Assamese new Year Wishes: এনেদৰে আপোনজনক প্ৰেৰণ কৰক অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা…
Assamese New year Wishes: অসমীয়া নৱবৰ্ষ আৰু হেঁপাহৰ ৰঙালী বিহুক আদৰিবলৈ সাজু প্ৰতিগৰাকী অসমীয়া। ৰঙালীয়ে লৈ আনে অসমীয়াৰ নতুন বছৰ। এই সময়চোৱাত ইজনে সিজনেক ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে।

অসমীয়া নৱবৰ্ষলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ৰঙালী বিহুৰ সমান্তৰালকৈ কিছুদিন পাছত সকলোৱে উদযাপন কৰি অসমীয়া নৱবৰ্ষ। চ’তৰ সংক্ৰান্তিৰ দিনৰ পৰা আৰম্ভ হ’ব অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু। ইতিমধ্যে বিহুক লৈ প্ৰস্তুতি সম্পন্ন হৈছে অসমীয়াৰ। ৰঙালী বিহুয়ে লৈ আনে অসমীয়া নতুন বছৰ (Assamesse new year)। ৰঙালী বিহু ৭ দিনৰ বাবে উদযাপন কৰা হয়। প্ৰতিটো দিনত প্ৰতিটো বিহুৰ আছে সুকীয়া বৈশিষ্ট। অসমীয়াৰ ৩ বিহুৰ ভিতৰত বহাগ বিহু বা ৰঙালী বিহু অন্যতম।
ৰঙালী বিহু বা অসমীয়া নৱবৰ্ষৰ সময়চোৱাত বিভিন্নজনে কাম বন কাটি কৰি ঘৰলৈ ঢাপলি মাৰে। অৱশ্যে ব্যস্ততাৰ বাবে বিভিন্নজনে আপোনজনৰ ওচৰলৈ যাব নোৱাৰে। তেনেস্থলত আপোনজনক মেছেজ বা ফোনৰ জৰিয়তে জনোৱা হয় শুভ বাৰ্তাষ আপুনিও আপোনজনক তলত দিয়া ধৰণে নৱবৰ্ষৰ শুভেচ্ছ দিব পাৰে-
- অসমীয়া নৱবৰ্ষৰ হিয়াভৰা ওলগ জনালো। আশা কৰো, নতুন বছৰটিয়ে তোমাৰ জীৱনলৈ কঢ়িয়াই আনক সুখ শান্তি আৰু সমৃদ্ধি। লগতে জনালে ৰঙালী বিহুৰ শুভেচ্ছা।
- হেঁপাহৰ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ অলেখ শুভকামনা।
- অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনালো। আশা কৰো আহিবলগীয়া বছৰটিয়ে সুন্দৰ কৰি তোলক তোমাৰ জীৱন।
- সুখ-আনন্দ, সমৃদ্ধি লৈ ৰঙালী বিহুয়ে লৈ আনে নতুন বছৰ। তোমালৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনালো।
- ৰঙালী মানে ৰং। এই ৰঙালী বিহুৰ সময়চোৱাত ৰঙেৰে উপচি পৰক তোমাৰ জীৱন। তোমালৈ ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ অলেখ শুভেচ্ছা।
- বসন্তৰ ন-কুঁহিপাতে পোখা মেলি ওলোৱাৰ দৰে তোমাৰ জীৱনতো উন্নতি-সমৃদ্ধিয়ে গতি কৰক উচ্চ শিখৰলৈ। তোমালৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ অলেখ শুভকামনা।
- নতুন উদ্যম, নতুন সাহসেৰে আৰম্ভ কৰা নতুন বছৰ। তোমালৈ অসমীয়া নৱবৰ্ষৰ বহুত শুভেচ্ছা। লগতে জনালো ৰঙালী বিহুৰ হিয়াভৰা ওলগ।
- তোমালৈ ৰঙালী বিহুৰ অযুত শুভকামনা। লগতে জনালো অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা। আশা কৰো আহিবলগীয়া বছৰটিত পূৰণ হওক তোমাৰ সকলো সপোন।
- তোমাক আৰু তোমাৰ পৰিয়াললৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ অযুত শুভকামনা। আশা কৰো, মনে বিচৰা সকলোখিনি যাতে নতুন বছৰটিত লাভ কৰা। তোমালৈ বহুত মৰম।
- কুলিৰ মাতত বসন্ত আহে, বসন্ত হাত ধৰি নতুন বছৰ আহে! তোমালৈ অসমীয়া নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা।
- বিহু অসমীয়াৰ প্ৰাণ। এই ৰঙালী বিহুয়ে সুখ-আনন্দ, সমৃদ্ধি, সম্প্ৰীতিৰ সৈতে লৈ আনিছে নতুন বছৰ। তোমালৈ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা। সদায় সুখী হোৱা। লগতে জনালো ৰঙালী বিহুৰ অযুত শুভকামা।
অন্য খবৰ পঢ়কঃ Rongali bihu 2025 Wish: এনেকৈ আপোনজনক প্ৰেৰণ কৰক ৰঙালী বিহুৰ শুভেচ্ছা…