5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

শীতকালত ঠাণ্ডা পানীৰে গা ধোৱে নেকি? মনত ৰাখক এই কথা, অন্যথা হ’ব পাৰে এনে বিপদ…

শীতকালত সাধাৰণতে অধিকাংশ লোকে গৰম পানীৰে গা ধোৱাটো পছন্দ কৰে যদিও আন একাংশ লোকে আকৌ যিমান ঠাণ্ডা হ’লেও ঠাণ্ডা পানীৰেই গা ধোৱা পৰিলক্ষিত হয়। ইয়াৰ দ্বাৰা শৰীৰত সতেজতাৰ অনুভৱ হয় যদিও এই অভ্যাস পিছে স্বাস্থ্যৰ বাবে বিপদজনকো হ’ব পাৰে। এই বিষয়ত বিশেষজ্ঞসকলে আগবঢ়োৱা মতামতৰ বিষয়ে জানো আহক।

শীতকালত ঠাণ্ডা পানীৰে গা ধোৱে নেকি? মনত ৰাখক এই কথা, অন্যথা হ’ব পাৰে এনে বিপদ…
প্ৰতিনিধিত্বমূলক ছবি
monjit-dutta
Monjit Dutta | Published: 27 Dec 2024 21:48 PM

সাধাৰণতে শীতকালত অধিকাংশ লোকে গৰম পানীৰে গা ধোৱাটো পছন্দ কৰে। ঠাণ্ডাৰ পৰা পৰিত্ৰাণ পাবলৈ গৰম পানীৰ ব্যৱহাৰ কৰে এওঁলোকে। কিন্তু আন একাংশ লোকে আকৌ যিমান ঠাণ্ডা হ’লেও ঠাণ্ডা পানীৰেই গা ধোৱা পৰিলক্ষিত হয়। ইয়াৰ দ্বাৰা শৰীৰত সতেজতাৰ অনুভৱ হয় যদিও এই অভ্যাস পিছে স্বাস্থ্যৰ বাবে বিপদজনকো হ’ব পাৰে। ঠাণ্ডা পানীৰে গা ধুলে ব্ৰেইন ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। মগজুলৈ তেজৰ সোঁত লেহেমীয়া বা বন্ধ হৈ গ’লে ব্ৰেইন ষ্ট্ৰ’ক হয়, যাৰ বাবে মগজুৰ কিছুমান অংশত অক্সিজেন নাপায়।

এই অৱস্থা অত্যন্ত বিপদজনক হ’ব পাৰে আৰু সময়মতে চিকিৎসা নকৰিলে এজন ব্যক্তিৰ মৃত্যু হ’ব পাৰে। ঠাণ্ডা পানীয়ে কিদৰে ব্ৰেইন ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে, এই বিষয়ে বিশেষজ্ঞসকলে মত আগবঢ়াই গৈছে। জ্যেষ্ঠ চিকিৎসক ডাঃ অজয় ​​কুমাৰে কয় যে ঠাণ্ডা পানী পোনে পোনে মূৰত ঢালিলে ব্ৰেইন ষ্ট্ৰ’কৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। ইয়াৰ কাৰণ হ’ল ঠাণ্ডা পানী পোনে পোনে মূৰত ঢালিলে মগজুৰ শিৰাবোৰ হঠাতে সংকুচিত হৈ পৰে, যাৰ ফলত ৰক্ত সঞ্চালনত বাধাৰ সৃষ্টি হ’ব পাৰে।

ইয়াৰ বাহিৰেও ঠাণ্ডা পানীৰে গা ধুলে হঠাৎ শৰীৰৰ উষ্ণতা হ্ৰাস পায়। ইয়াৰ কাৰণে শৰীৰত দুৰ্বলতা, ভাগৰুৱা, মূৰ ঘূৰোৱা, হাৰ্ট এটেক, ষ্ট্ৰোক আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে। এনে ধৰণৰ সম্ভাৱ্য স্বাস্থ্যজনিত সমস্যাৰ পৰা ৰক্ষা পাবলৈ গা ধোৱাৰ সময়ত আমি কিছুমান পদ্ধতি গ্ৰহণ কৰিব পাৰোঁ। ঠাণ্ডা পানীৰে গা ধোৱাৰ সময়ত শৰীৰৰ আন অংশ যেনে হাত, ভৰি আৰু পিঠিত প্ৰথমে পানী ঢালিব লাগে। তাৰ পিছত লাহে লাহে মূৰলৈকে বৃদ্ধি কৰিব পাৰি।

এইদৰে ঠাণ্ডা পানীয়ে শৰীৰত কম প্ৰভাৱ পেলায় আৰু ই আমাৰ স্বাস্থ্যৰ বাবেও নিৰাপদ হৈ থাকে। যদি আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল বা ঠাণ্ডাৰ প্ৰতি সংবেদনশীল হয় তেন্তে ঠাণ্ডা পানীৰে গা ধুলে ঠাণ্ডা, জ্বৰ আৰু অন্যান্য স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ বাহিৰেও যদি আপোনাৰ উচ্চ ৰক্তচাপ বা হৃদৰোগৰ সমস্যা আছে, তেন্তে ঠাণ্ডা পানীৰে গা ধোৱাটো আপোনাৰ বাবে বিপদজনক হ’ব পাৰে।

এনে পৰিস্থিতিত স্বাস্থ্য অনুসৰিহে ঠাণ্ডা পানীৰে গা ধোৱাৰ অভ্যাস গ্ৰহণ কৰা উচিত। যদি ঠাণ্ডা পানী আপোনাৰ দেহৰ লগত খাপ নাখায় তেন্তে ইয়াৰ সৈতে একেবাৰে গা ধুব নালাগে আৰু কেৱল কুহুমীয়া পানীৰে গা ধুব লাগে।

Latest News