অদিতি ৰাও হাইদাৰীৰ এই লুকটো অতি ষ্টাইলিছ দেখা গৈছে। গোলাপী ৰঙৰ বাণাৰসী চুট পিন্ধিছে অভিনেত্ৰীগৰাকীয়ে। যিটো দেখাত বৰ ধুনীয়া।
কৰিশ্মা কাপুৰে পিন্ধিছে বাদামী ৰঙৰ বাণাৰসী চুট। এই লুকটো বৰ ষ্টাইলিছ, ইয়াক ঘৰতে পোৱা বাণাৰসী শাড়ীৰ পৰাও বনাব পাৰে।
বগা ৰঙৰ বাণাৰসী শাৰাৰা চুট পিন্ধিছে মৃণাল ঠাকুৰে, য’ত অভিনেত্ৰীগৰাকীক অতি সুন্দৰ দেখা গৈছে।
ফাতিমা চানা শ্বেইখৰ এই ছুট লুকটোত যথেষ্ঠ আকৰ্ষণীয় দেখা গৈছে। এনে গোলাপী ৰঙৰ বাণাৰসী শৰাৰা ষ্টাইলৰ চুট আপুনিও পুৰণি শাড়ীৰ পৰা চিলাব পাৰে।
আন এটা কৰিশ্মা কাপুৰৰ লুকত অতি আকৰ্ষিত লাগিছে। বাণাৰসী শাড়ীৰে চিলোৱা এই পোছাক আপুনি দৈনন্দিন কাম-কাজত-ব্যৱহাৰ কৰিব পাৰিব।