শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

পেণ্টৰ পিছ পকেটত ৰাখে নেকি মানিবেগ? সাৱধান, এই সামান্য ভুলেই হ’ব পাৰে দেহৰ অসহ্য যাতনাৰ কাৰণ

সাধাৰণতে আমি মানিবেগ প্ৰায়ে পেণ্টৰ পিছ পকেটত ৰাখোঁ। কিন্তু আমাৰ দেহৰ বাবে ই অভাৱনীয় যন্ত্ৰণাৰ কাৰণ হৈ উঠিব পাৰে। এক গৱেষণা অনুসৰি পেণ্টৰ পিছফালৰ পকেটত মানিবেগ থোৱাৰ বাবে বহু লোকে কঁকালৰ বিষ, পিঠিৰ বিষ, আনকি ভৰিৰ বিষৰ সমস্যাও ভুগিব লগা হৈছে।

পেণ্টৰ পিছ পকেটত ৰাখে নেকি মানিবেগ? সাৱধান, এই সামান্য ভুলেই হ’ব পাৰে দেহৰ অসহ্য যাতনাৰ কাৰণ
মানিবেগ লোৱাৰ ক্ষেত্ৰত হওক সাৱধান
monjit-dutta
Monjit Dutta | Updated On: 27 Jan 2025 07:17 AM

সাম্প্ৰতিক সময়ত কম বেছি পৰিমাণে আমি সকলোৱে কঁকাল বিষৰ দৰে সমস্যাৰে ভাৰাক্ৰান্ত হওঁ। সাধাৰণতে কোনো কষ্টকৰ কাম কৰা ব্যক্তিতকৈয়ো দিনটোৰ অধিকাংশ সময় চকীত বহি কাম কৰিবলগা ব্যক্তিৰ ক্ষেত্ৰত এনে সমস্যা অধিক হোৱা দেখা যায়। চকীত বহাৰ ভুল ধৰণৰ বাবেই মূলতঃ এনে সমস্যাৰ সন্মুখীন হ’বলগা হয়। লগতে নিশা কেতিয়াবা শোৱাৰ ভুল ধৰণ-কৰণৰ বাবেও এনে সমস্যা হ’ব পাৰে। কঁকালৰ বিষ হ’লে অধিকাংশ সময়তে আমি তাৎক্ষণিক সকাহৰ বাবে বিষনাশক ঔষধ খাওঁ বা বিষ নিৰাময় কৰিব পৰা মলম লগাওঁ।

এনে ব্যৱস্থাৰে আমি পিছে সাময়িকভাৱেহে সকাহ লাভ কৰোঁ। এই ঔষধ বা মলমৰ প্ৰভাৱ কমি আহিলেই বিষৰ সমস্যাই পুনৰ গা কৰি উঠে। সেয়ে আমি নিজৰ বহা বা শোৱাৰ ধৰণৰ লগতে কঁকাল বিষ হ’ব পৰা আন কাৰণসমূহৰ ক্ষেত্ৰত সাৱধান হ’ব লাগে। কিন্তু আমাৰ অজ্ঞতাৰ বাবে আমি কৰা আন এক সাধাৰণ ভুলৰ বাবেও কঁকাল বিষৰ সমস্যাত ভুগিব পাৰোঁ। পুৰুষৰ ক্ষেত্ৰত এই ভুল অধিক পৰিলক্ষিত হয়।

সাধাৰণতে আমি মানিবেগ প্ৰায়ে পেণ্টৰ পিছ পকেটত ৰাখোঁ। কিন্তু ইয়াৰ ফলতো আমাৰ পিঠি বা কঁকালৰ বিষ হ’ব পাৰে। শেহতীয়াকৈ আমেৰিকাৰ এখন বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এই বিষয়ত গৱেষণা কৰিছিল। দেখা গৈছে যে পেণ্টৰ পিছফালৰ পকেটত মানিবেগ থোৱাৰ বাবে বহু লোকে কঁকালৰ বিষ, পিঠিৰ বিষ, আনকি ভৰিৰ বিষৰ সমস্যাও ভুগিব লগা হৈছে।

চিকিৎসকৰ মতে, পেণ্টৰ ঠিক পিছফালৰ পকেটটো থকা স্থানতে আমাৰ দেহৰ ছাইটিক নাৰ্ভ থাকে। আমি পকেটত মানিবেগ লৈ বহি থকাৰ ফলত ছাইটিক নাৰ্ভ বা ইয়াৰ লগত জড়িত পেশীবোৰৰ ওপৰত চাপ পৰে। দীৰ্ঘদিন সেই চাপত থাকিলে স্নায়ুৰ ক্ষতি হয়। ইয়াৰ ফলত কঁকাল আৰু মেৰুদণ্ডৰ বিষৰ দৰে সমস্যাৰ সৃষ্টি হয়। লগতে আ্মি ভৰি বিষৰ সমস্যাতো ভুগিব পাৰোঁ।

এইক্ষেত্ৰত আমি কিছুমান কথা মনত ৰখা প্ৰয়োজন। প্ৰথমতে মানিবেগটো পিছফালৰ পকেটত ৰখাৰ অভ্যাস এৰিব লাগিব। বৰঞ্চ মানিবেগটো সন্মুখৰ পকেটত বা কান্ধত ওলোমাই থোৱা বেগত ৰাখক। ইয়াৰ ফলত আপোনাৰ মানিবেগটো সুৰক্ষিতও হৈ থাকিব। তদুপৰি এনে দিশসমূহৰ প্ৰতিও ধ্যান দিব-

বিষ অনুভৱ কৰিলে লগে লগে ঔষধ নাখাব। প্ৰয়োজন হ’লে চিকিৎসকৰ পৰামৰ্শ লওক।

গৰম পানীত গা ধুবলৈ চেষ্টা কৰক। প্ৰয়োজন হ’লে পানীত অলপ নিমখ মিহলাই ল’ব, ইয়াৰ সহায়তো দেহৰ উপকাৰ হ’ব।

নিয়মিতভাৱে ব্যায়াম কৰক। ইয়াৰ ফলত ক্ষতিগ্ৰস্ত পেশীবোৰ পুনৰ সক্ৰিয় হ’ব। এনে পৰিস্থিতিত কঁকাল বা পিঠি বিষৰ সমস্যা সমাধান হ’ব।

বিষ হ’লে বৰফৰ টুকুৰা কেইটামান কাপোৰেৰে মেৰিয়াই বিষ হোৱা ঠাইত লগাব। এনে ব্যৱস্থাৰ সহায়তো আপুনি সকাহ লাভ কৰিব।