উচ্চ ৰক্তচাপৰ ৰোগীসকলৰ বাবে লাভদায়ক এই ৫টা যোগাসন | Best yogasan to control high blood pressure and healthy heart Assam news - Assam Tv9

উচ্চ ৰক্তচাপৰ ৰোগীসকলৰ বাবে লাভদায়ক এই ৫টা যোগাসন

Updated On: 

24 Aug 2024 12:50 PM

উচ্চ ৰক্তচাপৰে হৃদযন্ত্ৰৰ ওপৰত অতি বেয়া প্ৰভাৱ পেলায় । আজিকালি যুৱসকলৰ ক্ষেত্ৰতো এই সমস্যাটো দেখা যায় । ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিবলৈ আৰু সামগ্ৰিক স্বাস্থ্য উন্নত কৰিবলৈ, দৈনন্দিন ৰুটিনত কিছুমান যোগাসন অন্তৰ্ভুক্ত কৰক।

1 / 5উচ্চ

উচ্চ ৰক্তচাপ থকা সকলৰ বাবে দৈনিক কেইমিনিটমানৰ বাবে পৱনমুক্তাসন কৰক। এই যোগাসন কৰাটো বৰ কঠিন নহয়। এই যোগাসনে হৃদযন্ত্ৰ স্বাস্থ্যৱান কৰাৰ লগতে পেটৰ গেছ বাহিৰ কৰা , পিঠিৰ বিষ উপশম কৰা, চাপ হ্ৰাস কৰা, পেটৰ চৰ্বি হ্ৰাস কৰা, এচিডিটিত আৰাম প্ৰদান ইত্যাদি কাম কৰে।

2 / 5

বালাসনে মন শান্ত কৰি ৰাখে, চাপ উপশম কৰে আৰু টোপনি উন্নত কৰে। যি উচ্চ ৰক্তচাপ থকা লোকসকলক যথেষ্ট লাভান্বিত কৰে। এই যোগাসনে ভাগৰ আঁতৰ কৰাৰ লগতে হৃদযন্ত্ৰৰ পেশী শক্তিশালী কৰে। ইয়াৰ উপৰিও বালাসন ডায়েবেটিচ ৰোগীৰ বাবেও উপকাৰী। মহিলাসকলে এই যোগাসনৰ দ্বাৰা ঋতুস্ৰাৱ সম্পৰ্কীয় সমস্যাৰ পৰা সকাহ পায়।

3 / 5

সেতুবান্ধাসনৰ সময়ত বুকুৰ পেশীবোৰ খোল খাই যিয়ে অক্সিজেনৰ প্ৰবাহ উন্নত কৰে।যিয়ে ৰক্ত সঞ্চালন উন্নত কৰে। এই যোগাসনে কৰি উচ্চ ৰক্তচাপ থকা লোকসকলক যথেষ্ট উপকাৰ প্ৰদান কৰে আৰু চাপো আঁতৰ কৰে। সেতুবান্ধাসনে নিয়মীয়া অভ্যাসেৰে অনিদ্ৰা, হাপানি, থাইৰইড আদিৰ পৰা সকাহ দিয়ে।

4 / 5

উচ্চ ৰক্তচাপ থকাসকলৰ বাবে পদংগুষ্ঠাসনো লাভজনক। এই আসনে গোৰোহা, উৰু, বাহু, কঁকাল আৰু ভৰিৰ পেশী শক্তিশালী কৰে। ই চাপ হ্ৰাস কৰে আৰু একাগ্ৰতাও উন্নত কৰে।

5 / 5

উচ্চ ৰক্তচাপ থকাসকলে দৈনিক ভ্ৰমাৰী প্ৰাণায়াম কৰিব লাগে। ই অতি লাভজনক। এই প্ৰাণায়ামে চাপ উপশম কৰা, উদ্বেগ হ্ৰাস কৰা, মাইগ্ৰেইন বা স্বাভাৱিক মুৰৰ বিষ, মন শান্ত কৰা, মনোযোগ বৃদ্ধি কৰা, শ্ৰৱণ ক্ষমতা বৃদ্ধি কৰাৰ দৰে লাভ প্ৰদান কৰে।

Follow Us On
পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version