বয়স বৃদ্ধিৰ সমান্তৰালভাৱে ছালখন সতেজ কৰি ৰাখিবলৈ এই খাদ্য অতি উপকাৰী…

বয়স বাঢ়ি অহাৰ লগে লগে ছালৰ উজ্বলতা হ্ৰাস পাবলৈ ধৰে । স্বাস্থ্যৰ ক্ষেত্ৰত সোনকালে ভাগৰুৱা হোৱা, ওজন বৃদ্ধি হোৱা, গাঁঠি আৰু পেশীৰ বিষ আদি অনুভৱ কৰিব পাৰে । ইয়াক আমি বাৰ্ধক্যৰ লক্ষণ বুলিও ক’ব পাৰো ।

বয়স বৃদ্ধিৰ সমান্তৰালভাৱে ছালখন সতেজ কৰি ৰাখিবলৈ এই খাদ্য অতি উপকাৰী...

বয়স বৃদ্ধিৰ লগে লগে স্বাস্থ্যৰ যতন লোৱাটো অতি প্ৰয়োজন

Updated On: 

13 Oct 2024 08:00 AM

বয়সৰ লগে লগে আমাৰ ছালৰ উজ্বলতা হ্ৰাস পোৱাৰ লগতে স্বাস্থ্যৰ কিছু সা-সলনি হয় । আমাৰ ছাল আৰু স্বাস্থ্যত বয়স প্ৰতিফলিত হয় । যেনে-বয়স বাঢ়ি অহাৰ লগে লগে ছালৰ উজ্বলতা হ্ৰাস পাবলৈ ধৰে । স্বাস্থ্যৰ ক্ষেত্ৰত সোনকালে ভাগৰুৱা হোৱা, ওজন বৃদ্ধি হোৱা, গাঁঠি আৰু পেশীৰ বিষ আদি অনুভৱ কৰিব পাৰে । ইয়াক আমি বাৰ্ধক্যৰ লক্ষণ বুলিও ক’ব পাৰো ।

এই লক্ষণসমূহ নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ খাদ্যৰ লগতে ৱৰ্কআউট আৰু এটা ভাল জীৱনশৈল্য গঢ়ি তুলিব লাগিব । যদি ভাল টোপনি হয়,ৰাতিপুৱা সোনকালে সাৰ পোৱাৰ অভ্যাস আছে, খোৱাৰ সময়খিনি যদি নিয়ন্ত্ৰণত ৰাখিছে, তেন্তে বয়স বৃদ্ধিৰ লগে লগে কেৱল মুখমণ্ডল ডেকা দেখাই নহয় মনৰ পৰাও ডেকা অনুভৱ কৰিব পাৰি ।

ৰাতিপুৱা কিছু তিয়াই থোৱা বাদাম খোৱাৰ পাছত দৈনন্দিন কাম আৰম্ভ কৰিব লাগে। তিনিৰ পৰা চাৰিটা আলমণ্ড, সমান সংখ্যক বাদাম আৰু আখৰোট ৰাতি তিয়াই থওক। ৰাতিপুৱা এগিলাচ পানীৰে আৰম্ভ কৰক আৰু তাৰ পাছত এই তিয়াই থোৱা বাদামখিনি খাওক। ইয়াত ভিটামিন E থাকে যি ছালৰ বাবে অতি গুৰুত্বপূৰ্ণ। ইয়াৰ বাহিৰেও বাদাম প্ৰটিন আৰু আন বহুতো পুষ্টিকৰ উপাদানৰ ভঁৰাল, যিয়ে আপোনাক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি ৰাখিব।

বয়স বঢ়াৰ সমান্তৰালভাৱে যদি শৰীৰ আৰু মুখখন সতেজ কৰি ৰাখিব বিচাৰে তেন্তে দৈনন্দিন জীৱনত এটা আপেল খাব লাগিব। ই হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী আৰু ইয়াৰ উপৰিও কেলচিয়ামৰ এক উত্তম উৎস, যাৰ ফলত হাড়বোৰ সুস্থ হৈ থাকে। ইয়াৰ বাহিৰেও কমলা, নেমু, আঙুৰ, কিউই আদি টেঙা ফল আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। এই ফলবোৰ ভিটামিন C আৰু Eৰ উৎস, যিয়ে ছালখনক সুস্থ কৰি ৰখাত সহায় কৰে।

যদি আপুনি বয়স বঢ়াৰ লগে লগে পেশী আৰু হাড়বোৰ মজবুত কৰি ৰাখিব বিচাৰে আৰু গাঁঠিৰ বিষ আদিৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে দৈনিক খাদ্যত এগিলাচ গাখীৰ অন্তৰ্ভুক্ত কৰিব লাগে।

আপুনি আপোনাৰ খাদ্য তালিকাত পুষ্টি সমৃদ্ধ খাদ্য অন্তৰ্ভুক্ত কৰিব লাগিব । বয়স বৃদ্ধিৰ লগে লগে আপোনাৰ ছালখন সুস্থ কৰি ৰাখিবলৈ অস্বাস্থ্যকৰ খাদ্য নোখোৱাই ভাল । একে সময়তে আপুনি ধ্যান, যোগ বা খোজ কঢ়াৰ দৰে কামবোৰ কৰি থাকিব লাগে । প্ৰতিদিনে দৌৰিব লাগে, ইয়াৰ ফলত ওজন নিয়ন্ত্ৰণত থাকে আৰু শৰীৰৰ গতিবিধিও সঠিকভাৱে থাকে ।

চুলি হৈ পৰিব দীঘল, ক'লা, ঘন আৰু মজবুত! মাত্ৰ ব্যৱহাৰ কৰক এই সামগ্ৰী
নতুন বছৰত গ্ৰাহকলৈ সুখৰ বতৰা আনিছে Jioই, নানা সুবিধাৰে আগবঢ়াইছে বেষ্ট প্লেন
কমেডি ষ্টাৰ গোবিন্দাৰ সেইসমূহ ছবি, যিবোৰৰ নিৰ্মাণ এতিয়ালৈ সম্পূৰ্ণ নহ'ল...
নৱবৰ্ষত ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবি 'বনৰজা'।