পুৱা খালী পেটেৰেই খোজ কাঢ়ে নেকি? নকৰিব এই চাৰিটা ভুল, হ’ব পাৰে দেহৰ ক্ষতি
স্বাস্থ্য সচেতন বহু লোকে নিজকে স্বাস্থ্যৱান কৰি ৰাখিবলৈ নিয়মিতভাৱে খোজ কাঢ়ে। খোজ কঢ়াৰ এই অভ্যাস স্বাস্থ্যৰ বাবে অতি উপকাৰী। দৈনিক ২০০০টা খোজ খোজ কাঢ়িলে ডায়েবেটিছৰ লগতে হৃদৰোগৰ সম্ভাৱনাও কম হয়। কিন্তু বহু লোকে খোজ কঢ়াৰ সময়ত কিছুমান সাধাৰণ ভুল কৰে, যাৰ ফলত উপকাৰতকৈ দেহৰ ক্ষতি অধিক হৈ পৰে।

প্ৰতিনিধিত্বমূলক ছবি
বৰ্তমান সময়ত স্বাস্থ্যজনিত বহু সমস্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত অধিকাংশ লোকৰ মাজত ফিটনেছৰ প্ৰতি সজাগতা বৃদ্ধি পাইছে। জীমলৈ যোৱাৰ লগতে যোগাসন, বিভিন্ন খেলৰ জৰিয়তে বহু লোকে নিজৰ স্বাস্থ্যৰ যত্ন লয়। স্বাস্থ্য সচেতন বহু লোকে নিজকে স্বাস্থ্যৱান কৰি ৰাখিবলৈ নিয়মিতভাৱে খোজ কাঢ়ে। খোজ কঢ়াৰ এই অভ্যাস স্বাস্থ্যৰ বাবে অতি উপকাৰী। দৈনিক ২০০০টা খোজ খোজ কাঢ়িলে ডায়েবেটিছৰ লগতে হৃদৰোগৰ সম্ভাৱনাও কম হয়। কিন্তু বহু লোকে খোজ কঢ়াৰ সময়ত কিছুমান সাধাৰণ ভুল কৰে, যাৰ ফলত উপকাৰতকৈ দেহৰ ক্ষতি অধিক হৈ পৰে।
বহুসংখ্যক লোকৰ খালী পেটত খোজ কঢ়াৰ অভ্যাস আছে। কিন্তু এই সময়ত কৰা সাধাৰণ ভুলে আপোনাৰ উপকাৰৰ পৰিৱৰ্তে ক্ষতি কৰিব পাৰে। স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰাৰ পৰা ৰক্ষা পাবলৈ আমি সেয়ে খালী পেটত খোজ কঢ়াৰ সময়ত কিছুমান ভুল কৰাৰ পৰা আঁতৰি থাকিব লাগে। এই বিষয়ে জানো আহক-
অধিক বেগেৰে খোজ কঢ়া
খালী পেটত খোজ কঢ়াৰ সময়ত শৰীৰত শক্তিৰ অভাৱ হয়। এনে পৰিস্থিতিত যদি আপুনি অ্ধিক বেগেৰে খোজ কাঢ়িবলৈ চেষ্টা কৰে তেতিয়া আপোনাৰ শৰীৰত গ্লুক’জৰ অভাৱ হ’ব পাৰে – যাৰ ফলত আপুনি মূৰ ঘূৰোৱা, দুৰ্বলতা বা ভাগৰুৱা অনুভৱ কৰিব পাৰে। সেয়ে খালী পেটত খোজ কঢ়াৰ সময়ত দ্ৰুত গতিত খোজ কঢ়াৰ পৰা বিৰত থাকক, তাৰ পৰিৱৰ্তে লাহে লাহে খোজ কাঢ়িব লাগে।
পানী নোখোৱা
খোজ কঢ়াৰ সময়ত শৰীৰৰ পৰা ঘাম ওলায়। খালী পেটত খোজ কাঢ়িলে আৰু পৰ্যাপ্ত পৰিমাণে পানী নাখালে ডিহাইড্ৰেচন হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। ডিহাইড্ৰেচনে মূৰৰ বিষ, ভাগৰুৱা, শৰীৰৰ কাম-কাজত বাধাৰ সৃষ্টি কৰিব পাৰে। খোজকাঢ়িবলৈ যোৱাৰ পূৰ্বে সেয়ে পানী খাব লাগে। ইয়াৰ ফলত শৰীৰ হাইড্ৰেটেড হৈ থাকিব।
খোজ কঢ়াৰ পিছত খাদ্য নোখোৱাকৈ থকা
কিছুমান লোকে খালী পেটত খোজ কাঢ়ি উভতি অহাৰ পিছতো খাদ্য নোখোৱাকৈ থাকে। খোজ কঢ়াৰ পিছত শৰীৰক শক্তিৰ প্ৰয়োজন হয় যাতে। গতিকে খোজ কঢ়াৰ পিছতো যদি আপুনি খাদ্য গ্ৰহণ নকৰে তেতিয়া ই আপোনাৰ শৰীৰত প্ৰটিন আৰু কাৰ্বহাইড্ৰেটৰ অভাৱ ঘটাব পাৰে। খোজ কঢ়াৰ পিছতে যাতে শৰীৰে উপযুক্ত পুষ্টি লাভ কৰে তাৰ বাবে লঘু আৰু সুষম খাদ্য যেনে ফলমূল, বাদাম খোৱাটো জৰুৰী।
অধিক দূৰত্বলৈ খোজ কাঢ়িব লাগে
খালী পেটত খোজ কঢ়াৰ সময়ত শৰীৰত শক্তিৰ অভাৱ হয়, গতিকে অধিক দূৰত্বলৈ খোজ কাঢ়িলে শৰীৰৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। অধিক দূৰত্বলৈ খোজ কাঢ়িলে শৰীৰত অতিৰিক্ত চাপ পৰে আৰু আপুনি মূৰ ঘূৰোৱা বা দুৰ্বল অনুভৱ কৰিব পাৰে। খালী পেটত খোজ কঢ়াৰ পূৰ্বে আপুনি নিজৰ শাৰীৰিক ক্ষমতা অনুসৰি যাতে খোজ কাঢ়িব পাৰে, সেয়া নিশ্চিত কৰক।