শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কোনবোৰ ফল সোনকালে হজম হয় ? এই ফলবোৰ খালে কি কি লাভ হয় ?

কিছুমান খাদ্য বস্তু আছে যিবোৰ খালে সোনকালে হজম হয় আৰু ই আমাৰ পেট সুস্থ কৰি ৰাখে । বিশেষকৈ ফল-মূল সোনকালে হজম হয় বুলি বিশ্বাস কৰা হয় । কিন্তু সকলো ফল সোনকালে হজম হয়নে ?

কোনবোৰ ফল সোনকালে হজম হয় ? এই ফলবোৰ খালে কি কি লাভ হয় ?
প্ৰতীকী ফটো
manas-borah
Manas Borah | Published: 19 Mar 2025 11:43 AM

আমি খাদ্য খোৱাৰ পাছতে হজম প্ৰক্ৰিয়া আৰম্ভ হয় । কিছুমান খাদ্য বস্তু আছে যিবোৰ খালে সোনকালে হজম হয় আৰু ই আমাৰ পেট সুস্থ কৰি ৰাখে । বিশেষকৈ ফল-মূল সোনকালে হজম হয় বুলি বিশ্বাস কৰা হয় । কিন্তু সকলো ফল সোনকালে হজম হয়নে ? বিশেষজ্ঞসকলে কয় যে, ভাল পৰিমাণৰ আঁহ থকা ফল খাব লাগে। আঁহে পেটত হজম শক্তিত সহায় কৰে। ই অন্ত্ৰৰ বাবেও ভাল।

যদি কোনো ব্যক্তিৰ সঘনাই আঁহ খোৱাৰ অভ্যাস নাথাকে তেন্তে আঁহৰ পৰিমাণ ক্ৰমান্বয়ে বৃদ্ধি কৰাটোৱেই উত্তম। আপেল আৰু কলৰ দৰে ফলৰ পৰা ভাল পৰিমাণৰ আঁহ পোৱা যায়। ইয়াৰ বাবে প্ৰতিদিনে এটা আপেল আৰু কল খাব পাৰে । কিন্তু যদি কল খালে যদি এলাৰ্জী হয় তেন্তে নাখাব। মনত ৰাখিব যে, ভাল হজমৰ বাবে প্ৰচুৰ পৰিমাণে পানী খোৱাটোও গুৰুত্বপূৰ্ণ । কাৰণ ই আঁহৰ লগতে হজম শক্তি উন্নত কৰে।

হজমৰ বাবে উত্তম ফলবোৰ কি কি?

বহু ফল-মূলত প্ৰচুৰ পৰিমাণে আঁহ থাকে। ইয়াৰ উপৰিও ইয়াত ভিটামিন আৰু খনিজ পদাৰ্থ থাকে যিবোৰ হজমৰ বাবে উপযোগী, যেনে-ভিটামিন চি আৰু পটাছিয়ামযুক্ত ফল। আপেলৰ উপৰিও কমলাত ভাল পৰিমাণৰ আঁহ থাকে আৰু ই সোনকালে হজম হয়। তৰমুজো সোনকালে হজম হয় । যদিও এই ফলত আঁহ নাথাকে, কিন্তু ইয়াত ভাল পৰিমাণৰ পানী থাকে। ইয়াৰ উপৰিও আপুনি জামুও খাব পাৰে। জামু সোনকালে হজম হয় আৰু ইয়াত আঁহো থাকে। এই ফলবোৰ খোৱাৰ উপকাৰিতা হ’ল আন্ত্ৰিক স্বাস্থ্য ভাল হৈ থাকে আৰু শৰীৰে বহু ধৰণৰ ভিটামিন আৰু পুষ্টিকৰ উপাদান লাভ কৰে।

এই খাদ্য খোৱাৰ পৰা বিৰত থাকক

কিছুমান বস্তু হজম হ’বলৈ বহু সময় লাগে। যদি আপোনাৰ পাচনতন্ত্ৰৰ সমস্যা আছে তেন্তে এইবোৰ খোৱাৰ পৰা বিৰত থাকিব লাগে। উদাহৰণস্বৰূপে, যিকোনো ধৰণৰ ফাষ্ট ফুড, প্ৰচেছড ফুড খোৱাৰ পৰা বিৰত থাকক। নন-ভেজত ৰঙা মাংস পৰিহাৰ কৰক আৰু আটা বেছি থকা বস্তু খাব নালাগে। এইবোৰ লাহে লাহে হজম হয় আৰু ইয়াৰ ফলত আন্ত্ৰিক স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰে। এই খাদ্যবোৰে পেট, অন্ত্ৰ আৰু যকৃতৰ ক্ষতি কৰিব পাৰে।