পালন কৰিব গৰু বিহু। সেইদিনাৰ পৰা আৰম্ভ হ’ব সাত বিহুৰ পৰম্পৰা। গৰু বিহুৰ দিনা গাঁৱৰ কৃষকসকলে তেওঁলোকৰ গোহালিৰ পৰা গৰু, ম’হ উলিয়াই নৈ বা জান-জুৰিৰ ঘাটলৈ নি নোৱাই ধুৱাই এই বিহু উদযাপন কৰে। সেইদিনাই গৰুৰ শিঙত তেল আৰু গাত মাহ-হালধি লগোৱা হয়। তাৰ পাছত দীঘলতি পাত, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খোৱাই ঘৰৰ গৰু কেইটাৰ দীৰ্ঘায়ু আৰু ন শক্তি কামনা কৰে। তাৰ পিছদিনা ১ ব’হাগত পালন কৰা হয় মানুহ বিহু। সেইদিনাৰ পৰা আৰম্ভ হয় অসমীয়া নতুন বছৰ।
আগৰ দিনত বিহুৰ সময়ত ডেকা-গাভৰু মিলি চ’ত মাহৰ ৰাতি নাচি গাই আনন্দ কৰিছিল। এই কালছোৱাত ব্যক্তিগত উচাহ আৰু প্ৰেমৰ প্রকাশেই বিহুত প্রাধান্য পাইছিল যদিও ধৰ্ম আৰু কৃষিও সমান্তৰাল বাবে জড়িত আছিল। অসমৰ অজনজাতীয় লোক সকলৰ মাজত প্ৰচলিত বহাগ বিহুলৈ লক্ষ্য কৰিলে দেখা যায়, ইয়াত আৰ্য্যমূলীয় বা বৈদিক আৰু আৰ্য্যভিন্ন বা অবৈদিক দুয়ো প্ৰকাৰ উপাদানেই স্পষ্ট। তাৰ মাজতে অৱশ্যে বিশেষ কিছুমান লোক-পৰম্পৰাও বিদ্যমান। ৰঙালী বিহুৰ সময়ত গছৰ তলত বিহু নাচ কৰা হয়, যি স্বৰ্গদেউ ৰূদ্ৰসিংহৰ দিনত ৰংঘৰৰ বাকৰিত প্ৰদৰ্শিত হৈছিল।
সাত বিহু
গৰু বিহু: চ’তৰ সংক্ৰান্তিৰ দিনা গৰু বিহু পালন কৰা হয়। এই দিনা গৰুৰ শিঙত তেল দি ধুৱাই-পখলাই লাও-বেঙেনা খুৱায় আৰু তাৰে মালাও পিন্ধায়। লগতে গীত গাই গাই দীঘলতী, মাখিয়তী আদি গছৰ ডালেৰে কোবাই।
মানুহ বিহু: গৰু বিহুৰ পাছদিনা অৰ্থাৎ ব’হাগৰ পহিলা তাৰিখে মানুহ বিহু পালন কৰা হয়। এই দিনটোত সকলোৱে গা-পা ধুই পৰিয়ালৰ সকলো একেলগ হয় আৰু সৰুৱে ডাঙৰক সেৱা কৰি আশীৰ্বাদ লয়। লগতে নতুন বছৰৰ প্ৰথম দিনটোতে নিয়ম-নীতি , পৰম্পৰাৰে অসমীয়াই নতুন বছৰক আদৰি লয়। ইয়াৰ উপৰিও বিহুৱান মৰমৰ গামোচা উপহাৰেৰে এজনে আনজনৰ প্ৰতি মৰম , সন্মান আৰু শ্ৰদ্ধা জনায়।
গোসাঁই বিহু: ৰঙালী বিহু বা ব’হাগ বিহুৰ তৃতীয় দিনা গোসাঁই বিহু। এই দিনটোত সেইদিনা গাঁৱৰ ৰাজহুৱা নামঘৰত নাম-প্ৰসঙ্গ অনুষ্ঠিত হয়।
