5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Christmas 2024 : বিশ্বৰ কোনসমূহ দেশত পালন কৰা নহয় বৰদিন তথা খ্ৰীষ্টমাছ…?

বিশ্বৰ কিছুমান দেশত বৰদিন উদযাপন কৰা নহয় বা বৰদিন দিৱসক ৰাষ্ট্ৰীয় বন্ধ হিচাপে ঘোষণা কৰা নহয়। গতিকে বিশ্বৰ কোনকেইখন দেশে বৰদিন পালন নকৰে চাওঁ আহক ।

Christmas 2024 : বিশ্বৰ কোনসমূহ দেশত পালন কৰা নহয় বৰদিন তথা খ্ৰীষ্টমাছ…?
বৰদিন পালন নকৰা দেশসমূহ
manas-borah
Manas Borah | Published: 23 Dec 2024 20:40 PM

বৰদিনলৈ মাজত মাত্ৰ এটা দিন । এই দিনটোৰ পাছতে ২৫ ডিচেম্বৰ বুধবাৰে সমগ্ৰ বিশ্ববাসীয়ে উদযাপন কৰিব বৰদিন । যীশুখ্ৰীষ্টৰ জন্মদিনৰ উপলক্ষে এই দিনটোত খ্ৰীষ্টান ধৰ্মৰ লোকসকলে পালন কৰে তেওঁলোকৰ ধৰ্মীয় উৎসৱ খ্ৰীষ্টমাছ । ভাৰতৰ লগতে বিশ্বৰ সকলো দেশৰ খ্ৰীষ্টান লোকসকলে অতি আনন্দৰে পালন কৰে বৰদিন তথা খ্ৰীষ্টমাছ । ইতিমধ্যে সমগ্ৰ বিশ্বতে বৰদিনৰ প্ৰস্তুতি চলি আছে ।

কিন্তু এইখন বিশ্বৰে কেইখনমান দেশ আছে যিকেইখন দেশে পালন নকৰে খ্ৰীষ্টমাছ তথা বৰদিন । কিছুমান দেশত কম সংখ্য়ক লোকে বৰদিন পালন কৰে যদিও সেই দেশৰ বাবে খ্ৰীষ্টমাছ চৰকাৰী উৎসৱ তালিকাত নপৰে । কিছুমান দেশত বৰদিন উদযাপন কৰা নহয় বা বৰদিন দিৱসক ৰাষ্ট্ৰীয় বন্ধ হিচাপে ঘোষণা কৰা নহয়। গতিকে বিশ্বৰ কোনকেইখন দেশে বৰদিন পালন নকৰে চাওঁ আহক ।

মংগোলিয়া

বৰদিনৰ বিশেষ প্ৰভাৱ নথকা এখন দেশ হৈছে মংগোলিয়া । আনুষ্ঠানিকভাৱে মংগোলিয়াক বৌদ্ধ দেশ বুলি কোৱা হয় । বৰদিন এই দেশৰ চৰকাৰী উৎসৱৰ তালিকাত নপৰে । বিশ্বৰ অন্যান্য দেশত বৰদিনৰ দিনটোত যিধৰণৰ পৰিৱেশ দেখা যায় সেই পৰিৱেশ ২৫ ডিচেম্বৰৰ দিনটোত মংগোলিয়াত দেখা নাযায় ।

মৰক্কো

মুছলমান লোকে বাস কৰা মৰক্কোত দেখা নাযায় বৰদিনৰ বিশেষ প্ৰভাৱ । বৰদিন এই দেশৰ চৰকাৰী উৎসৱৰ তালিকাত ধৰা নহয় । ধাৰণা কৰা হয় যে, এই দেশৰ লোকসকল ইছলাম ধৰ্মীয় হোৱাৰ বাবে বৰদিনৰ বিশেষ প্ৰভাৱ দেখা নাযায় ।

ভূটান

বৰদিন পালন নকৰা আন এখন দেশ হৈছে ভাৰতৰে চুবুৰীয়া দেশ ভূটান । ধৰ্মীয় ফালৰ পৰা এই দেশখনত অধিক সংখ্যক লোকে বৌদ্ধ ধৰ্ম পালন কৰে । জনসংখ্যাৰ ফালৰ দেশখনত খ্ৰীষ্টান ধৰ্মীয় লোকৰ সংখ্য়া অতি কম । ভূটানতো বিশেষভাৱে পালন কৰা নহয় বৰদিন ।

থাইলেণ্ড

থাইলেণ্ডৰ জনসংখ্যাৰ অধিকাংশই বৌদ্ধ ধৰ্মাৱলম্বী। যাৰ বাবে থাইলেণ্ডতো বৰদিনৰ প্ৰভাৱ দেখা নাযায় । ৰাষ্ট্ৰখনে বৰদিনৰ দিনটোক উৎসৱৰ দিন হিচাপে এতিয়ালৈকে স্বীকৃতি দিয়া নাই । থাইলেণ্ডলৈ অধিক পৰ্যটক আহে যদিও চহৰসমূহত বৰদিনৰ বিশেষ পৰিৱেশ দেখা নাযায় ।

চীন

ভাৰতৰ আন এখন চুবুৰীয়া ৰাষ্ট্ৰ হৈছে চীন । প্ৰকাশিত তথ্য় অনুসৰি, চুবুৰীয়া চীন দেশতো পালন কৰা নহয় বৰদিন । বৰদিনৰ দিনটোৰ বিশেষ প্ৰভাৱ দেখা নাযায় চীনত । কোৱা হয় যে, চীনত মুঠ জনসংখ্যাৰ ১ শতাংশহে খ্ৰীষ্টান ধৰ্মীয় লোক আছে ।

পাকিস্তান

ভাৰত চুবুৰীয়া পাকিস্তানত পালন কৰা নহয় বৰদিন । চুবুৰীয়া দেশখনত ২৫ ডিচেম্বৰ দিনটো দেশৰ প্ৰতিষ্ঠাপক নেতা মহম্মদ আলী জিন্নাক সন্মান জনোৱাৰ দিন হিচাপে পালন কৰা হয় । দেশখনৰ চহৰসমূহত দেখা নাযায় বৰদিনৰ বিশেষ প্ৰভাৱ ।

টিউনিছিয়া

টিউনিছিয়াতো বৰদিন পালন কৰা দেখা নাযায় । টিউনিছিয়াৰ বাবে এইদিনটো সাধাৰণ কৰ্মদিনৰ দৰে । সেই দেশৰ খ্ৰীষ্টান লোকসকলে খ্ৰীষ্টমাছ পালন কৰে যদিও এই দিনটোৰ আনন্দ তেওঁলোকৰ মাজতে থাকে ।

আফগানিস্তান

বৰদিন পালন নকৰা বা এই দিনটোত চৰকাৰী বন্ধ দিন হিচাপে ঘোষণা নকৰাৰ দেশসমূহৰ ভিতৰত আছে আফগানিস্তান । এই দেশখনে বৰদিনৰ দিনটো পালন নকৰে বা এই দিনটো ৰাজহুৱা বন্ধ হিচাপে ঘোষণা কৰা নাই । এই দেশখনত ধৰ্মীয় ফালৰ পৰা বেছি সংখ্যক ইছলাম ধৰ্মীয় লোক থকাৰ বাবেই বৰদিন পালন নকৰে বুলি ধাৰণা কৰা হয় । দেশখনত থকা কম সংখ্যক খ্ৰীষ্টান ধৰ্মীয় লোকে নিজৰ মাজতে বৰদিনৰ অনুষ্ঠান আয়োজন কৰে বা পালন কৰে ।

Latest News