উপকাৰিতাৰ বাবে নিশ্চয় মুখত লগায় গাখীৰ, পিছে ইয়াৰ অপকাৰিতাৰ বিষয়ে জানেনে?

গাখীৰ আমাৰ সামগ্ৰিক স্বাস্থ্যৰ লগতে ছালৰ বাবেও উপকাৰী, সেয়ে ছালখন উজ্জ্বল কৰি তুলিবলৈও গাখীৰৰ ব্যৱহাৰ কৰা হয়। পিছে ছালত কেঁচা গাখীৰ লগালে যিদৰে উপকাৰিতা পোৱা যায়, সেইদৰে আকৌ কেতিয়াবা কোনো ক্ষেত্ৰত অপকাৰিতাও হ’ব পাৰে। কেঁচা গাখীৰৰ পৰা হোৱা এনে উপকাৰিতা আৰু অপকাৰিতাৰ বিষয়ে জানো আহক।

উপকাৰিতাৰ বাবে নিশ্চয় মুখত লগায় গাখীৰ, পিছে ইয়াৰ অপকাৰিতাৰ বিষয়ে জানেনে?

নেমুৰ ৰসে আঁতৰাব মুখৰ দাগ

Published: 

27 Apr 2025 20:18 PM

দেহৰ ছালখন সুস্থ আৰু উজ্জ্বল কৰি তুলিবলৈ প্ৰায় প্ৰতিজন লোকেই চেষ্টা চলায়, গ্ৰহণ কৰে সৌন্দৰ্য চৰ্চাৰ বাবে বিভিন্ন উপায়। কোনোৱে যদি সৌন্দৰ্য চৰ্চাৰ বিভিন্ন সামগ্ৰী ব্যৱহাৰ কৰে, আন কোনোৱে আকৌ ঘৰুৱা উপায় অৱলম্বন কৰে। ঘৰুৱা এনে উপায়ৰ ভিতৰত কেঁচা গাখীৰৰ ব্যৱহাৰো অন্যতম। গাখীৰ আমাৰ সামগ্ৰিক স্বাস্থ্যৰ লগতে ছালৰ বাবেও উপকাৰী, সেয়ে ছালখন উজ্জ্বল কৰি তুলিবলৈও গাখীৰৰ ব্যৱহাৰ কৰা হয়। গাখীৰত ভিটামিন এ, ডি, বি ১২, কেলচিয়াম, লেক্টিক এচিড, প্ৰটিন আদি পোৱা যায়, যি ছালৰ পুষ্টি প্ৰদানত সহায় কৰে।

পিছে ছালত কেঁচা গাখীৰ লগালে যিদৰে উপকাৰিতা পোৱা যায়, সেইদৰে আকৌ কেতিয়াবা কোনো ক্ষেত্ৰত অপকাৰিতাও হ’ব পাৰে। কেঁচা গাখীৰৰ পৰা হোৱা এনে উপকাৰিতা আৰু অপকাৰিতাৰ বিষয়ে জানো আহক-

কেঁচা গাখীৰ মুখত লগোৱাৰ উপকাৰিতাঃ

ছালৰ আৰ্দ্ৰতা বজাই ৰাখে

কেঁচা গাখীৰে ছালৰ আৰ্দ্ৰতা বজাই ৰখাত সহায় কৰে। শুকান ছাল থকা লোকৰ বাবে ই প্ৰাকৃতিক মইশ্ব’ৰাইজাৰ হিচাপে কাম কৰে, যি ছালখন কোমল কৰি তোলাত সহায় কৰে।

ছাল পৰিষ্কাৰ কৰি ৰাখে

গাখীৰত থকা লেক্টিক এচিডে মৃত ছালৰ কোষ আঁতৰোৱাত সহায় কৰে। ই স্ক্ৰাবৰ দৰে কাম কৰে, যি মুখত জমা হোৱা ধূলি আঁতৰোৱাত সহায় কৰে। ইয়াৰ ফলত ছালখন পৰিষ্কাৰ হয়।

ছালৰ উজ্জলতা

কেঁচা গাখীৰে ছালৰ পৰা দাগ আঁতৰাই পেলায়। নিয়মিত ব্যৱহাৰে মুখখনলৈ প্ৰাকৃতিক উজ্জলতা আনে। বিশেষকৈ যিসকল লোকৰ ছাল শুকান, তেওঁলোকৰ বাবে কেঁচা গাখীৰ অধিক উপকাৰী বুলি গণ্য কৰা হয়।

ছানবাৰ্ণৰ পৰা সকাহ

কেঁচা গাখীৰে ৰ’দত পোৰাৰ পৰা সকাহ দিয়াত সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে। লগতে ইয়াত থকা ভিটামিন এ আৰু অন্যান্য পুষ্টিকৰ উপাদানে ছালখনক বয়স বৃদ্ধিৰ প্ৰভাৱৰ পৰাও পৰক্ষা কৰাত সহায় কৰে।

কেঁচা গাখীৰ মুখত লগোৱাৰ অপকাৰিতাঃ

কিছুমান লোকৰ গাখীৰ ব্যৱহাৰৰ বাবে এলাৰ্জি হ’ব পাৰে, যাৰ ফলত ছাল ৰঙা পৰা, খজুৱতি বা ফোহা আদি সমস্যাই দেখা দিব পাৰে। এনে পৰিস্থিতিত কেঁচা গাখীৰ লগোৱাৰ আগতে পেচ টেষ্ট কৰিব লাগিব। ইয়াৰ বাহিৰেও তেলীয়া ছালত অতিৰিক্ত তেল থকাৰ বাবে ক’লা দাগ আৰু পিম্পলছৰ সমস্যা বৃদ্ধি পাব পাৰে। কেতিয়াবা ইয়াৰ ফলত ছালৰ সংক্ৰমণৰ আশংকাও হ’ব পাৰে।

যদি আপুনিও কেঁচা গাখীৰ মুখত লগায়, তেন্তে সপ্তাহত দুবাৰতকৈ বেছি ব্যৱহাৰ কৰিব নালাগে। কাৰণ ইয়াক বেছিকৈ ব্যৱহাৰ কৰিলেও ছালৰ লগত জড়িত সমস্যা হ’ব পাৰে। কপাহৰ সহায়ত কেঁচা গাখীৰ মুখত লগাব পাৰে। ইয়াৰ উপৰিও কেঁচা গাখীৰ-মৌ, কেঁচা গাখীৰ আৰু হালধিৰ ফেচ পেক বনাই লগাব পাৰে।

স্তনৰ কৰ্কট ৰোগ কিয় হয়? প্ৰধান কাৰণসমূহ জানক...
এই ৫টা অভ্যাসে অকালতে বৃদ্ধ কৰে মহিলাসকলক! জানক...
পেটত আলচাৰ হোৱাৰ ৩ টা প্ৰধান কাৰণ কি কি ? প্ৰতিৰোধৰ উপায়...
টোপনিৰ সমস্যা বাঢ়িছে নেকি? কি কি কাৰণত অনিদ্ৰা সমস্যা হ'ব পাৰে? জানক
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা...
শিৱসাগৰত পথাৰত ঘাঁহ কাটিবলৈ যাওঁতেই এজনক গঁড়ৰ আক্ৰমণ...