শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কি কি ফল খালে মানসিক চাপৰ পৰা উপশম পাব পাৰি ? জানক

সুস্থ জীৱন-যাপনৰ বাবে মানসিক চাপ নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজন । কিন্তু আপুনি জানেনে যে কিছুমান ফল খালে মানসিক চাপৰ পৰা উপশম পাব পাৰি।

কি কি ফল খালে মানসিক চাপৰ পৰা উপশম পাব পাৰি ? জানক
ফলমূল
manas-borah
Manas Borah | Published: 29 Jan 2025 15:30 PM

মানসিক চাপে বিভিন্ন ধৰণে শাৰীৰিক সমস্যাৰ সৃষ্টি কৰে । সুস্থ জীৱন-যাপনৰ বাবে মানসিক চাপ নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজন । কিন্তু আপুনি জানেনে যে কিছুমান ফল খালে মানসিক চাপৰ পৰা উপশম পাব পাৰি। বজাৰত কিছুমান ফল-মূল আছে যিবোৰ খালে মানসিক চাপৰ পৰা উপশম পাব পাৰি। সতেজ ফল-মূল খালে আপোনাৰ মানসিক স্বাস্থ্য ভাল হৈ থাকে।

প্ৰচেছড ফলমূল আৰু শাক-পাচলিতকৈ সতেজ আৰু কেঁচা ফলত অধিক পুষ্টিকৰ উপাদান থাকে। সেয়ে জীৱনশৈলীত সতেজ ফল যোগ কৰক। ইয়াৰ দ্বাৰা আপুনি মানসিক চাপৰ পৰা আঁতৰি থাকিব পাৰে। উচ্চ মাত্ৰাত ভিটামিন চি আৰু ই থাকিলে প্ৰদাহ কমায় আৰু মানসিক স্বাস্থ্যৰ উন্নত কৰে।

কল, আপেল, আঙুৰ, কমলা, অমিতা খালে আপোনাৰ মানসিক চাপ কমি যাব পাৰে । ইয়াৰ উপৰিও মানসিক স্বাস্থ্য উন্নত হ’ব। ইয়াৰ উপৰিও এভোকেডো আৰু চাইট্ৰাছ ফলকো আপোনাৰ খাদ্যৰ অংশ হিচাপে লওক। প্ৰচেছড ফলৰ পৰিৱৰ্তে সতেজ আৰু কেঁচা ফলৰ ওপৰত অগ্ৰাধিকাৰ দিয়ক। সতেজ ফল-মূলে কেৱল শাৰীৰিক স্বাস্থ্যই নহয়, মানসিক স্বাস্থ্যও উন্নত কৰাত সহায় কৰে। নিয়মিতভাৱে খালে হতাশা, মানসিক চাপ আৰু উদ্বেগ হ্ৰাস কৰিব পাৰি।

গৱেষণাৰ পৰা দেখা গৈছে যে সতেজ ফল-মূল খালে মানসিক স্বাস্থ্য উন্নত হোৱাৰ লগতে মানসিক চাপ বহু পৰিমাণে হ্ৰাস পাব পাৰে। সতেজ ফল-মূল খোৱাৰ ফলত মানসিক অশান্তিৰ সম্ভাৱনা কমি যায়। ই আপোনাৰ মনটোক অধিক সৃষ্টিশীল আৰু কৌতুহলী কৰি তোলে, যাৰ ফলত কৰ্মশৈলী আৰু চিন্তা কৰাৰ ক্ষমতা উন্নত হ’ব পাৰে।