Bhai Dooj 2024: আজি ভাতৃ দ্বিতীয়া, ফোট লগোৱাৰ শুভ সময়, পূজাৰ বিধি, নিয়ম আৰু তাৎপৰ্য সম্পৰ্কে জানক…

Bhai dooj: ভাই দুজ উৎসৱ ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ প্ৰতীক। এই দিনটোত ভগ্নীসকলে তেওঁলোকৰ ভাতৃৰ কপালত ফোট লগাই সমৃদ্ধি আৰু দীৰ্ঘজীৱনৰ বাবে প্ৰাৰ্থনা কৰে। ভাতৃ দ্বিতীয়াত ফোট লগোৱাৰ শুভ সময়ৰ আৰু গুৰুত্ব সম্পৰ্কে সম্পূৰ্ণ তথ্য জানো আহক।

Bhai Dooj 2024: আজি ভাতৃ দ্বিতীয়া, ফোট লগোৱাৰ শুভ সময়, পূজাৰ বিধি, নিয়ম আৰু তাৎপৰ্য সম্পৰ্কে জানক...

আজি ভাতৃ দ্বিতীয়া

Updated On: 

03 Nov 2024 18:55 PM

Bhai Dooj 2024 Date and Time: প্ৰতি বছৰে কাতি মাহৰ শুক্ল পক্ষৰ দ্বিতীয়া তিথিত ভাতৃ দ্বিতীয়া উৎসৱ উদযাপন কৰা হয়। । ভাতৃ দ্বিতীয়া ভাতৃ-ভগ্নীৰ প্ৰেমৰ প্ৰতীক। এই দিনটোত, ভগ্নীসকলে তেওঁলোকৰ ভাতৃৰ কপালত ফোট লগাই আৰু তাৰ বিনিময়ত ভাতৃয়ে তেওঁলোকক উপহাৰ দিয়ে। এই উৎসৱটোক দেশৰ বিভিন্ন প্ৰান্তত ভাই ফোটা, ভাও বীজ, ভাই বীজ, ভাতৃ দ্বিতীয়া, যম দ্বিতীয়া, ভাতৃ দিত্য, ভাই তিহাৰ আৰু ভাই টিক্কা বুলিও জনা যায়।

ভাতৃ দ্বিতীয়া কেতিয়া? (Bhai Dooj 2024 Date)

হিন্দু পঞ্জিকা অনুসৰি, ভাতৃ দ্বিতীয়া ২ নৱেম্বৰৰ সন্ধিয়া ৮:২১ বজাৰ পৰা আৰম্ভ হৈছে আৰু ৩ নৱেম্বৰত নিশা ১০:০৫ বজাত সমাপ্ত হ’ব। উদয় তিথিৰ মতে ভাতৃ দ্বিতীয়া ৩ নৱেম্বৰ, দেওবাৰে অৰ্থাৎ আজি উদযাপন কৰা হ’ব।

ভাতৃ দ্বিতীয়াত ফোট লগোৱাৰ শুভ মুহুৰ্ত

ভাতৃ দ্বিতীয়াত ফোট লগোৱাৰ শুভ সময় দুপৰীয়া ১.১৯ বজাৰ পৰা আবেলি ৩.২২ বজালৈ থাকিব। ভাতৃ দ্বিতীয়াৰ দিনা আপুনি ফোট লগোৱাৰ বাবে মুঠ ২ ঘণ্টা ১২ মিনিট সময় পাব।

পূজা থালিত কি ৰাখিব?

