শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

তৰমুজৰ বগা অংশ পেলাই দিয়ে নেকি আপুনিও? উপকাৰিতা জানিলে কদাপি নকৰে এনে ভুল…

আমাৰ অধিকাংশ লোকৰ ক্ষেত্ৰত তৰমুজ খোৱাৰ এক বিশেষ লক্ষণ দেখা যায়। তৰমুজৰ কেৱল ৰঙা অংশহে খাই বাকী থকা সেউজীয়া খোলাটো আৰু ইয়াৰ লগত লাগি থকা বগা অংশটো বহুলোককে পেলাই দিয়া দেখা যায়। পিছে তৰমুজ খোৱাৰ এই ধৰণ সঠিক নহয়। বিশেষজ্ঞসকলৰ মতে তৰমুজৰ বগা অংশটোৰ যথেষ্ট উপকাৰিতা আছে।

তৰমুজৰ বগা অংশ পেলাই দিয়ে নেকি আপুনিও? উপকাৰিতা জানিলে কদাপি নকৰে এনে ভুল…
পেলাই দিয়ে নেকি তৰমুজৰ বগা অংশ
monjit-dutta
Monjit Dutta | Published: 29 Mar 2025 23:03 PM

ঠাণ্ডা দিনৰ পৰা বতৰ এতিয়া লাহে লাহে গৰমৰ ফালে গতি কৰিছে। গৰম বতৰৰ এই প্ৰাৰম্ভিক সময়তে উত্তাপৰ প্ৰভাৱ পৰিলক্ষিত হৈছে। গতিকে এইবাৰ গৰমে যে অধিক জুৰুলা কৰিব পাৰে, তাৰ এক অনুমান প্ৰায় কৰিব পৰা গৈছে। গৰমৰ এই সময়ছোৱাত দেহ শাঁত পেলাবলৈ আমি কিছুমান খাদ্যবস্তু খাওঁ। এইক্ষেত্ৰত কিছুমান বতৰৰ ফল আমাৰ দেহৰ বাবেও যথেষ্ট উপকাৰী বিবেচিত হয়। এনে ফলসমূহৰ ভিতৰত এক অন্যতম ফল হৈছে তৰমুজ। ই এফালে সোৱাদতো অনন্য হোৱাৰ লগতে দেহৰ বাবেও যথেষ্ট উপকাৰী।

অৱশ্যে আমাৰ অধিকাংশ লোকৰ ক্ষেত্ৰত তৰমুজ খোৱাৰ এক বিশেষ লক্ষণ দেখা যায়। তৰমুজৰ কেৱল ৰঙা অংশহে খাই বাকী থকা সেউজীয়া খোলাটো আৰু ইয়াৰ লগত লাগি থকা বগা অংশটো বহুলোককে পেলাই দিয়া দেখা যায়। পিছে তৰমুজ খোৱাৰ এই ধৰণ সঠিক নহয়। বিশেষজ্ঞসকলৰ মতে তৰমুজৰ বগা অংশটোৰ যথেষ্ট উপকাৰিতা আছে। এই বিষয়ে জানিলে তৰমুজৰ বগা অংশটো পেলাই দিয়াৰ ভুল কেতিয়াও নকৰে।

চাওঁ আহক তৰমুজৰ বগা অংশটোৰ উপকাৰিতাৰ বিষয়ে-

তৰমুজৰ বগা অংশটোত চাইট্ৰুলিন নামৰ এক প্ৰকাৰৰ এমিনো এচিড থাকে। ই আমাৰ কাৰ্যক্ষমতা বৃদ্ধিত সহায় কৰে। চিট্ৰুলিনে আমাৰ ৰক্তবাহী নলীবোৰ প্ৰসাৰিত কৰে। আমেৰিকাৰ নেচনেল লাইব্ৰেৰী অৱ মেডিচিনৰ গৱেষণাত কোৱা হৈছে যে চিট্ৰুলিনে পেশীবোৰক অক্সিজেন যোগান ধৰে। ফলত কাৰ্যক্ষমতা বৃদ্ধি পায়।

আমেৰিকান জাৰ্নেল অৱ হাইপাৰটেনচনত প্ৰকাশিত এক অধ্যয়ন অনুসৰি তৰমুজৰ বগা আৰু অন্যান্য অংশ প্ৰাপ্তবয়স্কৰ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত অতি সহায়ক হয়। কেৱল সেয়াই নহয়, তৰমুজত থকা চিট্ৰুলিনেও উচ্চ ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে।

তৰমুজৰ উপৰিভাগ ফাইবাৰৰ প্ৰচুৰ উৎস। ফাইবাৰযুক্ত খাদ্যৰ বহু উপকাৰ আছে, এয়া আমি সকলোৱে জানো। ই মলত্যাগত সহায় কৰে আৰু কলন কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰে। ফাইবাৰযুক্ত খাদ্যই পেট সোনকালে ভৰাই তোলে, বেছি সময়লৈকে পেট ভৰাই ৰাখে আৰু এইদৰে ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে।