কোষ্ঠকাঠিন্যৰ সমস্যাত ভুগিছে নেকি? এই আয়ুৰ্বেদিক উপাদানৰ সহায়ত লাভ কৰিব সকাহ
শৌচ কৰোঁতে অধিক জোৰ দিবলগা হোৱা, কঠিন মল, শৌচ খোলোচা নোহোৱা আদি কোষ্ঠকাঠিন্যৰ কিছুমান সাধাৰণ লক্ষণ। এনে লক্ষণে দেখা দিলেই আমি সাৱধান হৈ পৰা উচিত। এনে সমস্যাৰ পৰা উপশমত আমাক সহায় কৰিব পাৰে এক আয়ুৰ্বেদিক উপাদানে।

সাম্প্ৰতিক সময়ত বহু লোকৰ ক্ষেত্ৰত দেখা যায় কোষ্ঠকাঠিন্যৰ সমস্যা। সাধাৰণতে এই সমস্যা উদ্ভৱ হোৱাৰ বহুকেইটা কাৰণ থাকিব পাৰে। ইয়াৰ ভিতৰত পানী কমকৈ খোৱা আৰু ফাইবাৰযুক্ত খাদ্য পৰ্যাপ্ত পৰিমাণে নোখোৱা অন্যতম দুটা প্ৰধান কাৰণ। এনে সমস্যাৰ পৰা উপশমত আমাক সহায় কৰিব পাৰে এক আয়ুৰ্বেদিক উপাদানে। শৌচ কৰোঁতে অধিক জোৰ দিবলগা হোৱা, কঠিন মল, শৌচ খোলোচা নোহোৱা আদি কোষ্ঠকাঠিন্যৰ কিছুমান সাধাৰণ লক্ষণ। এনে লক্ষণে দেখা দিলেই আমি সাৱধান হৈ পৰা উচিত।
যদি এনে লক্ষণ বহুদিনলৈ উলাই কৰি থাকে, কোষ্ঠকাঠিন্যৰ সমস্যাই পাইলছৰ দৰে সমস্যাৰ সৃষ্টি কৰাৰ সম্ভাৱনা বৃদ্ধি পায়। গতিকে, কোষ্ঠকাঠিন্যক একেবাৰেই সহজভাৱে ল’ব নালাগে। সাধাৰণতে খাদ্যাভ্যাসৰ পৰিৱৰ্তন কৰি কোষ্ঠকাঠিন্যৰ সমস্যা সহজেই এৰাই চলিব পাৰি। অৱশ্যে ঘৰুৱা উপায়ৰ জৰিয়তেও কোষ্ঠকাঠিন্যৰ পৰা সকাহ লাভ কৰিব পাৰি। এই ক্ষেত্ৰত আয়ুৰ্বেদে আপোনাক সহায় কৰিব।
আয়ুৰ্বেদত কোষ্ঠকাঠিন্যৰ চিকিৎসাৰ বাবে ত্ৰিফলা ব্যৱহাৰ কৰা হয়। আমলখি, শিলিখা আৰু ভোমোৰা গুটি- এই তিনিটা ফল শুকুৱাই গুড়ি কৰি ত্ৰিফলা তৈয়াৰ কৰা হয়। পেট পৰিষ্কাৰ কৰাৰ বাবে এই বনৌষধি অতি উত্তম। পুৱা ত্ৰিফলা মিহলাই লোৱা পানী খালে পেট পৰিষ্কাৰ হয়। শৰীৰৰ পৰা ক্ষতিকাৰক পদাৰ্থ আঁতৰ কৰাৰ বাবে এই পানীয় অত্যন্ত উপযোগী।
ত্ৰিফলা পানীয়ে অন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাৰ লগতে অন্ত্ৰৰ প্ৰদাহ কমোৱাতো সহায় কৰে। আনকি ত্ৰিফলাই গেছ, অৰ্শ, বদহজম আদি সমস্যা দূৰ কৰাত সহায় কৰে। ইয়াৰ ফলত কোষ্ঠকাঠিন্যৰ সমস্যাও কমি যায়। কোষ্ঠকাঠিন্য দূৰ কৰাৰ উপৰিও ত্ৰিফলাই বিপাকীয় হাৰ বৃদ্ধিতো সহায় কৰে। ইয়াৰ দ্বাৰা পাচনতন্ত্ৰৰ সমস্যাৰ পৰা সকাহ পোৱাৰ লগতে ওজন নিয়ন্ত্ৰণতো সহায়ক হয়।
ওজন কমাবলৈ ত্ৰিফলা পানীও খাব পাৰে। এই আয়ুৰ্বেদিক ঔষধ বজাৰত ক্ৰয় কৰিবলৈ পোৱা যায়। বিভিন্ন প্ৰতিষ্ঠানৰ দ্বাৰা নিৰ্মিত এই ঔষধ বজাৰত উপলব্ধ। এচামুচ ত্ৰিফলা গুড়ি এগিলাচ পানীত ৰাতি তিয়াই থৈ পুৱা খালী পেটত এই পানী খাব লাগে। ইচ্ছানুসাৰে এই পানীত ১ চামুচ মৌ দিব পাৰে। এই পানীয়ই আপোনাৰ দেহত অমৃতৰ দৰে কাম কৰিব।