Benefits of Lemon for Skin: ছালৰ সমস্যা দূৰ কৰাত নেমু কিমান উপকাৰী ? কেনেকৈ ব্যৱহাৰ কৰিব ?

নেমু সঠিকভাৱে ব্যৱহাৰ কৰিলে ছালৰ বহু সমস্যা সমাধান কৰিব পাৰি। নেমু কেনেদৰে ছালৰ সমস্যা নিৰাময় কৰে আৰু ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে জানক।

Benefits of Lemon for Skin: ছালৰ সমস্যা দূৰ কৰাত নেমু কিমান উপকাৰী ? কেনেকৈ ব্যৱহাৰ কৰিব ?

প্ৰতীকী ফটো

Published: 

15 Mar 2025 08:33 AM

লাহে লাহে ঠাণ্ডাৰ পৰা বতৰ গৰমলৈ পৰিৱৰ্তন হ’বলৈ আৰম্ভ কৰিছে । বিশেষকৈ ফাগুন মাহ শেষ হোৱাৰ পাছত চ’ত মাহৰ পৰা বতৰ গৰম হ’বলৈ আৰম্ভ কৰে । এই গ্ৰীষ্ম ঋতুত প্ৰায় সংখ্যক লোকে খাদ্য় পৰা আৰম্ভ কৰি ছালৰ যত্ন লোৱালৈকে নেমু ব্যৱহাৰ কৰে । গ্ৰীষ্মকালত নেমুৰ পানী খালে শৰীৰ হাইড্ৰেটেড হৈ থাকে আৰু ইলেক্ট্ৰলাইটও কমি নাযায়। কিন্তু নেমু কেৱল খাদ্যতেই নহয় ছালৰ যত্নতো ব্যৱহাৰ কৰা হয়। ইয়াত ভিটামিন চি, এন্টিঅক্সিডেন্ট আৰু অন্যান্য পুষ্টিকৰ উপাদান থাকে, যিবোৰ ছালৰ বাবে অত্যন্ত উপকাৰী।

নেমুত থকা এন্টি-বেক্টেৰিয়েল গুণে পিম্পল আৰু ব্ৰণ নিয়ন্ত্ৰণত সহায় কৰে। ই ছালত সতেজতা আৰু হাইড্ৰেচন প্ৰদান কৰি মুখখন কোমল আৰু স্বাস্থ্যকৰ কৰি তোলে। নেমু সঠিকভাৱে ব্যৱহাৰ কৰিলে ছালৰ বহু সমস্যা সমাধান কৰিব পাৰি। নেমু কেনেদৰে ছালৰ সমস্যা নিৰাময় কৰে আৰু ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে জানক।

নেমু ছালৰ বাবে কিমান উপকাৰী ?

  • নেমুত পোৱা ভিটামিন C য়ে ছালখন সতেজ কৰি ৰাখে । যদি আপোনাৰ ছালত ৰং, দাগৰ সমস্যা আছে তেন্তে নেমুৰ ৰসে সমস্যা দূৰ কৰিব পাৰে।
  • নেমুত থকা এন্টি-বেক্টেৰিয়েল গুণে ব্ৰণ আৰু পিম্পল প্ৰতিৰোধ কৰাত সহায় কৰে। ই ছালত মলি আৰু অতিৰিক্ত তেল পৰিষ্কাৰ কৰে । যাৰ ফলত ব্ৰণৰ সম্ভাৱনা কম হয়।
  • নেমুও ছালৰ ৰং উন্নত কৰাত সহায় কৰে। ইয়াক ব্যৱহাৰ কৰি গ্ল’য়িং ছাল লাভ কৰিব পাৰি। নিয়মিত নেমু ব্যৱহাৰ কৰিলে ছালত সতেজতা পোৱা যায়।
  • নেমুত এন্টি অক্সিডেন্ট থাকে, যাৰ ফলত ছালৰ বয়স বৃদ্ধিৰ লক্ষণ কম হয়। ই ছালখন টান কৰাত সহায় কৰে, যাৰ ফলত বলিৰেখা আৰু মিহি ৰেখাৰ সমস্যা কম হয়।

কেনেকৈ ব্যৱহাৰ কৰিব লাগে ?

নেমুৰ ৰস উলিয়াই এটা বাটিত লৈ লওক। মনত ৰাখিব যে, ইয়াক পোনে পোনে ছালত লগাব নালাগে। ইয়াত মৌ বা গোলাপ পানীও দিব পাৰে, যাৰ ফলত ছালত আৰ্দ্ৰতা পোৱা যায়। এতিয়া ভালদৰে ছালত লগাওক। সদায় মনত ৰাখিব যে, সূৰ্যৰ পোহৰত নেমু ব্যৱহাৰ নকৰিব। যদি আপোনাৰ ছালখন অতি সংবেদনশীল হয় তেন্তে প্ৰথমে পেচ টেষ্ট কৰক।

অৱসৰক লৈ বিৰাট কোহলীয়ে ক’লে এইদৰে, অনুৰাগীৰ মাজত চলিছে ব্যাপক চৰ্চা
ফাকুৱাৰ দিনা হ'ব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ! জানক ৰং খেলাটো শুভ নে অশুভ?
আৰ্থিক সমস্যাত ভুুগিছে নেকি? তেন্তে বেগত ৰাখক এই বস্তু...
ভ্ৰমণ কৰক ভাৰতৰ এই কেইখন বিখ্যাত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