5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

হজমৰ সমস্যা দূৰ কৰিবলৈ খাদ্যত অন্তৰ্ভুক্ত কৰক এইসমূহ বস্তু…

ব্যস্ত জীৱন, পৰিবৰ্তিত জীৱনশৈলীয়ে আমাৰ জীৱনত বহু প্ৰভাৱ পেলায়। ইয়াৰ ফলত আমাৰ হজম শক্তিৰ লগত জড়িত সমস্যাৰ লগতে আন সমস্যা হোৱাৰো সম্ভাৱনা থাকে। গতিকে আপুনি খাদ্যৰ তালিকাত এনে কিছুমান বস্তু অন্তৰ্ভুক্ত কৰিব পাৰে যি আমাৰ পাচন তন্ত্ৰ শক্তিশালী কৰে।

হজমৰ সমস্যা দূৰ কৰিবলৈ খাদ্যত অন্তৰ্ভুক্ত কৰক এইসমূহ বস্তু…
প্ৰতীকি ফটো
barasha-sarma
Barasha Sarma | Published: 19 Dec 2024 07:01 AM

আমাৰ খোৱা ৰুটীনৰ ওপৰত আমাৰ হজম শক্তি নিৰ্ভৰ কৰে। পৰিবৰ্তিত জীৱনশৈলীয়ে আমাৰ হজম শক্তিৰ ওপৰত যথেষ্ঠ প্ৰভাৱ পেলায়। যাৰ বাবে মানুহে বদহজম, বুকু জ্বলা পোৰাকে ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। ইয়াৰ বাবে আপোনাৰ গুৰুতৰ ৰোগ হোৱাৰ সম্ভাৱনাও থাকে। স্বাস্থ্য গুৰু ডাঃ মিকি মেহতাই কয় যে হজম শক্তি বেয়া হোৱাৰ বাবে পেটৰ বিষ, পেট ফুলা, কোষ্ঠকাঠিন্য, গেছ, ডায়েৰিয়া আৰু আন বহুতো পেটৰ লগত জড়িত সমস্যাৰ সৃষ্টি হয়। গতিকে স্বাস্থ্যৰ তালিকাত কিছু বস্তু অন্তৰ্ভুক্ত কৰিব লাগে যিয়ে আমাৰ হজম শক্তি ভাল কৰে।

প্ৰ’বায়’টিক খাদ্য

প্ৰ’বায়’টিক খাদ্য হজম শক্তিৰ বাবে অতি গুৰুত্বপূৰ্ণ। ই আমাৰ দেহত ভাল বেক্টেৰিয়া (gut flora) বৃদ্ধি কৰে।  উল্লেখ কৰা প্ৰয়োজন যে, আমাৰ শৰীৰত থকা নিজা কোষতকৈ বেক্টেৰিয়াৰ সংখ্যা অধিক।  সেয়েহে প্ৰ’বায়’টিক খাদ্য যেনে দৈ, লাচী, মাখন, ঘৰতে বনোৱা আচাৰ আদি খালে পাচন তন্ত্ৰ শক্তিশালী হয়।

ফাইবাৰযুক্ত খাদ্য

প্ৰতিদিনে আমি ফাইবাৰযুক্ত খাদ্য খাব লাগে। ফলমূল আৰু শাক-পাচলিত ফাইবাৰ পোৱা যায়। ই  আমাৰ শৰীৰত ভাল বেক্টেৰিয়া বৃদ্ধি কৰাৰ লগতে পাচনতন্ত্ৰ সুকলমে চলোৱাতো সহায় কৰে। ইয়াৰ ফলত কোষ্ঠকাঠিন্যৰ সমস্যা ৰোধ হয়। আপেল, কমলা, কল, মিঠা আলু আৰু ভেন্দী আদি খাদ্যত নিশ্চয়কৈ অন্তৰ্ভুক্ত কৰিব লাগে।

গোটা শস্য

ৰাজগিৰা, কুইনোয়া আৰু অটছৰ দৰে গোটা শস্য খাব লাগে। ই আমাৰ শৰীৰত ফাইবাৰৰ লগতে কাৰ্বহাইড্ৰেটও যোগান ধৰে। এনে খাদ্যসমূহে আমাৰ পাচনতন্ত্ৰৰ মাজেৰে খাদ্য চলাচল কৰাত সহায় কৰে। ইয়াৰ দ্বাৰা কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ পৰা হাত সাৰিব পাৰি।

আদা

আদাত কেৱল ঔষধি গুণ থকাই নহয়, ই হজম শক্তিৰ বাবেও উপকাৰী। ই আমাৰ পাচন তন্ত্ৰ সক্ৰিয় কৰি ৰাখে। আদা খালে  কোষ্ঠকাঠিন্য সমস্যাও ৰোধ হয়। অৱশ্যে দিনটোত ৪ গ্ৰামতকৈ বেছি খাব নালাগে।

ত্ৰিফলা

ত্ৰিফলা, ইয়াক তিনিটা ফলৰ পৰা তৈয়াৰ কৰা হয়।  ত্ৰিফলাই পাচনতন্ত্ৰ পৰিষ্কাৰ কৰাত সহায় কৰে। ইয়াৰ উপৰিও এচিডিটি হ্ৰাস কৰা, ভোক বৃদ্ধি কৰা, ফুলা কমোৱা আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত উপযোগী। ইয়াৰ উপৰিও ইয়াত ভিটামিন চিৰ এক উত্তম উৎসও।

Latest News