5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

সন্তানৰ পৰিকল্পনাৰ পৰা বিৰত থাকক এনে ৰোগত আক্ৰান্ত মহিলাঃ অন্যথা হ’ব পাৰে বিপদ

প্ৰায় প্ৰতিগৰাকী মহিলাই সাধাৰণতে মাতৃত্বৰ অতুলনীয় গৌৰৱেৰে মহীয়ান হোৱাৰ স্বপ্ন দেখে। পিছে এনে কিছুমান ৰোগ আছে, যিসমূহ ৰোগত আক্ৰান্ত হ’লে এগৰাকী মহিলাই গৰ্ভাৱস্থাৰ পৰিকল্পনা কৰা কোনো কাৰণতে উচিত নহয়। এনে ৰোগত আক্ৰান্ত হোৱা মহিলা এগৰাকীয়ে সন্তানৰ পৰিকল্পনা কৰিলে শিশু আৰু মাতৃ উভয়ৰে স্বাস্থ্যৰ হানি ঘটিব পাৰে।

সন্তানৰ পৰিকল্পনাৰ পৰা বিৰত থাকক এনে ৰোগত আক্ৰান্ত মহিলাঃ অন্যথা হ’ব পাৰে বিপদ
প্ৰতিনিধিত্বমূলক ছবি
monjit-dutta
Monjit Dutta | Published: 19 Oct 2024 08:05 AM

বিয়াৰ পিছত প্ৰায় প্ৰতিগৰাকী মহিলাই সাধাৰণতে নিজ কোলালৈ এটি সন্তানৰ আগমনৰ আশা কৰে। মাতৃত্বৰ অতুলনীয় গৌৰৱেৰে মহীয়ান হোৱাৰ স্বপ্ন দেখে প্ৰায় প্ৰতিগৰাকী মহিলাই। পিছে স্বামী-স্ত্ৰীৰ দৈহিক কিছু কাৰণত এই স্বপ্ন বহুসময়ত সাকাৰ নোহোৱাকৈও ৰৈ যায়। তদুপৰি কোনো ক্ষেত্ৰত মহিলাগৰাকী নিজেই সন্তানৰ পৰিকল্পনাৰ পৰা বিৰত থকাটো আৱশ্যক হৈ পৰে। এনে কিছুমান ৰোগ আছে, যিসমূহ ৰোগত আক্ৰান্ত হ’লে এগৰাকী মহিলাই গৰ্ভাৱস্থাৰ পৰিকল্পনা কৰা কোনো কাৰণতে উচিত নহয়।

এনে ৰোগত আক্ৰান্ত হোৱা মহিলা এগৰাকীয়ে সন্তানৰ পৰিকল্পনা কৰিলে শিশু আৰু মাতৃ উভয়ৰে স্বাস্থ্যৰ হানি ঘটিব পাৰে। চিকিৎসকসকলে জানিবলৈ দিয়া মতে এই ৰোগবোৰৰ ক্ষেত্ৰত হয় সন্তান গৰ্ভধাৰণ কৰিব নালাগে, বা কেইবছৰমানৰ ব্যৱধান লোৱাৰ পিছতহে এই বিষয়ে চিন্তা কৰিব লাগে। সন্তানৰ পৰিকল্পনাৰ পৰা বিৰত থাকিবলৈ বিশেষজ্ঞসকলে পৰামৰ্শ দিয়া এই নিৰ্দিষ্ট ৰোগসমূহৰ বিষয়ে জানো আহক।

দিল্লীৰ জিটিবি চিকিৎসালয়ৰ স্ত্ৰীৰোগ বিভাগৰ চিকিৎসক ডাঃ মঞ্জু বাৰ্মাই উল্লেখ কৰা মতে যদি এগৰাকী মহিলাৰ হৃদৰোগত আক্ৰান্ত হয় অৰ্থাৎ মহিলাগৰাকীৰ হৃদৰোগ দুৰ্বল হয় বা হৃদৰোগৰ বাবে তেওঁৰ হাৰ্ট এটেকৰ সন্মুখীন হয় আৰু মহিলাগৰাকী কাৰ্ডিওভাস্কুলাৰ ৰোগৰ অন্তিম পৰ্যায়ত আছে, তেন্তে তেওঁ সন্তান গৰ্ভধাৰণ কৰা উচিত নহয়। এই পৰ্যায়ত হৃদযন্ত্ৰ অত্যন্ত দুৰ্বল হৈ থাকে।

চিকিৎসকগৰাকীয়ে উল্লেখ কৰা মতে, হৃদৰোগত আক্ৰান্ত মহিলা এগৰাকী শ্বাস-প্ৰশ্বাসৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হয়। তেওঁ কোনো কাম সঠিকভাৱে সম্পাদন কৰিব নোৱাৰে। স্বাস্থ্যৰ প্ৰতিনিয়ত অৱনতি ঘটি থাকে। এনে পৰিস্থিতিত যদি সন্তানৰ পৰিকল্পনা কৰা হয়, তেন্তে মাতৃ আৰু শিশু দুয়োৰে জীৱন বিপদত পৰিব পাৰে বুলি চিকিৎসকগৰাকীয়ে সতৰ্ক কৰি দিছে।

যদি কোনো মহিলা টিবি ৰোগত আক্ৰান্ত হয় তেন্তে এই সময়ছোৱাত কেতিয়াও সন্তানৰ পৰিকল্পনা কৰিব নালাগে। টিবি আৰোগ্য হোৱাৰ পিছতহে এই বিষয়ে চিন্তা কৰিব লাগে। টিবিত আক্ৰান্ত মাতৃৰ পৰা এই ৰোগ সন্তানলৈ যোৱাৰ আশংকা থাকে। এনে পৰিস্থিতিত শিশুৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। সেয়ে ডাঃ মঞ্জু বাৰ্মাই প্ৰথমে টিবিৰ সম্পূৰ্ণ চিকিৎসা কৰাৰ পিছতহে শিশুৰ পৰিকল্পনা কৰিবলৈ পৰামৰ্শ দিয়ে। টিবিৰ দৰে এইচ আই ভিতো শিশুৰ পৰিকল্পনা কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ।

একেদৰে এগৰাকী মহিলা যদি বৃক্কৰ গুৰুতৰ ৰোগত আক্ৰান্ত হয় বা ডায়েলাইছিছ কৰি থাকিবলগীয়া হয়, তেওঁলোকে সন্তানৰ পৰিকল্পনা কৰা উচিত নহয় বুলি ছফদাৰজং হাস্পতালৰ স্ত্ৰীৰোগ বিভাগৰ চিকিৎসক ডাঃ ছালনীয়ে জানিবলৈ দিয়ে। বৃক্কৰ ৰোগে সংক্ৰমণৰ সৃষ্টি কৰে আৰু এয়া শিশুৰ বাবে অত্যন্ত বিপদজনক হ’ব পাৰে বুলি চিকিৎসকগৰাকীয়ে উল্লেখ কৰে।

যেতিয়া এগৰাকী মহিলাৰ ডায়েলাইছিছ শেষ হয় বা কিডনী ট্ৰান্সপ্লাণ্ট কৰা হয়, তেতিয়া কমেও তিনি বছৰৰ পিছতহে সন্তানৰ পৰিকল্পনা কৰিব লাগে বুলি চিকিৎসকগৰাকীয়ে লগতে জানিবলৈ দিয়ে। অৱশ্যে ইয়াৰ বাবেও প্ৰথমে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগিব বুলি তেওঁ লগতে কয়।

Latest News