উচ্চ ৰক্তচাপৰ সমস্যা থাকিলে কেনেধৰণৰ খাদ্য খাব লাগে ? জানক
উচ্চ ৰক্তচাপৰ পৰা নিজৰ শৰীৰটোক ৰক্ষা কৰিবৰ বাবে ভাল জীৱনশৈলী আৰু উপযুক্ত খাদ্যাভ্যাসৰ ওপৰত গুৰুত্ব দিব লাগে । উচ্চ ৰক্তচাপৰ সমস্যা থাকিলে কি কি খাদ্য খাব আৰু কোনবোৰ খাদ্য খাব নালাগে এই প্ৰতিবেদনৰ জৰিয়তে জানক ।

উচ্চ ৰক্তচাপৰ সমস্যা থাকিলে কি কি খাদ্য খাব লাগে ?
বৰ্তমান সময়ত উচ্চ ৰক্তচাপৰ সমস্যা একেবাৰে সাধাৰণ হৈ পৰিছে । অস্বাস্থ্যকৰ জীৱনশৈলী, কৰ্মৰ চাপ আৰু ভাৰসাম্যহীন খাদ্যাভ্যাসৰ বাবেই মানুহৰ মাজত ৰক্তচাপৰ সমস্যা ক্ৰমাগতভাৱে বৃদ্ধি পাবলৈ ধৰিছে । উচ্চ ৰক্তচাপৰ পৰা নিজৰ শৰীৰটোক ৰক্ষা কৰিবৰ বাবে ভাল জীৱনশৈলী আৰু উপযুক্ত খাদ্যাভ্যাসৰ ওপৰত গুৰুত্ব দিব লাগে । উচ্চ ৰক্তচাপৰ সমস্যা থাকিলে কি কি খাদ্য খাব আৰু কোনবোৰ খাদ্য খাব নালাগে এই প্ৰতিবেদনৰ জৰিয়তে জানক ।
কি কি খাদ্য পৰিহাৰ কৰিব ?
- উচ্চ ৰক্তচাপৰ ৰোগীয়ে প্ৰচেছড খাদ্য পৰিহাৰ কৰিব লাগে। বজাৰত উপলব্ধ চিপচ, নামকিন, পেকেটত ভৰোৱা অন্যান্য খাদ্য খালে উচ্চ ৰক্তচাপৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।
- উচ্চ ৰক্তচাপ ৰোগীয়ে বেছি নিমখ সেৱন কৰিব নালাগে। উচ্চ ৰক্তচাপ থকা লোকৰ বাবে নিমখ বিপদজনক। নিমখত অধিক পৰিমাণে ছডিয়াম থাকে, যাৰ ফলত ৰক্তচাপ দ্ৰুতগতিত বৃদ্ধি পাব পাৰে।
- উচ্চ ৰক্তচাপ থকা লোকে মিঠাই খোৱাৰ পৰা বিৰত থাকিব লাগে। মিঠাইৰ দ্বাৰা চেনিৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি পায়। ইয়াৰ ফলত আপোনাৰ ওজন বৃদ্ধি পাব পাৰে আৰু হৃদযন্ত্ৰক প্ৰভাৱিত কৰিব পাৰে ।
- চাহ আৰু কফিত প্ৰচুৰ পৰিমাণে কেফেইন থাকে। কেফেইনে ৰক্তচাপ বৃদ্ধি কৰে। গতিকে বেছিকৈ সেৱন কৰিলে বিপদ বৃদ্ধি পায়।
কি কি খাদ্য খাব ?
- উচ্চ ৰক্তচাপ থকা লোকে সতেজ ফলমূল খাব লাগে। কমলা, তৰমুজ, কল, অমিতা আদি ফল-মূলত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে, যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে ।
- সেউজীয়া শাক-পাচলি খাব লাগে । ব্ৰকলি, বিলাহী, বীন আদি শাক-পাচলিত প্ৰচুৰ পৰিমাণে খনিজ পদাৰ্থ থাকে, যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। গতিকে এই ৰোগীসকলে সতেজ ফলমূল, সেউজীয়া শাক-পাচলি অধিক পৰিমাণে খাব লাগে।
- ওটচ, ব্ৰাউন ৰাইচ, বাদাম, দাইল আদি অন্যান্য গোটা শস্যত পৰ্যাপ্ত পৰিমাণে আঁহ থাকে। আঁহে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে । লগতে হৃদযন্ত্ৰৰ সমস্যাৰ সম্ভাৱনা হ্ৰাস কৰে। গতিকে এই ধৰণৰ খাদ্য খাব লাগে ।
উল্লেখ্য যে, উচ্চ ৰক্তচাপ থকা লোকসকলে বিশেষজ্ঞৰ পৰা পৰামৰ্শ গ্ৰহণ কৰি খাদ্য গ্ৰহণ কৰাটো অতি প্ৰয়োজন ।