কঁকালৰ বিষত ভুগিছে নেকি? তেতিয়াহ’লে ভুলতো নকৰিব এইকেইটা ব্যায়াম
সাধাৰণতে কঁকালৰ বিষৰ পৰা সকাহ পাবলৈ বহু লোকে ব্যায়ামৰ আশ্ৰয় লোৱা দেখা যায়। কিন্তু এনে কিছুমান ব্যায়াম আছে, যিবোৰ ব্যায়ামে পূৰ্বৰে পৰা হৈ থকা কঁকালৰ বিষ বৃদ্ধিহে কৰিব পাৰে। কঁকালৰ বিষত আমি সাধাৰণতে কেনেধৰণৰ ব্যায়াম কৰিব নালাগে, সেই বিষয়ে জানো আহক।

কঁকালৰ বিষ বৰ্তমান সময়ৰ এক সাধাৰণ সমস্যা। ব্যস্ততাপূৰ্ণ জীৱনশৈলীৰ বাবে সম্প্ৰতি বহুসংখ্যক লোক কঁকাল বিষৰ সমস্যাৰ সন্মুখীন হৈছে। ইয়াৰ লগতে আন কিছুমান কাৰণতো কঁকাল বিষৰ সমস্যা হ’ব পাৰে। ভুলকৈ বহাৰ অভ্যাস, অতিৰিক্ত ওজন, অস্বাস্থ্যকৰ খাদ্য বা যিকোনো পুৰণি আঘাত এই সমস্যাৰ কিছুমান অন্যতম প্ৰধান কাৰণ হ’ব পাৰে। সাধাৰণতে কঁকালৰ বিষৰ পৰা সকাহ পাবলৈ বহু লোকে ব্যায়ামৰ আশ্ৰয় লোৱা দেখা যায়।
কিন্তু এনে কিছুমান ব্যায়াম আছে, যিবোৰ ব্যায়ামে পূৰ্বৰে পৰা হৈ থকা কঁকালৰ বিষ বৃদ্ধিহে কৰিব পাৰে। কঁকালৰ বিষত আমি সাধাৰণতে কেনেধৰণৰ ব্যায়াম কৰিব নালাগে, সেই বিষয়ে জানো আহক-
ষ্ট্ৰেইট লেগ ৰেইজ
যদি আপুনি কঁকালৰ বিষত ভুগি আছে, তেতিয়াহ’লে এই ব্যায়াম কৰাৰ পৰা বিৰত থাকিব। এই ব্যায়ামৰ সময়ত ব্যক্তিজনে পিঠি পেলাই শুই এখন ভৰি পোনে পোনে ওপৰলৈ তুলিব লাগে। ইয়াৰ ফলত মেৰুদণ্ডত অতিৰিক্ত চাপ পৰিব পাৰে। এনে স্থিতিত কঁকালৰ পেশীসমূহত পূৰ্বৰে পৰা কিছু বিষ হৈ আছিল যদি এই ব্যায়াম বিপদজনক হৈ পৰিব পাৰে আৰু বিষ অধিক বৃদ্ধি পাব পাৰে।
চিট-আপ
চিট-আপ কৰিলে পেটৰ পেশীবোৰ শক্তিশালী হয় যদিও কঁকালৰ বিষৰ সময়ত এই ব্যায়াম কৰিলে সমস্যা হ’ব পাৰে। এই ব্যায়ামত কঁকালত যথেষ্ট চাপ পৰে। চিট আপৰ সময়ত মেৰুদণ্ডত চাপ পৰে, যাৰ ফলত কঁকালৰ বিষ অধিক হ’ব পাৰে আৰু লগতে আঘাতৰ সম্ভাৱনাও বৃদ্ধি পায়।
হাই জাম্প
কঁকালৰ বিষ হ’লে হাই জাম্প মৰাৰ পৰাও পৰাপক্ষত বিৰত থাকিব লাগে। যদি আপোনাৰ পেশী বা হাড় পূৰ্বৰে পৰা দুৰ্বল হৈ আছে, তেতিয়াহ’লে এই ব্যায়াম কৰিলে সমস্যা অধিক হৈ পৰিব পাৰে।
ৰোমান চেয়াৰ
যদি আপোনাৰ কঁকালৰ বিষ হয়, তেতিয়া এই ব্যায়াম যথেষ্ট বিপদজনক হ’ব পাৰে। এই ব্যায়ামত শৰীৰটো এটা নিৰ্দিষ্ট কোণত বেঁকা হৈ থাকে, যাৰ ফলত পিঠিত অতিৰিক্ত চাপ পৰে। যদি মেৰুদণ্ড বা পিঠিৰ পেশীত কোনো ধৰণৰ আঘাত থাকে, তেতিয়া এই আঘাত তথা বিষ গুৰুতৰ হ’ব পাৰে।