খালী পেটত লং খোৱা উচিত নে? দেহত কি প্ৰভাৱ পেলাব এই অভ্যাসে, চাওক…
আয়ুৰ্বেদত লঙৰ ঔষধি গুণৰ বাবে বিশেষ গুৰুত্ব আছে। সাধাৰণতে আয়ুৰ্বেদত এনে বহু বনৌষধিৰ কথা উল্লেখ আছে, যিবোৰ খালী পেটত খালে বহু উপকাৰ পোৱা যায়। লঙৰ ক্ষেত্ৰতো এনে প্ৰভাৱ পৰিলক্ষিত হয়। খালী পেটত লং খালে দুগুণ উপকাৰ পোৱা যায় বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে।

খালী পেটত লং খোৱা উচিত নে!
মছলা হিচাপেই নহয়, এক ঔষধি গুণসম্পন্ন সামগ্ৰী হিচাপেও সমাদৃত লং। আয়ুৰ্বেদত লঙৰ ঔষধি গুণৰ বাবে বিশেষ গুৰুত্ব আছে। সাধাৰণতে আয়ুৰ্বেদত এনে বহু বনৌষধিৰ কথা উল্লেখ আছে, যিবোৰ খালী পেটত খালে বহু উপকাৰ পোৱা যায়। লঙৰ ক্ষেত্ৰতো এনে প্ৰভাৱ পৰিলক্ষিত হয়। খালী পেটত লং খালে দুগুণ উপকাৰ পোৱা যায় বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে। লঙত বহুতো ঔষধি গুণ আছে, সেয়েহে ইয়াক আমাৰ শৰীৰৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। পুৱা খালী পেটত লং চোবাই খোৱাৰ অভ্যাস দেহৰ বাবে অতি উপকাৰী। খালী পেটত লং খালে শৰীৰৰ বহু সমস্যা দূৰ হয়।
বিশেষজ্ঞসকলৰ মতে যিসকল লোকৰ পেটত কৃমি থাকে, তেওঁলোকে খালী পেটতে লং চোবাই খাব লাগে। ইয়াৰ প্ৰভাৱ কেইদিনমানৰ পিছত দেখাবলৈ আৰম্ভ কৰে বুলি তেওঁলোকে মতপোষণ কৰে। ইয়াৰ উপৰিও লঙে শৰীৰক বিষমুক্ত কৰাতো সহায় কৰে। ই বদহজম, গেছ আৰু পেটৰ লগত জড়িত সমস্যাৰ পৰা সকাহ দিয়ে।
আয়ুৰ্বেদৰ মতে লং খালে কেৱল দাঁতৰ বিষৰ পৰা উপশম পোৱাই নহয়, লঙৰ তেল ব্যৱহাৰ কৰিলে মূৰৰ বিষৰ পৰাও উপশম পোৱা যায়। লঙত ভিটামিন চি পোৱা যায়, যি শ্বেত ৰক্তকণিকা বৃদ্ধিৰ কাম কৰে। যদি কোনো লোকৰ হাড় দুৰ্বল হয়, তেতিয়াও লঙে সহায় কৰে। লং খালে হাড় মজবুত হয়।
লঙত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেন্ট থাকে। আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে ই সংক্ৰমণ নিৰাময়ৰ কামো কৰে। গতিকে লং খালে সামগ্ৰিক স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰ পোৱা যায়।
লঙৰ প্ৰচুৰ পৰিমাণে প্ৰদাহ নিবাৰণকাৰী গুণ থাকে, যি শৰীৰৰ পৰা সংক্ৰমণ দূৰ কৰাত সহায় কৰে। পেট বা ডিঙিত কোনো ধৰণৰ সংক্ৰমণ হ’লে লং গৰম কৰি বা কেঁচাকৈ খাব পাৰে। গৰম পানীৰ লগতো খাব পাৰে।
লং খালে আপোনাৰ যকৃতো স্বাস্থ্যৱান হয়। আপোনাৰ শৰীৰক বিষমুক্ত কৰি ই দেহক ৰোগৰ পৰা সকাহ দিয়ে। ফেটি লিভাৰত ভুগি থকা লোকসকলে বিশেষজ্ঞৰ পৰামৰ্শ মতে লং খালে উপকাৰিতা লাভ কৰিব পাৰে।
লং খালে পেটত স্বাস্থ্যকৰ এনজাইম উৎপন্ন হয়, যি হজম শক্তিৰ বাবে অতি উপকাৰী। এই এনজাইমবোৰে গেছ আৰু পেট ফুলা কমোৱাত সহায় কৰে। কেৱল এয়াই নহয়, পেটৰ আলচাৰৰ পৰাও ৰক্ষা কৰে। লগতে ইয়াত পোৱা ফাইবাৰে আপোনাৰ কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰে।