5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Best Indian Train Journeys : বাৰিষা এই ঠাই সমূহত ৰে’ল ভ্ৰমণ কৰি লাভ কৰক পাহৰিব নোৱাৰা অভিজ্ঞতা

Best Indian Train Journeys : বাৰিষা কালত অধিক ভ্ৰমণকাৰীয়ে ভ্ৰমণৰ পৰিকল্পনা কৰে । বহুতে আকৌ এই সময়ছোৱাত ৰে’ল যাত্ৰাও পচন্দ কৰে । কিছুমান ঠাই আছে, য’ত বাৰিষাৰ কালত কৰা ৰে’ল যাত্ৰাৰ অভিজ্ঞতা কেতিয়াও পাহৰিব নোৱাৰি । আপুনিও এজাক বৰষুণৰ সৈতে ৰে’ল যাত্ৰাৰ পৰিকল্পনা কৰিছে নেকি ? যদি কৰিছে তেন্তে এই ৰে’লৱেত যাত্ৰা কৰাৰ বাবে পৰিকল্পনা কৰক ।

Best Indian Train Journeys : বাৰিষা এই ঠাই সমূহত ৰে’ল ভ্ৰমণ কৰি লাভ কৰক পাহৰিব নোৱাৰা অভিজ্ঞতা
ৰে’ল যাত্ৰা( প্ৰতীকী ফটো)
manas-borah
Manas Borah | Published: 27 Jul 2024 18:30 PM

এজাক বৰষুণৰ সৈতে ভ্ৰমণ কৰাৰ মজাই বেলেগ । বাৰিষা কালত অধিক ভ্ৰমণকাৰীয়ে ভ্ৰমণৰ পৰিকল্পনা কৰে । বহুতে আকৌ এই সময়ছোৱাত ৰে’ল যাত্ৰাও পচন্দ কৰে । কিছুমান ঠাই আছে, য’ত বাৰিষাৰ কালত কৰা ৰে’ল যাত্ৰাৰ অভিজ্ঞতা কেতিয়াও পাহৰিব নোৱাৰি । আপুনিও এজাক বৰষুণৰ সৈতে ৰে’ল যাত্ৰাৰ পৰিকল্পনা কৰিছে নেকি ? যদি কৰিছে তেন্তে এই ৰে’লৱেত যাত্ৰা কৰাৰ বাবে পৰিকল্পনা কৰক ।

কংকন ৰে’লৱে

কংকন ৰে’লৱেত ভ্ৰমণ কৰি অধিক ভাল অভিজ্ঞতা লাভ কৰিব । ই কংকন উপকূলৰ কাষেৰে মুম্বাই আৰু গোৱাক সংযোগ কৰিছে । বাৰিষাৰ সময়ত কংকন উপকূলৰ সৌন্দৰ্য্য আৰু অধিক বৃদ্ধি পায়। বৰষুণৰ বাবে ইয়াৰ ঘাটবোৰ সেউজীয়া হৈ পৰে।

মুম্বাইৰ পৰা মদগাঁওলৈ

মুম্বাইৰ পৰা মদগাঁওলৈ মাণ্ডভি এক্সপ্ৰেছত যাত্ৰা কৰিলে অতি ভাল অভিজ্ঞতা লাভ কৰিব । গুজৰাটৰ মাজেৰে ৰে’লখন পাৰ হৈ যোৱাৰ সময়ত প্ৰাকৃতিক দৃশ্যবোৰে সকলোকে মোহিত কৰে । এই ৰে’লখন পশ্চিম ঘাটৰ বহু ঠাইৰ মাজেৰে পাৰ হৈ যায়।

নীলগিৰি ৰে’লৱে

পশ্চিম ঘাটৰ পাহাৰৰ মাজেৰে নীলগিৰি পৰ্বত ৰে’লৱে পাৰ হৈ যায়। এই যাত্ৰাত চাৰিওফালে থকা পাহাৰৰ সুন্দৰ দৃশ্য দেখিবলৈ পোৱা যায় । এই পাহাৰবোৰ আবৰি থকা কুঁৱলীবোৰে পৰ্যটকক অধিক আকৰ্ষণ কৰি ৰাখে । এই ৰে’লৰ ভাপ ইঞ্জিনসমূহে যাত্ৰাৰ আকৰ্ষণ আৰু অধিক বৃদ্ধি কৰে।

দাৰ্জিলিং হিমালয়ান ৰে’লৱে

দাৰ্জিলিং হিমালয়ান ৰে’লৱেও আমাৰ দেশৰ প্ৰধান আকৰ্ষণৰ ভিতৰত গণ্য কৰা হয়। এয়া আমাৰ দেশৰ আন এক ঐতিহ্য ৰেখা। বৰষুণ আৰম্ভ হোৱাৰ লগে লগে এই ঠাইখন আৰু অধিক ধুনীয়া হৈ পৰে।

লগতে পঢ়কঃ Visa free travel: ভিজা অবিহনে ভ্ৰমণ কৰক এই দেশ কেইখন…

Latest News