ছাল আৰু চুলিৰ বাবে নাৰিকলৰ পানী অতি উপকাৰী, ই কি কি সমস্যা দূৰ কৰে ? জানক

ছালৰ শুকান হোৱা সমস্যা দূৰ কৰিবলৈও বহু লোকে নাৰিকলৰ তেল ব্যৱহাৰ কৰে । বিশেষজ্ঞসকলে মতে, কেৱল নাৰিকলৰ তেলেই নহয়, ইয়াৰ পানীও চুলি আৰু ছালৰ বাবে উপকাৰী । ছাল আৰু চুলিৰ বাবে নাৰিকলৰ পানী কিমান উপকাৰী ? জানক

ছাল আৰু চুলিৰ বাবে নাৰিকলৰ পানী অতি উপকাৰী, ই কি কি সমস্যা দূৰ কৰে ? জানক

নাৰিকল

Published: 

05 Mar 2025 17:42 PM

প্ৰায় সংখ্যক লোকে চুলিৰ যত্ন ল’বৰ বাবে নাৰিকল তেল ব্যৱহাৰ কৰে । ছালৰ শুকান হোৱা সমস্যা দূৰ কৰিবলৈও বহু লোকে নাৰিকলৰ তেল ব্যৱহাৰ কৰে । বিশেষজ্ঞসকলে মতে, কেৱল নাৰিকলৰ তেলেই নহয়, ইয়াৰ পানীও চুলি আৰু ছালৰ বাবে উপকাৰী ।

ছাল আৰু চুলিৰ বাবে নাৰিকলৰ পানী কিমান উপকাৰী ?

  1. মুখত পিম্পল বা ব্ৰণৰ দাগ থাকিলে নাৰিকলৰ পানীত তিয়াই থোৱা কপাহেৰে মুখখন মচিব লাগে। এমাহ এনে কৰিলে দেখিব যে দাগবোৰ সম্পূৰ্ণৰূপে নাইকিয়া হৈ গৈছে।
  2. তেলীয়া বা শুকান ছালৰ বাবে নাৰিকলৰ পানী অতি উপকাৰী। যিকোনো ধৰণৰ ছালৰ বাবে নাৰিকল পানী অতি উপকাৰী। যিসকলৰ ছাল তেলীয়া বা শুকান, তেওঁলোকে নাৰিকল পানীত তিয়াই থোৱা কপাহেৰে মুখখন মাজে মাজে মচিব লাগে। ইয়াৰ পৰা আপুনি লাভৱান হ’ব।
  3. বহুতৰে চুলি সৰা সমস্যা আছে । এই ক্ষেত্ৰত অলপ গৰম নাৰিকলৰ পানীৰে মূৰৰ ছাল মালিচ কৰিলে উপকৃত হ’ব । দেখিব আপুনি অতি সোনকালে এই সমস্যাৰ পৰা মুক্তি পাব। অথবা শ্বেম্পু কৰি চুলিখিনি নাৰিকল পানীৰে ধুব। ফলত চুলি চিকচিকিয়া হ’ব, লগতে উফিৰ সমস্যাও নাইকিয়া হ’ব।
  4. নাৰিকলৰ পানী বেছনৰ লগত মিহলাই ফেচ পেক বনাওক। তাত কিছু মৌ মিহলাই দিব পাৰে। এই ফেচ পেক ছালৰ বাবে অতি উপকাৰী । ৰ’দত পোৰা ছালৰ পৰা সকাহ পাবলৈ ই সহায় কৰে ।
গাখীৰ চাহত নিমখ দি খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক
সপোনত কেতিয়াবা শ্মশান দেখিছে নেকি? তেন্তে জানক ইয়াৰ অৰ্থ...
একেৰাহে এমাহ গাখীৰৰ সৈতে জালুক মিহলাই খালে কি হয় জানেনে?
অনন্ত আম্বানীৰ বনতাৰাত কি কি আৰু কিমান জীৱ-জন্তু আছে?