শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Traditional Food of Assam: আপুনি কলপচলা খাই ভাল পায় নে? জানক ইয়াৰ উপকাৰী গুণৰ বিষয়ে

Assamese Food:কল পচলা ঔষধী গুণেৰে ভৰপূৰ। আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। কল পচলা আপুনি খাই নে ? কেৱল গ্ৰাম্যাঞ্চলতে পাচলি হিচাপে ব্যৱহাৰ কৰা কলপচলা আজিকালি নগৰ–মহানগৰৰ বজাৰতো যথেষ্ট জনপ্রিয়। কলপচলা কেৱল সাধাৰণ আঞ্জাই নহয়, কলপচলা খালে দেহত জমা হোৱা ইউৰিক এছিড কমাই ৰাখে। ইয়াৰোপৰি কল পচলাই আমাৰ দেহৰ প্রয়োজনীয় বহুতো উপাদানৰ পৰিপূৰক।

barasha-misra
Barasha Misra | Published: 21 Aug 2024 17:33 PM
পচলাত প্ৰচুৰ পৰিমাণে আঁহ আছে। ইয়াৰ উপৰিও ভিটামিন B6, পতাচিয়াম, আইৰণ আদি পোৱা যায়। ভীমকলৰ পচলা আইৰণ কমি যোৱা ৰোগীক খাবলৈ পৰামর্শ দিয়ে।

1 / 5
পচলাত প্ৰচুৰ পৰিমাণে আঁহ থকাৰ বাবে কোষ্ঠকাঠিন্যত সুফল পোৱা যায়। আইৰণ, ভিটামিন B6 আদি থকাৰ বাবে ৰক্তহীনতা বা এনিমিয়া ৰোগত উপকাৰী। লগতে ই উচ্চ ৰক্তচাপত পচলা উপকাৰী। ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

2 / 5
কলেষ্টৰল সমস্যাটো পচলা খালে সুফল পোৱা যায়। পেটৰ চৰ্বি কমোৱাত পচলাই সহায় কৰে। সেয়েহে মাজে মাজে পচলা খাব লাগে। মূত্ৰজনন (diuretic) হোৱাৰ বাবে পেচাবৰ বিভিন্ন সমস্যাত পচলা খালে সুফল পোৱা যায়। মূত্ৰনলীৰ সংক্ৰমণ (urinary tract infection)ত পচলা খালে সুফল পোৱা যায়। পচলাই কিডনী স্টোন হোৱাতো বাধা দিয়ে।

3 / 5
ইউৰিক এচিডৰ সমস্যাত ই খুবেই উপকাৰী। এই সমস্যাত ভোগা সকলে মাজে মাজে পচলা খাওক। ডায়েবেটিচ ৰোগতো ই খুব উপকাৰী। ডায়েবেটিচ ৰোগীয়ে নিচিন্ত মনেৰে পচলা খাওক। ই ডায়েবেটিচ ৰোগৰ পৰা হোৱা অন্য সমস্যাও দূৰ কৰাত সহায় কৰে।

4 / 5
বডী দিতক্স বা শৰীৰৰ শোধন কৰাত পচলাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কাৰণ শৰীৰত উৎপন্ন হোৱা অলাগতিয়াল বৰ্জ্য পদাৰ্থ সমূহ পেচাব, পাইখানাৰ যোগেদি শৰীৰৰ পৰা উলিয়াই দিয়াত ই সহায় কৰে।ইয়াৰোপৰি লিভাৰৰ বিভিন্ন সমস্যাত পচলা উপকাৰী। বিশেষকৈ ফেটি লিভাৰ, জণ্ডিচত পচলা খালে উপকাৰ পোৱা যায়।

5 / 5
Latest Stories