শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বগা নে ব্ৰাউন…কোনবিধ চাউল স্বাস্থ্যৰ বাবে অধিক উপকাৰী?

ব্ৰাউন আৰু হোৱাইট ৰাইচ দুয়োটাৰে নিজস্ব উপকাৰী আৰু অপকাৰী গুণ আছে। সাধাৰণতে ভাৰতীয় ঘৰত বগা চাউল বেছি পছন্দ কৰা হয়। এতিয়া ব্ৰাউন ৰাইচো কিছু ট্ৰেণ্ডত থকা দেখা গৈছে। এই প্ৰতিবেদনৰ পৰা জানো আহক দুয়োটাৰ ভিতৰত কোনটো বেছি উপকাৰী?

বগা নে ব্ৰাউন…কোনবিধ চাউল স্বাস্থ্যৰ বাবে অধিক উপকাৰী?
বগা নে ব্ৰাউন...কোনবিধ চাউল স্বাস্থ্যৰ বাবে অধিক উপকাৰী?
trishna-kalita
Trishna Kalita | Published: 21 Feb 2025 15:54 PM

সমগ্ৰ বিশ্বতে আটাইতকৈ অধিক খোৱা শস্যৰ ভিতৰত চাউল অন্যতম। ভাৰতত ইয়াক যথেষ্ট পছন্দ কৰা হয়। আনহাতে অসমীয়া পাকঘৰত ভাত অবিহনে খাদ্য আধৰুৱা। বহু শাক-পাচলিৰ সৈতে ভাত সংমিশ্ৰণৰ সোৱাদ অতি ভাল লাগে । বিৰিয়ানীৰ পৰা আৰম্ভ কৰি ফ্ৰাইড ৰাইচলৈ বহুতো সোৱাদযুক্ত ব্যঞ্জন চাউলৰ পৰা তৈয়াৰ কৰা হয়। কিন্তু স্বাস্থ্যৰ কথা আহিলে প্ৰায়ে প্ৰশ্ন উত্থাপন হয় যে বগা চাউল আৰু ব্ৰাউন ৰাইচৰ মাজত কোনটো বেছি উপকাৰী?

ব্ৰাউন ৰাইচ সঁচাকৈয়ে স্বাস্থ্যকৰ নেকি, নে বগা চাউলো স্বাস্থ্যকৰ বিকল্প হ’ব পাৰে? আজি এই প্ৰতিবেদনত আমি এই দুয়োটাৰ মাজৰ পাৰ্থক্য বুজিম আৰু কোনটো খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাটো ভাল হ’ব সেই বিষয়ে জানিম।

বগা চাউল আৰু ব্ৰাউন ৰাইচৰ মাজত পাৰ্থক্য কি?

ব্ৰাউন ৰাইচ আৰু বগা চাউল একে ধানৰ পৰা বনোৱা হয়। কিন্তু ইয়াৰ প্ৰক্ৰিয়াকৰণৰ কিছু পাৰ্থক্য আছে। যাৰ বাবে ইহঁতৰ ৰং, সোৱাদ আৰু পুষ্টি একেবাৰে বেলেগ।

ব্ৰাউন ৰাইচ: ইয়াক কম প্ৰক্ৰিয়াকৰণ কৰা হয়, যাৰ বাবে ইয়াত ৰাইচ ব্ৰাণ (তুহ) আৰু অংকুৰিত অংশ ৰখা হয়। এই কাৰণেই ইয়াত প্ৰচুৰ পৰিমাণে আঁহ, ভিটামিন আৰু খনিজ পদাৰ্থ থাকে।

বগা চাউল: প্ৰক্ৰিয়াকৰণৰ সময়ত ৰাইচ ব্ৰাণ আৰু অংকুৰিত অংশ আঁতৰাই পেলোৱা হয়, যাৰ ফলত ই পাতল, কোমল আৰু সহজে হজম হয়। কিন্তু ব্ৰাউন ৰাইচৰ তুলনাত ইয়াত আঁহ আৰু পুষ্টিকৰ উপাদান কম।

বগা চাউলৰ উপকাৰ আৰু অপকাৰ

উপকাৰ: বগা চাউল সহজে হজম হয়। গতিকে পাচনতন্ত্ৰ দুৰ্বল লোকৰ বাবে এইটো এটা ভাল বিকল্প। তদুপৰি ইয়াৰ সোৱাদ পাতল আৰু কোমল, যাৰ বাবে ইয়াক খাবলৈ সহজ হয়। ওজন বৃদ্ধি কৰিব বিচৰাসকলৰ বাবেও বগা চাউল এটা ভাল বিকল্প হ’ব পাৰে। আয়ুৰ্বেদৰ মতে ই শৰীৰক শীতল কৰি শক্তি প্ৰদান কৰে।

অপকাৰ: অত্যধিক প্ৰক্ৰিয়াকৰণৰ বাবে ইয়াত আঁহ আৰু প্ৰয়োজনীয় পুষ্টিকৰ উপাদান কমি যায়। লগতে ই তেজত চেনিৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি কৰিব পাৰে, যাৰ ফলত ডায়েবেটিছ ৰোগীৰ ক্ষতি হ’ব পাৰে। একে সময়তে অতিমাত্ৰা খাদ্য খোৱাৰ ফলত ওজন বৃদ্ধি হ’ব পাৰে।

ব্ৰাউন ৰাইচৰ উপকাৰ আৰু অপকাৰ

উপকাৰ: আঁহৰ পৰিমাণ বেছি হোৱাৰ বাবে ই হজম শক্তিত সহায় কৰে আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যা হ্ৰাস কৰে। ই লাহে লাহে হজম হয়, যিয়ে তেজৰ চেনি নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট, আইৰণ আৰু মেগনেছিয়াম থাকে, যিয়ে হাড় আৰু পেশী শক্তিশালী কৰে। যিসকলে ওজন কমাব বিচাৰে তেওঁলোকৰ বাবে ই এটা ভাল বিকল্প কাৰণ ইয়াৰ দ্বাৰা বেছি সময়লৈকে পেট ভৰি থাকে।

অপকাৰ: ব্ৰাউন ৰাইচৰ টেক্সচাৰ অলপ কঠিন আৰু সিজোৱাত বেছি সময় লাগে। ইয়াৰ সোৱাদ সকলোৱে ভাল নাপায়। ইয়াত এন্টি-নিউট্ৰিয়েণ্ট (ফাইটিক এচিড) থাকে, যিয়ে শৰীৰৰ কিছুমান খনিজ পদাৰ্থৰ শোষণ হ্ৰাস কৰিব পাৰে..

কোনবিধ চাউল আপোনাৰ বাবে ভাল?

যদি আপুনি ওজন কমাব বিচাৰে, ডায়েবেটিছ ৰোগী বা আঁহযুক্ত খাদ্য গ্ৰহণ কৰিব বিচাৰে তেন্তে ব্ৰাউন ৰাইচ ভাল। যদি আপুনি সোনকালে হজম হোৱা খাদ্য বিচাৰে, পেট সংবেদনশীল বা ওজন বৃদ্ধি কৰিব বিচাৰে, তেন্তে বগা চাউল আপোনাৰ উত্তম হ’ব। যদি আপুনি অতি সক্ৰিয় বা এজন খেলুৱৈ, তেন্তে বগা চাউলে আপোনাৰ শৰীৰক তৎক্ষণাত শক্তি প্ৰদান কৰাত সহায় কৰিব। যদি আপুনি স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰিব বিচাৰে, তেন্তে কেতিয়াবা ব্ৰাউন আৰু বগা চাউলৰ মিশ্ৰণ খাব পাৰে।