মগজুৰ বাবে চুপাৰফুড এই চাৰিবিধ খাদ্য, বাঢ়িব স্মৃতিশক্তিঃ বিশেষজ্ঞই দিছে বিধান.. | Boost memory power with these superfoods know from experts Assam news - Assam Tv9

মগজুৰ বাবে চুপাৰফুড এই চাৰিবিধ খাদ্য, বাঢ়িব স্মৃতিশক্তিঃ বিশেষজ্ঞই দিছে বিধান..

Published: 

21 Sep 2024 11:18 AM

মগজু সবল তথা অধিক কাৰ্যক্ষম কৰিবলৈ কেনেধৰণৰ খাদ্য বস্তু খাব লাগে সেই কথা প্ৰায়েই মানুহে চিন্তা নকৰে। যাৰ ফলত ইয়াৰ প্ৰভাৱ পৰে আমাৰ স্মৃতিশক্তিত। এক সুস্থ, সবল আৰু অধিক কাৰ্যক্ষমতা সম্পন্ন মগজুৰ বাবে বিশেষজ্ঞসকলে কিছুমান খাদ্যবস্তুৰ বিষয়ে উল্লেখ কৰিছে।

মগজুৰ বাবে চুপাৰফুড এই চাৰিবিধ খাদ্য, বাঢ়িব স্মৃতিশক্তিঃ বিশেষজ্ঞই দিছে বিধান..

প্ৰতিনিধিত্বমূলক ছবি

Follow Us On

অস্বাস্থ্যকৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসে স্বাস্থ্যৰ প্ৰতি আনি দিয়া ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি সাম্প্ৰতিক সময়ত অধিকাংশ লোকৰ মাজত স্বাস্থ্য সচেতনতা বৃদ্ধি পাইছে। এফালে সঠিক পুষ্টিকৰ খাদ্য আৰু আনফালে ব্যায়াম, যোগাসন বা শৰীৰ চৰ্চাৰ জৰিয়তে নিজৰ স্বাস্থ্যৰ যতন ল’বলৈ আৰম্ভ কৰিছে স্বাস্থ্য সচেতন লোকসকলে। তাতে স্বাস্থ্যই হৈছে আমাৰ পৰম সম্পদ। স্বাস্থ্য সুস্থ-সবল হৈ থাকিলেহে ব্যক্তিৰ জীৱন সুখৰ হয়। পিছে দৈহিক স্বাস্থ্যৰ প্ৰতি আমাৰ এনে গুৰুত্বৰ বিপৰীতে প্ৰায়েই আমি মগজুৰ স্বাস্থ্যৰ দিশটোক উলাই কৰো।

মগজু সবল তথা অধিক কাৰ্যক্ষম কৰিবলৈ কেনেধৰণৰ খাদ্য বস্তু খাব লাগে সেই কথা প্ৰায়েই মানুহে চিন্তা নকৰে। যাৰ ফলত ইয়াৰ প্ৰভাৱ পৰে আমাৰ স্মৃতিশক্তিত। পুষ্টিবিদ নমামী আগৰৱালাই এই সন্দৰ্ভত জানিবলৈ দিয়া মতে আমাৰ এনে অসাৱধানতাৰ বাবে মগজু দুৰ্বল হৈ পৰে আৰু স্মৃতিশক্তিও প্ৰভাৱিত হয়। বিশেষজ্ঞসকলে মগজুক সুস্থ আৰু অধিক কাৰ্যক্ষম কৰি তুলিবলৈ কিছু পৰামৰ্শ আগবঢ়াইছে।

এক সুস্থ, সবল আৰু অধিক কাৰ্যক্ষমতা সম্পন্ন মগজুৰ বাবে বিশেষজ্ঞসকলে কিছুমান খাদ্যবস্তুৰ বিষয়ে উল্লেখ কৰিছে। এই খাদ্যবস্তু সমূহে মগজুক দ্ৰুতগতিত কাম কৰিব পৰা শক্তি প্ৰদান কৰিব। ইয়াৰ লগতে আপুনি মানসিক চাপমুক্তও অনুভৱ কৰিব। চাওঁ আহক এনে চাৰিবিধ খাদ্যবস্তুৰ বিষয়ে-

মিঠা আলু

মিঠা আলুত বিটা-কেৰটিন প্ৰচুৰ পৰিমাণে পোৱা যায়। মিঠা আলু পুৰি খালে অধিক উপকাৰ পোৱা যায় বুলি কোৱা হয়। মিঠা আলুত থকা বিটা-কেৰটিন নামৰ এই এন্টিঅক্সিডেন্টে মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে। তদুপৰি মিঠা আলুয়ে স্থায়ী শক্তিৰ বাবে প্ৰয়োজনীয় জটিল কাৰ্বহাইড্ৰেট প্ৰদান কৰে। ইয়াৰ ফলত শৰীৰত কৰ্টিছলৰ মাত্ৰা হ্ৰাস পায়, যাৰ ফলত মানসিক চাপ কমি যায়।

আলমণ্ড

কেৱল দেহৰ বাবেই নহয়, মগজুৰ বাবেও চুপাৰফুড আলমণ্ড। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন ই থাকে। লগতে প্ৰচুৰ পৰিমাণে প্ৰটিন আৰু ফাইবাৰো উপলদ্ধ। আলমণ্ড কেঁচাকৈ খোৱাৰ পৰিৱৰ্তে ৰোষ্ট কৰি খাব লাগে। ইয়াৰ ফলত আলমণ্ডত থকা এন্টিঅক্সিডেন্ট গুণো বৃদ্ধি পায় যিয়ে মগজুৰ কোষক অক্সিডেটিভ ষ্ট্ৰেছৰ পৰা ৰক্ষা কৰাত সহায় কৰে।

ব্ৰকলি

ব্ৰকলিত ভিটামিন কে আৰু অন্যান্য পুষ্টিকৰ উপাদান প্ৰচুৰ পৰিমাণে থাকে। মগজুৰ শক্তি বৃদ্ধিৰ বাবে ই যথেষ্ট উপকাৰী। ইয়াৰ উপৰিও ব্ৰকলিত এন্টিঅক্সিডেন্টো যথেষ্ট পৰিমাণে থাকে।

আখৰোট

আখৰোটক ওমেগা ৩ৰ উৎকৃষ্ট উৎস ঠিচাপে গণ্য কৰা হয়। ইয়াৰ সহায়তত মগজুৰ স্বাস্থ্য আৰু কাৰ্যক্ষমতা বৃদ্ধি পায়। আখৰোটত থকা এন্টিঅক্সিডেন্ট আৰু পলিফিনলৰ দৰে পুষ্টিকৰ উপাদানে মগজুৰ কোষক ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰে। ইয়াৰ ফলত মগজুৱে অধিক সময়ৰ বাবে সঠিকভাৱে কাম কৰাত সহায়ক হয়।

পিঁয়াজৰ বাকলিৰ আছে বহু উপকাৰী গুণ, সবিশেষ জানক
পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
Exit mobile version