5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বাজেট দাখিলৰ দিনটোত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পৰিধান কৰা শাৰীখনৰ বিশেষত্ব কি?

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক আজি বাজেট উপস্থাপন কৰাৰ সময়ত বেনাৰসী ৰেচম শাৰীত দেখা গৈছে। তেওঁক এখন অফ-হোৱাইট ৰঙৰ বেনাৰাসী চিল্ক শাৰী পিন্ধিছে। যাৰ বৰ্ডাৰত সোণালী জৰিৰে কাম কৰা হৈছে। ইয়াৰ বিশেষত্ব জানো আহক।

বাজেট দাখিলৰ দিনটোত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পৰিধান কৰা শাৰীখনৰ বিশেষত্ব কি?
বাজেট ২০২৪
Follow Us
trishna-kalita
Trishna Kalita | Updated On: 23 Jul 2024 17:01 PM

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি বাজেট উপস্থাপন কৰিছে। বাজেট দাখিলৰ পূৰ্বে বিত্তমন্ত্ৰীগৰাকীয়ে তেওঁৰ টীমৰ সৈতে উঠা এখন ফটো শ্বেয়াৰ কৰিছে। বিত্তমন্ত্ৰী হিচাপে নিৰ্মলা সীতাৰমণৰ এইটো একেৰাহে সপ্তমখন বাজেট।প্ৰত্যেকবাৰেই তেওঁৰ শাৰীখন আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে। এইবাৰো বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক আজি বাজেট উপস্থাপন কৰাৰ সময়ত বেনাৰসী ৰেচম শাৰীত দেখা গৈছে। তেওঁক এখন অফ-হোৱাইট ৰঙৰ বেনাৰাসী চিল্ক শাৰী পিন্ধিছে। যাৰ বৰ্ডাৰত সোণালী জৰিৰে কাম কৰা হৈছে। ইয়াৰ বিশেষত্ব জানো আহক।। তেওঁ বগা ৰঙৰ বেনাৰসী ৰেচম পিন্ধিছে। যাৰ সৈতে গাঢ় বেঙুনীয়া ৰঙৰ ব্লাউজ পিন্ধি আছে। যাৰ ওপৰত সোণালী জৰিৰ কাম কৰা হৈছে।

প্ৰতিবাৰেই বাজেট উপস্থাপনৰ সময়ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক বেনাৰসী ৰেচম শাৰীত দেখা যায়। এই শাৰীখনৰ বহুতো বিশেষত্ব আছে। বেনাৰসী ৰেচম শাৰী ইয়াৰ উৎকৃষ্ট ডিজাইনৰ বাবে জনাজাত। লগতে গ্ৰীষ্মকালত ই অতি আৰামদায়ক। ইয়াক কোমল আৰু চকমকীয়া ৰেচম সূতাৰ দ্বাৰাই চিনা যায়। শাৰীৰ আচলৰ কাষবোৰ স্পৰ্শ কৰি ইয়াক সহজে চিনাক্ত কৰিব পাৰি।

 

বেনাৰসী ৰেচম শাৰীৰ বিশেষ কি?

বেনাৰসী ৰেচম শাৰীয়ে এক আকৰ্ষণীয় ৰূপ দিয়ে। লগতে এই শাৰীখনে গৰম গ্ৰীষ্মকালত যথেষ্ট আৰাম দিয়ে। উত্তৰ প্ৰদেশৰ বেনাৰস, চান্দৌলি, আজমগড়, জৌনপুৰ, মিৰ্জাপুৰ আৰু সন্ত ৰবিদাস নগৰ জিলাত বেনাৰসী ৰেচমশাৰী তৈয়াৰ কৰা হয়। ইয়াক বনোৱাৰ বাবে কেঁচা সামগ্ৰী বাৰাণসীৰ পৰা আহে। বহুতো শাৰী তৈয়াৰ কৰিবলৈ বিশুদ্ধ সোণৰ জৰি ব্যৱহাৰ কৰা হয়। যাৰ বাবে ইয়াৰ দাম অধিক হয়। কিন্তু আজিকালি বজাৰত নকল চকমকীয়া জৰিৰ কামৰ শাৰীও উপলব্ধ।

বেনাৰসী শাৰীৰ আন এটা বৈশিষ্ট্য হ’ল যে সেইবোৰক ভাৰতীয় সংস্কৃতিৰ পৰিচয় আৰু গৌৰৱৰ প্ৰতীক বুলি গণ্য কৰা হয়। বেনাৰসী ৰেচম শাৰী উচ্চ মানদণ্ডৰ আৰু মজবুত কাপোৰেৰে নিৰ্মিত। এয়া শিল্পীসকলে নিজ হাতেৰে তৈয়াৰ কৰে। এইবোৰ বিভিন্ন ধৰণে তৈয়াৰ কৰা হয়, সেইবোৰক ম’টিফ বুলি কোৱা হয়। আজিকালি বহু প্ৰকাৰৰ ম’টিফৰ প্ৰচলিত হৈ কখা দেখা যায়। য’ত কিছুমান প্ৰমুখ পৰম্পৰাগত ম’টিফে এতিয়াও তেওঁলোকৰ বেনাৰসীৰ আচল পৰিচয় বজাই ৰাখে। যাৰ ভিতৰত আছে বুটি, বুটা, বেল, জাল, জাংলা আৰু কোনিয়া।

বেনাৰসী ৰেচম শাৰীৰ প্ৰকাৰ

বেনাৰসী ৰেচম বহু প্ৰকাৰৰ। ইয়াৰ ভিতৰত আছে বেনাৰসী ৰেচম শাৰী, তুছাৰ বেনাৰসী শাৰী, কটন বেনাৰসী শাৰী আৰু ঔৰংগাজা বেনাৰাসী শাৰী। প্ৰতিখন শাৰীৰে নিজা নিজা বিশেষত্ব আছে।

Latest News