5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কেৱল খোৱাই নহয়, এইদৰে ব্যৱহাৰ কৰিও চকলেটৰ পৰা লাভ কৰিব উপকাৰ…

ডাৰ্ক চকলেটত থকা এন্টিঅক্সিডেন্টে ছালৰ কোষক ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰে বুলি জানিব পৰা গৈছে। ইয়াৰ লগতে চকলেট কলাজেনৰ উৎপাদন বৃদ্ধিতো সহায়ক বুলি প্ৰমাণিত হৈছে। চকলেট ফেচ মাস্ক হিচাপে ব্যৱহাৰ কৰিব পাৰে আৰু ইয়াৰ দ্বাৰা ছালখন নিমজ আৰু উজ্জল কৰি তুলিব পাৰি। তদুপৰি চকলেটৰ ব্যৱহাৰে ছালৰ জলসিঞ্চিত কৰি ৰখাত সহায় কৰে বুলিও জানিব পৰা গৈছে।

কেৱল খোৱাই নহয়, এইদৰে ব্যৱহাৰ কৰিও চকলেটৰ পৰা লাভ কৰিব উপকাৰ…
সৌন্দৰ্য বৰ্ধনৰ বাবে ব্যৱহাৰ কৰিব পাফ্ৰে চকলেট
Follow Us
monjit-dutta
Monjit Dutta | Published: 28 Jul 2024 20:12 PM

নিজৰ সৌন্দৰ্যৰ প্ৰতি সচেতন লোকসকলে সদায়েই মুখমণ্ডলৰ সৌন্দৰ্যৰ প্ৰতি অধিক গুৰুত্ব দিয়ে। ছালখন নিমজ তথা উজ্জ্বল কৰি ৰাখিবলৈ  বিভিন্নধৰণৰ সৌন্দৰ্যবৰ্ধক সামগ্ৰী ব্যৱহাৰ কৰাৰ লগতে ঘৰুৱাভাৱেও কিছুমান প্ৰাকৃতিক দ্ৰব্যৰ সহায় লয়। কিন্তু আপুনি জানেনে, আন সামগ্ৰীৰ দৰে আমি খাই ভাল পোৱা চকলেটো ছালত সৌন্দৰ্যবৰ্ধক সামগ্ৰী হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ! ডাৰ্ক চকলেটত থকা এন্টিঅক্সিডেন্টে ছালৰ কোষক ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰে বুলি জানিব পৰা গৈছে। ইয়াৰ লগতে চকলেট কলাজেনৰ উৎপাদন বৃদ্ধিতো সহায়ক বুলি প্ৰমাণিত হৈছে।

চকলেট ফেচ মাস্ক হিচাপে ব্যৱহাৰ কৰিব পাৰে আৰু ইয়াৰ দ্বাৰা ছালখন নিমজ আৰু উজ্জল কৰি তুলিব পাৰি। তদুপৰি চকলেটৰ ব্যৱহাৰে ছালৰ জলসিঞ্চিত কৰি ৰখাত সহায় কৰে বুলিও জানিব পৰা গৈছে। পিছে ইয়াৰ বাবে আপুনি বজাৰত পোৱা চকলেট ব্যৱহাৰ নকৰিলেও হ’ব। ঘৰতে আপুনি বনাই ল’ব পাৰে চকলেট।

প্ৰথমে এটা বাটিত ১ চামুচ ক’ক’ পাউদাৰ লৈ ইয়াৰ পিছত ১ চামুচ মৌ আৰু সামান্য পৰিমাণৰ ডালচেনি দিব লাগে। এই তিনিটা দ্ৰব্য মিহলাই কোমল পেষ্ট প্ৰস্তুত কৰক। এতিয়া এই পেষ্ট মুখ আৰু ডিঙিত লগাব পাৰে আৰু লগোৱাৰ ১৫ৰ পৰা ২০ মিনিটৰ পিছত মুখখন ধুব লাগে।

মুখত উঠা শালমনত চকলেটৰ ফেচ মাস্ক লগোৱাটো উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। ইয়াৰ বাবে প্ৰথমে ক’ক’ পাউদাৰ লৈ তাত সমান পৰিমাণৰ কফি পাউদাৰ মিহলাই লওক। ইয়াৰ পিছত তাত গাখীৰ বা নাৰিকল তেল দিব পাৰে। এই সকলোবোৰ ভালদৰে মিহলাই মুখত লগাই ১০ৰ পৰা ২০ মিনিট ৰখাৰ পিছত পানীৰে পৰিষ্কাৰ কৰি লওক।

চকলেট আৰু কলৰ ফেচ মাস্ক বনায়ো মুখত লগাব পাৰে। ইয়াৰ বাবে ২ চামুচ ক’ক’ পাউদাৰ, ১টা পকা কল আৰু ১ চামুচ মৌৰ প্ৰয়োজন হ’ব। এই ফেচ পেক বনাবলৈ প্ৰথমে এটা বাটিত কলখিনি ফেটি গুড়ি কৰি লওক। এতিয়া ক’ক’ পাউদাৰ আৰু মৌ দি ভালদৰে মিহলাই লওক। এতিয়া ১৫ৰ পৰা ২০ মিনিট সময় মুখত লগাই থোৱাৰ পিছত মুখখন পানীৰে ধুব।

ক’ক’ পাউদাৰ আৰু অ’টমিলো ফেচ মাস্ক হিচাপে ব্যৱহাৰ কৰিব পাৰে। এই পেষ্টৰ বাবে ২ চামুচ ক’ক’ পাউদাৰ, ২ চামুচ অটমিল আৰু ১ চামুচ গাখীৰৰ প্ৰয়োজন হ’ব। এটা বাটিত ক’ক’ পাউদাৰ আৰু অ’টমিল লৈ তাত নিৰ্দিষ্ট পৰিমাণৰ গাখীৰ দি ভালদৰে মিহলাই লওক। এই পেষ্ট ১৫ৰ পৰা ২০ মিনিটৰ বাবে মুখত লগাই থোৱাৰ পিছত মুখখন পানীৰে ধুই আঁতৰাই পেলাব লাগে।

Latest News