Best Summer Foods : গৰম দিনত সুস্বাস্থ্য বজাই ৰাখিবলৈ খাওক এই খাদ্য…

গৰমৰ দিনত বেছিকৈ ভজা খাদ্য খালে আমাৰ হজম শক্তি লেহেমীয়া হয়। ইয়াৰ ফলত বিপাকীয় ক্ৰিয়াতো প্ৰভাৱ পৰে। কিন্তু গৰমৰ দিনতো শক্তি বজাই ৰাখিবলৈ কিছুমান বিশেষ বস্তু খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে।

Best Summer Foods : গৰম দিনত সুস্বাস্থ্য বজাই ৰাখিবলৈ খাওক এই খাদ্য...

গৰমৰ দিনত কেনেধৰণৰ খাদ্য খাব ?

Published: 

29 Mar 2025 08:52 AM

গ্ৰীষ্মকালত শৰীৰক অধিক শক্তিৰ প্ৰয়োজন হয়। ঘাম ওলোৱাৰ বাবে শৰীৰৰ পৰা খনিজ পদাৰ্থ হ্ৰাস পাবলৈ ধৰে। এনে পৰিস্থিতিত আমি এই ঋতুত আমাৰ খাদ্যাভ্যাসৰ বিশেষ যত্ন লোৱা উচিত, যাতে শৰীৰে পৰ্যাপ্ত শক্তি লাভ কৰে আৰু গোটেই দিনটো যাতে সক্ৰিয় হৈ থাকিব পাৰোঁ। কিন্তু গ্ৰীষ্মকালত এনে খাদ্য খাব লাগে যিবোৰ স্বাস্থ্যকৰ আৰু সোনকালে হজম হ’ব পাৰে।

বিশেষজ্ঞসকলৰ মতে, এই সময়ত বেছিকৈ ভজা খাদ্য খালে আমাৰ হজম শক্তি লেহেমীয়া হয়। ইয়াৰ ফলত বিপাকীয় ক্ৰিয়াতো প্ৰভাৱ পৰে। কিন্তু গৰমৰ দিনতো শক্তি বজাই ৰাখিবলৈ কিছুমান বিশেষ বস্তু খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। গৰমৰ দিনটো কেনেধৰণৰ খাদ্য খাব লাগে জানক ।

দৈ খাব

গৰমত দৈ সেৱন কৰিলে স্বাস্থ্যৰ বাবে অতি উপকাৰী। দৈত প্ৰ’বায়’টিক থাকে, যাৰ ফলত হজম শক্তি সুস্থ হৈ থাকে। লগতে দৈয়ে শৰীৰক শীতলতা প্ৰদান কৰে।

তিয়াই থোৱা আলমণ্ড

তিয়াই লোৱা আলমণ্ডে শৰীৰক শক্তি প্ৰদান কৰে। এই খাদ্য সহজে হজম হয়। উল্লেখ্য যে, আলমণ্ডত প্ৰটিন, ফাইবাৰ আৰু ভিটামিন ই আদি পুষ্টিকৰ উপাদান থাকে। তিয়াই থৈ খালে আলমণ্ডত থকা এনজাইমবোৰ সক্ৰিয় হৈ পৰে।

মগু দাইল

গৰমৰ দিনত মগু দাইলৰ চালাড এটা ভাল আৰু লঘু খাদ্যৰ বিকল্প। মগু দাইলত প্ৰটিন, আঁহ আৰু খনিজ পদাৰ্থ থাকে, যিয়ে শৰীৰক অত্যাৱশ্যকীয় পুষ্টি প্ৰদান কৰে।

কল

কলত প্ৰাকৃতিক চেনি আৰু আঁহ থাকে। ইয়াৰ উপৰিও ই আইৰণৰ উৎসও। গ্ৰীষ্মকালত ব্ৰেকফাষ্টৰ সময়ত দুটা কল খালে গোটেই দিনটো সক্ৰিয় হৈ থাকিব পাৰিব । ইয়াত থকা ভিটামিন বি ৬ য়ে শৰীৰত চেৰ’টনিনৰ মাত্ৰা বৃদ্ধি কৰি মেজাজ উন্নত কৰাত সহায় কৰে।

Ghibli আৰ্টৰ মাষ্টাৰমাইণ্ড কোন জানেনে?
কাৰ নামত কিমান সম্পত্তি লিখি থৈ গ'ল টাটাই? তালিকাত নাম ঘৰুৱা সহায়কৰ পৰা পোহনীয়া কুকুৰলৈ...
ৰিয়ান পৰাগ কিমান সম্পত্তিৰ মালিক? শুনি হ'ব আচৰিত...
শৰীৰৰ কোন ঠাইত তিল থকা শুভ? জানক ইয়াৰ প্ৰতিটো অৰ্থ...