Assamese traditional food: খৰিচা-মাছৰ সুস্বাদু ব্যঞ্জন শিকো আহক

অসমীয়া খাদ্যভাসৰ এক থলুৱা খাদ্য হৈছে খৰিচা। সাধাৰণতে শাওণ বা ভাদ মাহত হোৱা বাঁহগাজৰ (এই বাঁহগাজসমূহৰ পৰা গছ হোৱাৰ সম্ভাৱনীয়তা কম থাকে) পৰা খৰিচা প্ৰস্তুত কৰা হয় ।

Assamese traditional food: খৰিচা-মাছৰ সুস্বাদু ব্যঞ্জন শিকো আহক

খৰিচা-মাছৰ সুস্বাদু ব্যঞ্জন শিকো আহক

Published: 

27 Aug 2024 21:07 PM

খৰিচাৰে গাহৰি বা কুকুৰা মাংস, শুকান খৰিচাৰে আলু পিটিকা,দাইলত খৰিচা,গাজ আৰু কঁঠালগুটীৰে খাৰৰ আঞ্জা, মুঠতে খৰিচাৰ টেঙেচীয়া সোৱাদ অতুলনীয়।

খৰিচা হৈছে বাঁহ গাজৰ পৰা তৈয়াৰ কৰা খাদ্য। এছিয়া মহাদেশৰ বিভিন্ন দেশৰ খাদ্যাভ্যাসত খৰিচাৰ ব্যৱহাৰ হয় আৰু ইয়াক বিভিন্ন নামেৰে জনা যায়। অসম তথা উত্তৰ-পূব ভাৰতৰ ভৈয়ামৰ জাতি-জনজাতিৰ দৰে পাহাৰীয়া জন-জনজাতিৰো এয়া উপাদেয় খাদ্য। ইয়াৰ বহুতো ঔষধিয় গুণ আছে। দাইল, শাক, মাছ, মাংস, কণী ইত্যাদিৰ লগত খৰিচা দি জুতিদায়ক খাদ্য প্ৰস্তুত কৰা হয়।

খৰিচাৰ ঔষধি গুণ

  1. বসন্ত ওলালে শুকনি হিচাপে মাগুৰ মাছৰ লগত শুকান খৰিচা দি ভাজি মান সহকাৰে বসন্ত ৰোগীজনক (আই মাননি) শুকনি দিয়াৰ পৰম্পৰা অসমীয়া সমাজত আছে।
  2. কদো, বৰলে কামুৰিলে খৰিচা পানী সানি দিলে উখহি নাযায় আৰু বিষো কম হয়।

আজি জানো আহক খৰিচাৰে মাছৰ ব্যঞ্জন

খৰিচাৰ সৈতে মাছৰ আঞ্জাৰ প্ৰস্তুত প্ৰণালীৰ উপকৰণসমূহ এনেধৰণৰ :

১. মাছ ( থলুৱা মাছ হ’লে বেছি সোৱাদ হয় খাবলৈ )

২. খৰিচা ( কাক’ বাঁহৰ খৰিচা ল’ব লাগে,খৰিচা টেঙাৰ পানী অলপ পৰিমাণে ল’ব )

৩. আদা

৪. নহৰু

৫. জলকীয়া

৬. নিমখ

৭.  মান ধনীয়া

৮.  পিয়াঁজ

৭. জালুক

প্ৰথমে কেৰাহীত তেল দি পিঁয়াজ দি অকণমান ভাজিব। তাৰ পিছত তাত মাছ খিনি দি খৰিচা দি লাৰিব, ইয়াৰ পিছত তাত আদা-নহৰু জলকীয়া, জালুক নিমখ সকলো দি ভালদৰে লাৰি দিয়ক। শেষত অকণমান পানী দি তাত মান ধনিয়া কুটি দি দিব আৰু নমাই দিব।

কেনেকৈ প্ৰস্তুত কৰিব?

খৰিচা তৈয়াৰ কৰাৰ মুখ্য সামগ্ৰী হ’ল বাঁহ গাজ। সাধাৰণতে শাওণ বা ভাদ মাহত বাহিৰ হোৱা বাঁহগাজৰ (এই বাঁহগাজ সমূহৰ পৰা গছ হোৱাৰ সম্ভাৱনীয়তা কম থাকে) পৰা খৰিচা প্ৰস্তুত কৰা হয়। কাক, ভলুকা, কেঁকোৰা আদি বাঁহৰ খৰিচা প্ৰস্তুত কৰা হয়। কাক বাঁহৰ খৰিচা আটাইতকৈ উত্তম হয়। কোনো কোনো লোকে জাতি বাঁহৰ গাজ তিতা বুলি কয়।

প্ৰস্তুত কৰাৰ প্ৰণালী

কুমলীয়া বাঁহ গাজৰ ওপৰৰ বাকলিবোৰ ভালদৰে গুচাই সৰু সৰুকৈ কাটি ঢেঁকী বা উৰালত খুন্দি খৰিচা কৰা হয়। আজিকালি, মিক্সিত খুন্দি বা পিহনাত পিহি খৰিচা তৈয়াৰ কৰা হয়। বাঁহ গাজৰ ওপৰৰ বাকলি ভালদৰে নুগুচালে খৰিচা তিতা হ’ব পাৰে। মিহিকৈ খুন্দা বাঁহৰ গাজ মাটিৰ কলহত ভৰাই কলপাতেৰে বান্ধি জুইশালৰ উচৰত তিনি-চাৰিদিন ৰাখিলে খৰিচা খাব পৰা হয়। কলহৰ বাদে আইনাৰ বৈয়ামত বাঁহ গাজ ভৰাই ৰ’দত দিলেও খৰিচা হয়। কোনো কোনো লোকে বাঁহ গাজত টেঙা হ’বলৈ কেইফুলামান কুঁজী থেকেৰা আৰু পানী দি ৰাখে। খৰিচাৰ গোন্ধ ওলালে তাক পকা খৰিচা বোলে। কোনো কোনোৱে কুটা বাঁহ-গাজ কলহত নথৈ হালধি সানি ৰ’দত শুকুৱাই থয়। শুকুৱাৰ পিছত গুড়ি কৰে। ইয়াক শুকান খৰিচা হা জিম খৰিচা বোলে। অৱ্শ্যে পকা-খৰিচা ৰ’দত শুকুৱালে ইয়াকো শুকান-খৰিচাই বোলে। ইয়াক শুকুৱাই ৰাখি বছৰটোলৈ ৰাখিব পাৰি। অসমীয়া সমাজত বসন্ত ওলোৱাৰ পিছত নাড়ী শীতল কৰিবলৈ শুকান খৰিচা ব্যৱহাক কৰাৰ পৰম্পৰা আছিল।

সন্ন্যাসীসকলে কিয় চুলি নাকাটে? ইয়াৰ আঁৰত আছে বিশেষ কাৰণ...
ভোগালী বিহুত খোৱা চিৰা-দৈৰ জলপানৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাঘ বিহুত মাহ কৰাই আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে?
উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?