তাঁতৰ বিহু: অসমীয়া জনজীৱনৰ আদৰৰ সম্পদ ‘তাঁতশাল’। মহাত্মা গান্ধীয়ে কৈছিল, অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে। সেইদিনা বোৱনীসকলে তাঁতশালৰ সজুঁলিসমূহ ভালকৈ বান্ধি ওপৰত উঠাই লয় আৰু খেতি কৰিবলৈ সাজু হয়।
নাঙলৰ বিহু: বিহুৰ পঞ্চম দিনটোত খেতি কামৰ বাবে নাঙলৰ পূজা কৰা হয়। অসমীয়াৰ কৃষিকৰ্মৰ মূল সঁজুলি ‘নাঙলৰ বিহু’। সেইদিনা খেতিয়কে নাঙলটো ঠিকে আছেনে নাই চাই-চিতি ঠিক কৰি লয় আৰু খেতি কৰিবৰ বাবে সাজু হয়।
জীয়ৰী বা চেনেহী বিহু: এই দিনটোত আত্মীয়-স্বজনৰ মাজত মৰম প্ৰকাশ কৰা হয়। ষষ্ঠ দিনা বিয়া দিয়া জীয়ৰী পিতৃগৃহলৈ আহে; সেয়ে সেইদিনা ‘জীয়ৰী বা চেনেহী বিহু’।
চেৰা বিহু: শেষৰ দিনা পালন কৰা হয় ‘চেৰা বিহু’। এই দিনটোত বিহুৰ শেষৰ দিনত সকলো মিলি আনন্দ কৰে।
ব’হাগ মাহত চলি অহা বিভিন্ন লোকে পৰম্পৰাৰ ভিতৰত অন্যতম হল ১০১ বিধ শাক খোৱা। অতীজৰে পৰা চলি অহা পৰম্পৰা অনুসৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত সাত বিহুত ১০১ বিধ শাকৰ জুটি লোৱা হয়। সাতবিহুৰ যিকোনো এদিনত এশ এবিধ শাক খোৱা নিয়ম আছে। এশ এবিধ শাকৰ আঞ্জা ৰোগৰ মহৌষধ। এশ এবিধ নোৱাৰিলেও সাতবিধেৰে কাম চলোৱা হয়। ইয়াকে ‘সাতশাকী’ বোলে।
ৰঙালী বিহুত সাধাৰণতে ৰং-ধেমালিক বেছি গুৰুত্ব প্ৰদান কৰা হয। তথাপিও ব’হাগ বিহুত স্বাভাবিক খাদ্য খোৱাৰ উপৰি উৎসৱকেন্দ্রিক কিছুমান খাদ্য খোৱা হয়। উৎসৱভিত্তিক খাদ্যসমূহ মূলতঃ দুবিধ—পিঠা-পনা আৰু শাক-পাচলি। ৰঙালী বিহুত পিঠা-পনাৰ সৈতে দৈ, গুড় আদিৰে জলপানো খাদ্য হিচাপে গ্ৰহণ কৰা হয়। ৰঙালী বিহুৰ পিঠা-পনাৰ অন্যতম হ’ল— তিল পিঠা, নাৰিকল পিঠা, ঘিলা পিঠা, সুতুলি পিঠা, নাৰিকলৰ লাড়ু, তেল পিঠা বা ফুলা পিঠা, পানী পিঠা, টেকেলি পিঠা, চুঙা পিঠা, হুকম, মাহ-কৰাই, দোৱা ভজা চিৰা আদি। এইবোৰৰ উপৰি জনগোষ্ঠীভেদে গৃহত প্ৰস্তুত কৰা সাজ-পানীও ৰঙালী বিহুৰ বতৰত পানীয় খাদ্যৰূপে গ্রহণ কৰে।