দেশত বৃদ্ধি পাইছে স্তন কেন্সাৰ ৰোগীৰ সংখ্যা, উদ্বিগ্ন স্বাস্থ্য বিভাগ, বৰ্তমান আক্ৰান্তৰ হাৰ কিমান ?
ভাৰতত বৃদ্ধি পাবলৈ ধৰিছে কৰ্কট ৰোগত মহিলাৰ মৃত্যুৰ হাৰ । এই ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী অনুপ্ৰিয়া পেটেলে । এই সন্দৰ্ভত দিয়া এক ভাষণত স্তন কেন্সাৰ প্ৰতিৰোধৰ বাবে চৰকাৰে কাম কৰি আছে বুলি উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে ।

দেশৰ স্বাস্থ্য খণ্ডৰ উন্নত কৰা বাবে অধিক পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰী চৰকাৰে । ইয়াৰ মাজতে দেখা গৈছে যে, ভাৰতত বৃদ্ধি পাবলৈ ধৰিছে কৰ্কট ৰোগত মহিলাৰ মৃত্যুৰ হাৰ । এই ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী অনুপ্ৰিয়া পেটেলে । এই সন্দৰ্ভত দিয়া এক ভাষণত স্তন কেন্সাৰ প্ৰতিৰোধৰ বাবে চৰকাৰে কাম কৰি আছে বুলি উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে । তেওঁ কয় যে, যদি সময়মতে স্তন কেন্সাৰ ধৰা পেলাব পৰা যায় তেন্তে বৃহৎ পৰিসৰত মহিলাৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিব পৰা যাব।
ভাৰতীয় ব্ৰেষ্ট ইমেজিং ছ’চাইটিয়ে হাৰ্ভাৰ্ড আৰু ইয়েল মেডিকেল স্কুলৰ অধ্যাপককে ধৰি দেশৰ বিখ্যাত চিকিৎসালয়সমূহৰ বিশেষজ্ঞৰ সৈতে দিল্লীত আয়োজন কৰা মিডটাৰ্ম বিচিকন-২০২৫ সন্মিলনত তেওঁ কয় যে, ভাৰতত কৰ্কট ৰোগ এক গুৰুতৰ স্বাস্থ্যজনিত প্ৰত্যাহ্বান হৈ পৰিছে। প্ৰতি বছৰে ১৪ লাখতকৈ অধিক নতুন ৰোগী পোৱা গৈছে । প্ৰায় ২ লাখ মহিলাৰ স্তন কেন্সাৰ ৰোগত আক্ৰান্ত হৈছে। সুস্থ জীৱনশৈলী, সজাগতা, সময়মতে ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ জৰিয়তে স্তন কেন্সাৰত মৃত্যুৰ হাৰ হ্ৰাস কৰিব পাৰি বুলি কয় মন্ত্ৰীগৰাকীয়ে।
অনুপ্ৰিয়া পেটেলে কয় যে, দেশত স্তন কেন্সাৰৰ সমস্যা ডাঙৰ। তথ্যৰ অভাৱত এই ৰোগ ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। চৰকাৰো এই সন্দৰ্ভত চিন্তিত আৰু বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে । তেওঁ কয় যে, আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত এতিয়ালৈকে ১৫ কোটি মহিলাৰ স্তন কেন্সাৰ পৰীক্ষা কৰা হৈছে। ইয়াৰ উপৰিও দেশত ২০০ টা ডে কেয়াৰ কেন্সাৰ চেণ্টাৰো মুকলি কৰা হৈছে।
BISI (Breast Imaging Society, India)-এ বিগত ১২ বছৰ ধৰি স্তন কেন্সাৰৰ বিষয়ে মানুহৰ মাজত সজাগতা সৃষ্টি আৰু ৰেডিঅ’লজিষ্টক উন্নত প্ৰশিক্ষণ দিয়াৰ দিশত অবিৰতভাৱে কাম কৰি আহিছে। এই সংগঠনটোৰ দেশ আৰু বিশ্বৰ ৮০০ৰো অধিক সদস্য আছে।
স্তন কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণসমূহ হৈছে- স্তনৰ ভিতৰত বা চাৰিওফালে গোটা অংশ থাকিব পাৰে । কোনো কাৰণ নোহোৱাকৈ ওজন কমি যোৱা । নিপলৰ পৰা যিকোনো ধৰণৰ স্ৰাৱ আৰু স্তনত অস্বাভাৱিক পৰিৱৰ্তন ।