বৰ্তমান সময়ত মানুহৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে ৰক্তহীনতা । বিশেষকৈ এই সমস্যাটো মহিলা সকলৰ মাজত দেখা গৈছে । আইৰণৰ অভাৱত ৰক্তকণিকাৰ উৎপাদন হ্ৰাস পায়।
ৰক্তহীনতাত ভুগিলে মানুহৰ মূৰ ঘূৰোৱা, ভাগৰুৱা অনুভৱ কৰা,বেছি টোপনি অহা, হাত-ভৰি ঠাণ্ডা হোৱা আদি লক্ষণসমূহে দেখা দিব পাৰে।
গতিকে ৰক্তহীনতাৰ পৰা আঁতৰত থাকিবলৈ আপুনি এটা ভাল জীৱনশৈলী বাছি লওক ।
আইৰণৰ অভাৱ পূৰণ বা ৰক্তহীনতা দূৰ বা হ্ৰাস কৰিবলৈ দৈনিক খাদ্যৰ তালিকাত এই ৪ বিধ খাদ্য অন্তৰ্ভুক্ত কৰক ।
আমাৰ স্বাস্থ্যৰ বাবে বিট আৰু গাজৰ অতি উপকাৰী । বিট আৰু গাজৰ আপুনি বিভিন্ন প্ৰকাৰে খাব পাৰে । আমাৰ সমাজত প্ৰায়ে বিট আৰু গাজৰ চালাদ বনাই খোৱা দেখা যায় । বিট আৰু গাজৰে ৰক্তহীনতা দূৰ বা হ্ৰাস কৰাত সহায় কৰিব ।
শৰীৰত চুগাৰৰ মাত্ৰা স্বাভাৱিক হ'লে প্ৰতিদিনে পুৱা খালী পেটত ১০-১২টা কিচমিচ আৰু কেইটামান খেজুৰ খোৱাৰ অভ্যাস গঢ়ি তুলিব পাৰে। ভিটামিন এ, চি, মেগনেছিয়াম, তাম, আইৰণ সমৃদ্ধ কিচমিচ আৰু খেজুৰে আইৰণৰ অভাৱ দূৰ কৰিব পাৰে ।
বহুতে ৰন্ধন প্ৰণালীত তিল ব্যৱহাৰ কৰে। আইৰণ, তাম, জিংক, চেলেনিয়াম আৰু ভিটামিন বি ৬, ফ’লেট আৰু ভিটামিন ইৰে সমৃদ্ধ তিলে শৰীৰত আইৰণৰ পৰিমাণ বৃদ্ধি কৰাত অতি সহায় কৰে ।
ডালিম স্বাস্থ্যৰ বাবে অতি উপকাৰী। শৰীৰত আইৰণৰ অভাৱ পূৰণ কৰাৰ লগতে ৰক্তহীনতাৰ পৰা আপোনাৰ শৰীৰটোক আঁতৰত ৰখাত সহায় কৰিব ডালিমে । গতিকে ডালিম খোৱাৰ অভ্যাস কৰক ।