ভাতৃ দ্বিতীয়াৰ দিনা ভাতৃক ফোট লগোৱাৰ বাবে পূজাৰ থালিত সেন্দুৰ, অক্ষত অৰ্থাৎ গোটা চাউল, ফুল, পাণ-তামোল, ৰূপৰ মুদ্ৰা, শুকান নাৰিকল, হাতত বন্ধা সূতা, ফল, মিঠাই আৰু চাকি ৰাখিব ।

ভাতৃ দ্বিতীয়াত ফোট লগোৱাৰ বিধি

ভাতৃ দ্বিতীয়াত ফোট লগোৱাৰ বাবে প্ৰথমে গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধিব। তাৰ পিছত ভাতৃক ফোট লগোৱাৰ বাবে এখন থালি প্ৰস্তুত কৰক। তাৰ পিছত ভগ্নীয়ে উত্তৰ-পূবৰ দিশৰ মুখ কৰি ভাতৃক ফোট লগাওক। তাৰ পিছত ভাতৃক মিঠাই খুৱাই নাৰিকল আৰু চাউল দিয়ক। ইয়াৰ পিছত, ভাতৃৰ আৰতি কৰক আৰু তেওঁৰ সৌভাগ্য আৰু দীৰ্ঘ জীৱনকামনা কৰক। ভাতৃয়ে তেওঁলোকৰ ভগ্নীক উপহাৰ দিব লাগে। এইটো বিশ্বাস কৰা হয় যে ইয়াৰ ফলত ভাতৃ-ভগ্নীৰ মাজত সদায় মৰম থাকে।

ভাতৃ দ্বিতীয়াত ফোট লগোৱাৰ নিয়ম

  • ভাতৃ দ্বিতীয়াৰ দিনা শুভ সময়ত ভাতৃৰ কপালত ফোট লগাওক। ভুলতেও ভাতৃক ৰাহু কালত ফোট নলগাব।
  • ভাতৃ দ্বিতীয়াৰ দিনা ভাতৃক ফোট লগাওতে দিশৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে। ফোট লগাওতে ভাতৃৰ মুখ উত্তৰ বা উত্তৰ-পশ্চিম দিশৰ ফালে থাকিব লাগে। একে সময়তে ভগ্নীৰ মুখখন উত্তৰ-পূব বা পূব দিশৰ ফালে হ’ব লাগে।
  • ভাতৃক ফোট লগাওতে ভাতৃক কাঠৰ ওপৰত বহিবলৈ দিয়ক, থিয় হৈ বা চকীত বহি ফোট নলগাব।
  • ভাতৃক ফোট লগোৱাৰ পিছত হাতত মৌলি সূতা বান্ধি আৰতি কৰক।
  • এই দিনটোত ফোট লগোৱাৰ পিছত, ভাতৃয়ে ভগ্নীক উপহাৰ দিব লাগিব।
  • এই দিনটোত ভাতৃ-ভগ্নীয়ে কাজিয়া কৰিব নালাগে। লগতে কেৱল নিৰামিষ, পুষ্টিসমৃদ্ধ খাদ্য গ্ৰহণ কৰিব লাগে।

ভাতৃ দ্বিতীয়াৰ তাৎপৰ্য (Bhai Dooj Significance)

ভাতৃ দ্বিতীয়াৰ দিনটো ভাতৃ-ভগ্নীৰ প্ৰেমৰ প্ৰতীক হিচাপে উদযাপন কৰা হয়। এই দিনটোত ভগ্নীসকলে ভাতৃক ফোট লগাই আৰু নাৰিকল আগবঢ়াই সকলো দেৱ-দেৱীৰ ওচৰত ভাতৃৰ সুখ, সমৃদ্ধি আৰু দীৰ্ঘজীৱনৰ বাবে প্ৰাৰ্থনা কৰে। তাৰ পিছত ভাতৃয়ে তেওঁলোকৰ ভগ্নীক সুৰক্ষা প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে।

 

(স্পষ্টীকৰণ: ওপৰোক্ত তথ্যবোৰ ধৰ্মীয় বিশ্বাসৰ ওপৰত আধাৰিত। টিভি 9য়ে ইয়াৰ নিশ্চিতি প্ৰদান কৰা নাই)

সন্ন্যাসীসকলে কিয় চুলি নাকাটে? ইয়াৰ আঁৰত আছে বিশেষ কাৰণ...
ভোগালী বিহুত খোৱা চিৰা-দৈৰ জলপানৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাঘ বিহুত মাহ কৰাই আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে?
উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?