5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

শীতকালত চুৱেটাৰ আৰু মোজা পিন্ধি শুৱে নেকি? নকৰিব এই ভুল, হ’ব পাৰে এনে বিপদ

শীতৰ প্ৰকোপৰ পৰা ৰক্ষাৰ বাবে গৰম কাপোৰ পিন্ধো। শোৱাৰ সময়তো গৰম কাপোৰ গাত লওঁ। ঠাণ্ডাৰ পৰা সকাহ পাবলৈ বহু লোকে কেতিয়াবা নিশা আনকি চুৱেটাৰ, মোজা পিন্ধি শুই থকাও দেখিবলৈ পোৱা যায়। এনে কাৰ্যৰ দ্বাৰা আমি ঠাণ্ডাৰ পৰা সকাহ পাওঁ ঠিকেই, পিছে এই অভ্যাসে আমাৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। এই বিষয়ে জানো আহক।

শীতকালত চুৱেটাৰ আৰু মোজা পিন্ধি শুৱে নেকি? নকৰিব এই ভুল, হ’ব পাৰে এনে বিপদ
চুৱেটাৰ আৰু মোজা পিন্ধি শুলে হ’ব পাৰে ক্ষতি
monjit-dutta
Monjit Dutta | Published: 04 Jan 2025 18:01 PM

শীতকালত আমি ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ আমি নানা পন্থা অৱলম্বন কৰোঁ। শীতৰ প্ৰকোপৰ পৰা ৰক্ষাৰ বাবে গৰম কাপোৰ পিন্ধো। শোৱাৰ সময়তো গৰম কাপোৰ গাত লওঁ। ঠাণ্ডাৰ পৰা সকাহ পাবলৈ বহু লোকে কেতিয়াবা নিশা আনকি চুৱেটাৰ, মোজা পিন্ধি শুই থকাও দেখিবলৈ পোৱা যায়। এনে কাৰ্যৰ দ্বাৰা আমি ঠাণ্ডাৰ পৰা সকাহ পাওঁ ঠিকেই, পিছে এই অভ্যাসে আমাৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। শুই থকাৰ সময়ত আমাৰ শৰীৰে বিশেষ ধৰণে কাম কৰে।

যেতিয়া আমি অতি গৰম কাপোৰ পিন্ধি শোওঁ, তেতিয়া এই প্ৰক্ৰিয়াত বাধা আহিব পাৰে। আৰু ইয়াৰ ফলত বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে। ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ চুৱেটাৰ আৰু মোজা পিন্ধি শোৱাৰ ফলত ব্যক্তিৰ ছাল, ৰক্ত সঞ্চালন আৰু টোপনিৰ মানদণ্ডত প্ৰভাৱ পৰিব পাৰে। নিশা চুৱেটাৰ পিন্ধি শুই থকাটো হৃদৰোগীৰ বাবেও অত্যন্ত ক্ষতিকাৰক।

উল্লেখ্য যে ঊলৰ কাপোৰত ঘন আঁহ থাকে। যাৰ ফলত শৰীৰত যথেষ্ট তাপ উৎপন্ন হয়। ৰাতি শৰীৰৰ উষ্ণতাৰ লগতে কুইল্ট, কম্বল আৰু তাৰ পিছত উলৰ কাপোৰে যথেষ্ট উষ্ণতা প্ৰদান কৰে। শৰীৰৰ অতিৰিক্ত উত্তাপ ডায়েবেটিছ আৰু হৃদ ৰোগত আক্ৰান্ত ৰোগীৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে।

চিকিৎসকৰ মতে শীতকালত শৰীৰত থকা ৰক্তবাহী নলীবোৰ সংকুচিত হৈ সৰু হৈ পৰে। ঊলৰ কাপোৰ পিন্ধি শুই থাকিলে শৰীৰত অধিক গৰম অনুভৱ হয়। অতিমাত্ৰা গৰম হ’লে অস্থিৰতা, নিম্ন ৰক্তচাপ আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে। এনে সমস্যাৰ পৰা হাত সাৰিবলৈ কপাহী কাপোৰ পিন্ধি শুব লাগে। ই শৰীৰৰ উষ্ণতা স্বাভাৱিক কৰি ৰাখে। নিশা টোপনিও তেতিয়া ভাল হয়।

তদুপৰি ঊলৰ কাপোৰ পিন্ধাৰ লগতে গাত কম্বলো মেৰিয়াই শুলে ব্যক্তিজনৰ শৰীৰৰ পৰা ঘাম ওলাব পাৰে। ঘামৰ ফলত খজুৱতি, এলাৰ্জী আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে। ব্যক্তিজনৰ ছাল যদি শুকান হয় তেন্তে এই সমস্যা অতি গুৰুতৰ হ’ব পাৰে। গতিকে ৰাতি শোৱাৰ সময়ত ঊলৰ কাপোৰ পৰিহাৰ কৰাটো ভাল।

ৰাতি ভাল টোপনিৰ বাবে কিছুমান টিপছ মানি চলিব পাৰে। চিকিৎসকৰ মতে, শীতকালত শুবলৈ যোৱাৰ পূৰ্বে কোঠাৰ উষ্ণতা ১০-২০ ডিগ্ৰীত ৰাখিলে আপোনাৰ টোপনি ভাল হ’ব। শোৱাৰ সময়ত কপাহী কাপোৰ পিন্ধিব পাৰে। লগতে শুবলৈ লোৱাৰ আগে আগে যোগাসন কৰিব পাৰে। এই অভ্যাসে দিনটোৰ মানসিক চাপ দূৰ কৰিব।

Latest News